প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰ-নিৰ্মাণত নাৰী শক্তিৰ ভূমিকা সম্পৰ্কীয় এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে

পোষ্ট কৰা হৈছে: 07 MAR 2026 2:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।

প্ৰবন্ধটোত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰই নাৰী শক্তিক উদযাপন কৰাৰ লগে-লগে ভাৰতৰ কাহিনীক এক বলিষ্ঠ ঐতিহাসিক উত্তৰাধিকাৰ সম্বলিত ইয়াৰ নাৰীসকলৰ শক্তিয়ে সমৃদ্ধ কৰিছে। ইয়াৰ উপৰিও বিকশিত ভাৰতৰ দিশে যাত্ৰাত “কেয়াৰ ইকনমি”ক এক গুৰুত্বপূৰ্ণ ভেটি বুলিও অভিহিত কৰা হৈছে।

এক্স-ত প্ৰবন্ধটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে কয়;

“ৰাষ্ট্ৰই নাৰী শক্তিক উদযাপন কৰাৰ লগে-লগে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী @Annapurna4BJP-এ ভাৰতৰ কাহিনীক এক বলিষ্ঠ ঐতিহাসিক উত্তৰাধিকাৰ সম্বলিত ইয়াৰ নাৰীসকলৰ শক্তিয়ে সমৃদ্ধ কৰিছে বুলি লিখিছে।

তেওঁ বিকশিত ভাৰতৰ দিশে যাত্ৰাত “কেয়াৰ ইকনমি”ক এক গুৰুত্বপূৰ্ণ ভেটি বুলিও অভিহিত কৰিছে।”

 

***********

MJPS/ST/SB
 


(ৰিলিজ আই ডি : 2236457) অতিথি কক্ষ : 9