প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

পোষ্ট কৰা হৈছে: 19 FEB 2026 8:48AM by PIB Guwahati

ছত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দূৰদৰ্শী নেতা, ব্যতিক্ৰমী প্ৰশাসক, কৌশলগত চিন্তাবিদ আৰু স্বৰাজ্যৰ বিজয়ী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে শিৱাজী মহাৰাজৰ সাহসে অনুপ্ৰেৰণা অব্যাহত ৰাখিছে, তেওঁৰ শাসনে পথ প্ৰদৰ্শক হিচাপে কাম কৰিছে আৰু তেওঁৰ ন্যায় তথা আত্মসন্মানৰ মনোভাৱে আজিও সমাজক শক্তিশালী কৰি তোলাত অৰিহণা যোগাই আহিছে।

তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ছত্ৰপতি শিৱাজী মহাৰাজে সদায় প্ৰতিগৰাকী ব্যক্তিৰ কল্যাণক সকলোৰে উৰ্ধত ৰাখিছিল আৰু তেওঁলোকৰ সুৰক্ষাৰ বাবে নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গিত কৰিছিল। এই প্ৰতিশ্ৰুতিৰ বাবেই তেওঁৰ জীৱন প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি ভাৰতৰ বাবে এক পথপ্ৰদৰ্শক হৈ আছে।

এক্সৰ পৃথক পোষ্টত শ্ৰী মোদীয়ে কৈছেঃ

‘ছত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তীত আমি দূৰদৰ্শী নেতা, ব্যতিক্ৰমী প্ৰশাসক, কৌশলগত চিন্তাবিদ আৰু স্বৰাজ্যৰ বিজয়ী গৰাকীক শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।

তেওঁৰ সাহসে আমাক অনুপ্ৰাণিত কৰক, তেওঁৰ শাসনে আমাক পথ প্ৰদৰ্শন কৰক আৰু তেওঁৰ ন্যায় আৰু আত্মসন্মানৰ মনোভাৱে আমাৰ সমাজক শক্তিশালী কৰক’।

“छत्रपती शिवाजी महाराज यांच्या जयंतीनिमित्त, दूरदर्शी नेते, कुशल प्रशासक, विलक्षण रणनीतीकार आणि स्वराज्याचे पुरस्कर्ते अशा महान व्यक्तिमत्त्वाला आम्ही साष्टांग नमन करतो.

त्यांचे शौर्य आपल्याला प्रेरणा देईल, त्यांचे सुशासन आपल्यासाठी मार्गदर्शक ठरेल आणि न्याय स्वाभिमानाची त्यांची भावना आपल्या समाजाला अधिक सक्षम करेल.”

এটা সংস্কৃত শ্লোকৰ উদ্ধৃতি দি শ্ৰী মোদীয়ে আন এটা পোষ্টত লিখিছেঃ

“छत्रपति शिवाजी महाराज ने जन-जन के कल्याण को सदैव सर्वोपरि रखा और उनकी सुरक्षा के लिए स्वयं को समर्पित कर दिया। इसलिए उनका जीवन आज भी भारतवर्ष के लिए पथ-प्रदर्शक बना हुआ है।

गोपायितारं दातारं धर्मनित्यमतन्द्रितम्।

अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः।।”

 

                                 ****

MJPS/SR/MK


(ৰিলিজ আই ডি : 2230091) অতিথি কক্ষ : 9