প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গ্ৰীচৰ হেলেনিক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছ’টাকিছৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
পোষ্ট কৰা হৈছে:
19 FEB 2026 7:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ফেব্ৰুৱাৰী, ২০২৬ত এআই ইম্পেক্ট সন্মিলন উপলক্ষে গ্ৰীচৰ হেলেনিক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী কিৰিয়াকোছ মিটছ'টাকিছৰ সৈতে বৈছকত মিলিত হয়। গ্ৰীচৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৮-১৯ ফেব্ৰুৱাৰী, ২০২৬ত নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়া এআই ইম্পেক্ট সন্মিলন ২০২৬ত অংশগ্ৰহণ কৰাৰ বাবে ভাৰত ভ্ৰমণলৈ আহিছে। বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী মিটছ'টাকিছৰ সৈতে ডিজিটেল প্ৰশাসন মন্ত্ৰী শ্ৰী ডিমিত্ৰিওছ পাপাষ্টাৰ্জিঅ’ আৰু জ্যেষ্ঠ বিষয়াসকলৰ এটা প্ৰতিনিধি দল উপস্থিত থাকে।
দুয়োগৰাকী নেতাই দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ সমগ্ৰ দিশ পৰ্যালোচনা কৰি উল্লেখ কৰে যে বিভিন্ন ক্ষেত্ৰত অংশীদাৰিত্ব অবিৰত গতিৰে বৃদ্ধি পাইছে। আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় আগ্ৰহৰ বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময়ৰ উপৰি দুয়োগৰাকী নেতাই আগ্ৰহৰ নতুন ক্ষেত্ৰসমূহত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে অগ্ৰসৰ হোৱা পথৰ বিষয়েও আলোচনা কৰে। শেহতীয়া সংযোগৰ পদক্ষেপ আৰু আইএমইচিৰ অধীনত ইয়াক আৰু অধিক সম্প্ৰসাৰণৰ সম্ভাৱনাক দুয়োগৰাকী নেতাই শলাগ লয়।
দুয়োগৰাকী নেতাই এই কথাত সহমত প্ৰকাশ কৰে যে শেহতীয়াকৈ উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ আদান-প্ৰদানে কৌশলগত অংশীদাৰিত্বক এক নতুন গতি প্ৰদান কৰিছে আৰু সদ্য সমাপ্ত ভাৰত–ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ নতুন পথ মুকলি কৰিব।
এয়া আছিল প্ৰধানমন্ত্ৰী মিটছ'টাকিছৰ দ্বিতীয়টো ভাৰত ভ্ৰমণ; ইয়াৰ পূৰ্বে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ ভাৰত ভ্ৰমণ কৰিছিল। সেয়া ১৫ বছৰৰ পিছত গ্ৰীচৰ চৰকাৰৰ মুৰব্বীৰ প্ৰথম ভাৰত ভ্ৰমণ আছিল। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ আগষ্ট, ২০২৩ত এথেন্স ভ্ৰমণ কৰিছিল। সেই সময়ত দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল।
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2230548)
অতিথি কক্ষ : 4