গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ ৰোধৰ অৰ্থে গ্ৰহণ কৰা ব্যৱস্থাসমূহ

পোষ্ট কৰা হৈছে: 10 MAR 2026 3:27PM by PIB Guwahati

ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ত পোন-প্ৰথমবাৰৰ বাবে নাৰী আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধ সম্পৰ্কীয় বিধানসমূহত অগ্ৰাধিকাৰ প্ৰদানেৰে এইসমূহক এটা অধ্যায়ৰ অধীনত ৰখা হৈছে। মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বাবে মৃত্যুদণ্ড পৰ্য্যন্ত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। ১৮ বছৰ-অনূৰ্ধ মহিলাক দলবদ্ধ ধৰ্ষণৰ শাস্তি হ’ল যাৱজ্জীৱন কাৰাদণ্ড। বিবাহ, কৰ্মসংস্থাপন, পদোন্নতি আদিৰ মিছা প্ৰতিশ্ৰুতিৰে যৌন সম্পৰ্ক স্থাপনৰ নতুন অপৰাধো ইয়াত সন্নিৱিষ্ট হৈছে। ইয়াৰ উপৰিও ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ত মানৱ সৰবৰাহৰ অপৰাধ আৰু সৰবৰাহ কৰা শিশুক যৌন শোষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে। নতুন ফৌজদাৰী আইনসমূহত মহিলাৰ সৈতে জড়িত মূল বিধানসমূহ পৰিশিষ্টত উল্লেখ কৰা হৈছে।

ন্যায়িক প্ৰক্ৰিয়াৰ গতি, ফলপ্ৰসূতা আৰু স্বচ্ছতা যথেষ্ট বৃদ্ধিৰ বাবে ই-চমন, ই-সাক্ষ্য আৰু ন্যায়-শ্ৰুতি (VC)-ৰ দৰে এপ্লিকেচন যুগুত কৰা হৈছে। ই-চমনে ইলেক্ট্ৰনিক মাধ্যমেৰে চমন প্ৰদানৰ সুবিধা প্ৰশস্ত কৰিছে। ই-সাক্ষ্যই ডিজিটেল প্ৰমাণৰ বৈধ, বৈজ্ঞানিক আৰু টেম্পাৰ-প্ৰুফ সংগ্ৰহ, সংৰক্ষণ আৰু ইলেক্ট্ৰনিকভাৱে দাখিলৰ পথ প্ৰশস্ত কৰিছে। ইয়াৰ ফলশ্ৰুতিত প্ৰামাণ্যতা নিশ্চিত আৰু পলম হ্ৰাস পাইছে। ন্যায়-শ্ৰুতি (VC)-এ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অভিযুক্ত ব্যক্তি, সাক্ষী, আৰক্ষী বিষয়া, প্ৰচিকিউটৰ, বৈজ্ঞানিক বিশেষজ্ঞ, বন্দী আদিৰ ভাৰ্চুৱেল উপস্থিতিৰ সুবিধা প্ৰদান কৰিছে।

মহিলা আৰু শিশুক সুৰক্ষা প্ৰদানৰ ব্যৱস্থা

  1. ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ৰ নতুন পঞ্চম অধ্যায়ত মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধক আন সকলো অপৰাধতকৈ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে।
  2. ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ত দলবদ্ধ ধৰ্ষণৰ বলি হোৱা নাবালিকাৰ বয়সৰ পাৰ্থক্য নাইকিয়া কৰা হৈছে। ইয়াৰ পূৰ্বে ১৬ বছৰ আৰু ১২ বছৰ অনূৰ্ধ ছোৱালী এজনীক দলবদ্ধ ধৰ্ষণৰ ক্ষেত্ৰত ভিন্ন শাস্তি নিৰ্ধাৰণ কৰা হৈছিল। এই বিধান সংশোধনেৰে এতিয়া ওঠৰ বছৰৰ তলৰ মহিলাক দলবদ্ধ ধৰ্ষণ কৰিলে আজীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডৰ শাস্তিৰ ব্যৱস্থা আছে।
  3. মহিলাসকলক পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্য হিচাপে স্বীকৃতি দিয়া হৈছে যিয়ে চমন কৰা ব্যক্তিজনৰ হৈ চমন লাভ কৰিব পাৰে। পূৰ্বে ‘কোনো প্ৰাপ্তবয়স্ক পুৰুষ সদস্য’ৰ ঠাইত এতিয়া ‘কোনো প্ৰাপ্তবয়স্ক সদস্য’ বুলি লিখা হৈছে।
  4. ভুক্তভোগীক অধিক সুৰক্ষা প্ৰদান কৰিবলৈ আৰু ধৰ্ষণৰ অপৰাধৰ সৈতে জড়িত তদন্তৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ আৰক্ষীয়ে অডিঅ’-ভিডিঅ’ মাধ্যমৰ জৰিয়তে ভুক্তভোগীৰ বক্তব্য ৰেকৰ্ড কৰিব লাগিব।
  5. মহিলাৰ বিৰুদ্ধে সংঘটিত কেতবোৰ অপৰাধৰ ক্ষেত্ৰত ভুক্তভোগীৰ বক্তব্য যিমানদূৰ সম্ভৱ মহিলা দণ্ডাধীশে আৰু তেওঁৰ অনুপস্থিতিত এগৰাকী মহিলাৰ উপস্থিতিত পুৰুষ দণ্ডাধীশে লিপিবদ্ধ কৰিব লাগে।
  6. ধৰ্ষণৰ ভুক্তভোগীৰ চিকিৎসা প্ৰতিবেদন ৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়ালৈ প্ৰেৰণ কৰিবলৈ মেডিকেল প্ৰেকটিচনাৰ বাধ্যতামূলক।
  • vii. মহিলা, ১৫ বছৰ-অনূৰ্ধ, ৬০ বছৰ-উৰ্ধ আৰু বিশেষভাৱে সক্ষম তথা অধিক অসুস্থ লোকক থানালৈ যোৱাৰ পৰা ৰেহাই দিয়া হৈছে।
  1. নতুন আইন অনুসৰি মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বলি হোৱাসকলক সকলো চিকিৎসালয়তে বিনামূলীয়া প্ৰাথমিক চিকিৎসা বা চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাই প্ৰত্যাহ্বানমূলক সময়ত ভুক্তভোগীসকলৰ মংগল আৰু আৰোগ্য লাভত অগ্ৰাধিকাৰ প্ৰদানেৰে অত্যাৱশ্যকীয় চিকিৎসা সেৱাৰ তাৎক্ষণিক সুবিধা নিশ্চিত কৰে।
  2. অপৰাধ সংঘটিত কৰিবলৈ শিশুক নিযুক্তি দিয়া বা নিয়োগ কৰা কাৰ্য্যক ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ৰ ধাৰা ৯৫-ৰ অধীনত শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা হয়, য’ত ন্যূনতম সাত বছৰৰ কাৰাদণ্ডৰ শাস্তি তথা দহ বছৰলৈকে বৃদ্ধিৰ ব্যৱস্থা আছে। এই বিধানৰ লক্ষ্য হৈছে অপৰাধ সংঘটিত কৰাৰ বাবে শিশুক নিয়োগ কৰাত গেং বা গোটক বাধা দিয়া।

গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।

***

RK/RR/PR/PS/SK/SB
 


(ৰিলিজ আই ডি : 2237604) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil , Telugu