প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চন্দ্ৰ শেখৰ আজাদক তেওঁৰ শ্বহীদ দিৱসত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনঃ তেওঁৰ জীৱনৰ পাঠসমূহৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ
পোষ্ট কৰা হৈছে:
27 FEB 2026 9:13AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শ্বহীদ দিৱসত ভাৰত মাতৃৰ সাহসী পুত্ৰ কিংবদন্তি বিপ্লৱী চন্দ্ৰ শেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে আজাদে ভাৰত মাতৃক দাসত্বৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ নিজৰ সকলো ত্যাগ কৰিছিল আৰু ইয়াৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব।
অমৰ বিপ্লৱীৰ উত্তৰাধিকাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে চন্দ্ৰ শেখৰ আজাদৰ জীৱনে প্ৰদৰ্শন কৰে যে অন্যায়ৰ বিৰুদ্ধে দৃঢ়ভাৱে থিয় দিয়াৰ সংকল্পই হৈছে প্ৰকৃত বীৰত্বৰ সাৰমৰ্ম। শ্ৰী মোদীয়ে লগতে কয় যে মাতৃভূমিৰ বাবে তেওঁৰ ত্যাগৰ কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত শ্বেয়াৰ কৰে;
‘ভাৰত মাতৃৰ সাহসী পুত্ৰ চন্দ্ৰ শেখৰ আজাদক তেওঁৰ শ্বহীদ দিৱসত মই তেওঁক আদৰেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ ভাৰত মাতৃক দাসত্বৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ সকলো ত্যাগ কৰিছিল, যাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব’।
‘অমৰ বিপ্লৱী চন্দ্ৰশেখৰ আজাদৰ জীৱনে দেখুৱাই যে অন্যায়ৰ বিৰুদ্ধে দৃঢ়ভাৱে থিয় দিয়াৰ সংকল্পই হৈছে প্ৰকৃত বীৰত্ব। মাতৃভূমিৰ বাবে তেওঁৰ ত্যাগৰ কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব’।
न हि शौर्यात्परं किञ्चित् त्रिषु लोकेषु विद्यते।
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम् ।।”
‘তিনিওখন পৃথিৱীত সাহসিকতাতকৈ উৎকৃষ্ট কোনো উপাদান নাই। বীৰত্ব হৈছে জীৱন্ত আৰু নির্জীব পৃথিৱীখনক পুষ্টি তথা সুৰক্ষা প্ৰদান কৰা মৌলিক শক্তি। সকলো সাংসাৰিক মৰ্যাদা, সমৃদ্ধি আৰু কৰ্তব্য কেৱল সাহসীৰ বীৰত্বতে বিদ্যমান’।
MJPS/PKK/MK
(ৰিলিজ আই ডি : 2233421)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam