প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে দিল্লীত ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে
পোষ্ট কৰা হৈছে:
08 MAR 2026 6:51PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে।
এক্স-ৰ এলানি প’ষ্টত শ্ৰী মোদীয়ে কয়;
“দিল্লীৰ সৰোজিনী নগৰৰ জিপিআৰএ কোৱাৰ্টাৰত নতুন গৃহৰ চাবি মহিলা আবন্টিতসকলক গতাই দি মই আনন্দিত হওঁ। চৰকাৰী কৰ্মচাৰী সকলৰ বাবে আধুনিক সুবিধাৰে সজ্জিত এই গৃহসমূহ আন্তঃগাঁথনি উন্নয়নৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ এক শক্তিশালী উদাহৰণ।”
“আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত জিপিআৰএ কোৱাৰ্টাৰ নিৰ্মাণত উল্লেখযোগ্য অৱদান আগবঢ়োৱা আমাৰ মহিলাসকলৰ সৈতে মত-বিনিময় কৰি মই এক নতুন শক্তি অনুভৱ কৰো।”
“আজি দিল্লী মেট্ৰ' বিষয়ক এখন প্ৰদৰ্শনী চোৱাৰ সুযোগ পাওঁ। এই প্ৰদৰ্শনীৰ জৰিয়তে মই দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা মেট্ৰ' ৰেলে দিল্লীবাসীৰ জীৱনক কেনেকৈ অধিক সুগম আৰু সুবিধাজনক কৰি তুলিছে, তাৰ উমান পাওঁ।”
“আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত মই মোৰ মাতৃ, ভগ্নী আৰু কন্যাসকলৰ সৈতে মত-বিনিময় কৰাৰ সুযোগ পাওঁ। এই সময়ছোৱাত নাৰীসকলৰ আত্মবিশ্বাস দেখি মই গৌৰৱ অনুভৱ কৰো।”
“আজি মই নতুন দিল্লীৰ মহিলাসকলক আয়ুষ্মান কাৰ্ড আৰু স্বনিধি ক্ৰেডিট কাৰ্ড প্ৰদানৰ সৌভাগ্য লাভ কৰো। এয়া তেওঁলোকৰ স্বাস্থ্য সুৰক্ষা আৰু অৰ্থনৈতিক সবলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।”
“দিল্লীৰ মোৰ পৰিয়ালৰ সদস্যসকলৰ উন্নয়ন সাধনত উৎসাহ আৰু উত্তেজনাই মোক আৱৰি ধৰিছে।”
“দিল্লীৰ উন্নয়ন সমগ্ৰ দেশৰ ভাবমূর্তিৰ সৈতে জড়িত। সেয়েহে মেট্ৰ’ৰ সুবিধাকে প্ৰমুখ্য কৰি ইয়াত আন্তঃগাঁথনিৰ দ্ৰুত সম্প্ৰসাৰণ দেখি মই অতিশয় আনন্দিত হৈছো।”
“আপদৰ পন্থা আছিল কম কাম আৰু অধিক অজুহাত। কিন্তু আজি দিল্লীৰ উন্নয়নৰ আৰ্হি হ’লঃ কোনো অজুহাত নাই, কাম আৰম্ভ হোৱা।”
“আমাৰ চৰকাৰে পথ বিক্ৰেতাসকললৈ স্বনিধি ক্ৰেডিট কাৰ্ডৰ বাবে অভিযান আৰম্ভ কৰিছে। এই কাৰ্ডখন দৰিদ্ৰসকলৰ আত্মসন্মানৰ এক নতুন মাধ্যম হৈ পৰিছে।”
“আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা মই গৌৰৱেৰে কওঁ যে দেশৰ তিনি কোটি মহিলাক লাখপতি দিদি কৰাৰ প্ৰতিশ্ৰুতি পূৰণ হ’ল। আজি আমি আৰু ৩ কোটি দিদিক লাখপতি কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো।”
“আজি দেশত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হৈছে আৰু কালি পশ্চিম বংগৰ টিএমচি চৰকাৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক গুৰুতৰভাৱে অপমান কৰিছিল। তেওঁৰ কাৰ্য্যসূচীত অব্যৱস্থা দেখা গৈছিল। পশ্চিম বংগৰ বিদ্বান ৰাইজে এগৰাকী মহিলাক অপমান কৰা, এগৰাকী আদিবাসীক অপমান কৰা আৰু দেশৰ সন্মানীয় ৰাষ্ট্ৰপতিক অপমান কৰাৰ বাবে টিএমচিক কেতিয়াও ক্ষমা নকৰে।”
******
MJPS/ST/SB
(ৰিলিজ আই ডি : 2236856)
অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam