প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজস্থানৰ আজমেৰত দেশজোৰা এইচ পি ভি টিকাকৰণ অভিযান আৰু ১৭,০০০ কোটি টকাৰ উন্নয়ন প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ আভাস শ্বেয়াৰ কৰে
পোষ্ট কৰা হৈছে:
28 FEB 2026 8:44PM by PIB Guwahati
ৰাজস্থানৰ আজমেৰত দেশব্যাপী এইচ পি ভি টিকাকৰণ অভিযান আৰু ১৭,০০০ কোটি টকা মূল্যৰ উন্নয়ন প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণৰ আভাস শ্বেয়াৰ কৰিছে।
এক্সত দিয়া ধাৰাবাহিক পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়;
"আমাৰ চৰকাৰ সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই ক্ষেত্ৰত আজি আমি আজমেৰৰ পৰা দেশজোৰা এইচ পি ভি টিকাকৰণ অভিযান আৰম্ভ কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰাৰ লগতে যুৱক-যুৱতীসকলক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ সৌভাগ্য লভিলো।"
"বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে যুৱক-যুৱতীসকলক সবলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আজমেৰত থকা আমাৰ যুৱ সহকৰ্মীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰি মই অতি সুখী।"
"আজমেৰৰ অনুষ্ঠানলৈ ৰাজস্থানৰ পৰা বৃহৎ সংখ্যাত অহা আমাৰ পৰিয়ালসমূহৰ উৎসাহে প্ৰতিফলিত কৰিছে যে তেওঁলোকে ডাবল ইঞ্জিন চৰকাৰৰ সৰ্বাংগীন উন্নয়নমূলক কামক লৈ কিমান উৎসাহিত।"
সাহসী নাৰীৰ ভূমি ৰাজস্থানৰ আজমেৰৰ পৰা সমগ্ৰ দেশৰ কন্যা সন্তানৰ বাবে এইচ পি ভি টিকাকৰণ অভিযান আৰম্ভ কৰি দেশৰ মহিলাসকলক সুস্থ আৰু সবল কৰি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
"কংগ্ৰেছে সমগ্ৰ দেশতে ধাৰাবাহিক পৰাজয়ৰ সন্মুখীন হৈছে, আৰু ক্ষোভত ভাৰতক বদনাম কৰি প্ৰতিশোধ লৈছে। গ্ল'বেল এআই শীৰ্ষ সন্মিলনত বিদেশী অতিথিৰ সন্মুখত ভাৰতক লজ্জিত কৰাৰ প্ৰচেষ্টাই এই কথা প্ৰমাণ কৰিছে।"
"ডাবল ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই ৰাজস্থানৰ আমাৰ কৃষক ভাই-ভনীসকল জলসিঞ্চন প্ৰকল্পৰ দ্বাৰা যথেষ্ট উপকৃত হৈছে। ইয়াৰ পৰা কংগ্ৰেছৰ অপশাসন আৰু বিজেপিৰ সুশাসনৰ পাৰ্থক্য স্পষ্টৰূপত পৰিস্ফূট হৈছে।"
‘আজমেৰৰ পৰা আজি ৰাষ্ট্ৰীয় এইচ পি ভি টিকাকৰণ অভিযান আৰম্ভ হৈছে ছাৰ্ভাইকেল কেন্সাৰৰ বিৰুদ্ধে।এই অভিযানৰ অংশ হিচাপে আজমেৰৰ পৰা অহা মনীষা ৰাৱাট এই প্ৰতিষেধক গ্ৰহণ কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হৈছে।এয়া মহিলাৰ স্বাস্থ্য উন্নত কৰাৰ বাবে এক বৃহৎ পদক্ষেপ।”
“চাৰ্ভাইকেল কেন্সাৰৰ বিৰুদ্ধে এইচ পি ভি টিকাকৰণ অভিযান আৰম্ভ কৰাৰ পিছত আজি টিকাকৰণ কৰা মোৰ যুৱ বন্ধুসকলৰ সৈতে কথা পাতিলোঁ।এয়া আমাৰ কন্যা আৰু মাতৃসকলৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ।”
****
MJPS/Dr. Pavan Khedkar/DM
(ৰিলিজ আই ডি : 2234165)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam