পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
কুনো ৰাষ্ট্ৰীয় উদ্যানত তিনিটা চিতা বাঘৰ পোৱালি জন্ম হোৱা বুলি কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰীৰ ঘোষণা
ভাৰতত জন্মগ্ৰহণ কৰা চিতা বাঘৰ পোৱালিৰ সংখ্যা ২৭লৈ বৃদ্ধি; মুঠ চিতা বাঘৰ সংখ্যা ৩৮
পোষ্ট কৰা হৈছে:
18 FEB 2026 11:01AM by PIB Guwahati
কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে আজি কুনো ৰাষ্ট্ৰীয় উদ্যানত তিনিটা চিতা বাঘৰ পোৱালি জন্ম হোৱাৰ তথ্য লাভ কৰা বুলি ঘোষণা কৰে।
সামাজিক মাধ্যম ‘এক্স’ৰ এটা পোষ্টত শ্ৰী যাদৱে উল্লেখ কৰিছে যে দক্ষিণ আফ্ৰিকাৰ চিতা বাঘ গামিনী দ্বিতীয়বাৰৰ বাবে মাতৃ হৈছে আৰু বাঘটোৰ কেইটামান পোৱালি জন্ম হৈছে। দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ চিতা বাঘ লৈ অহাৰ তিনি বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে এই পোৱালিকেইটাৰ জন্ম হয়।
ইয়াৰ লগে লগে ভাৰতৰ মাটিত নৱমবাৰৰ বাবে চিতা বাঘৰ সফল প্ৰজনন নথিভুক্ত কৰা হৈছে। ভাৰতত জন্মগ্ৰহণ কৰা চিতা বাঘৰ সংখ্যা এতিয়া ২৭ টালৈ বৃদ্ধি হৈছে। এই পোৱালিকেইটাৰ জন্মৰ লগে লগে ভাৰতৰ মুঠ চিতা বাঘৰ সংখ্যা ৩৮ত উপনীত হৈছে।
চিতা বাঘৰ প্ৰতিটো সফল প্ৰজননে চিতা প্ৰকল্পক শক্তিশালী কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে এই কাৰ্যসূচীত নিয়োজিত তৃণমূল পৰ্যায়ৰ কৰ্মচাৰী আৰু পশু চিকিৎসা দলসমূহৰ নিৰন্তৰ প্ৰচেষ্টা আৰু সমৰ্পণ প্ৰতিফলিত হৈছে।
‘কুনো তথা সমগ্ৰ ভাৰতৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত-গামিনী আৰু সৰু পোৱালি তিনিটা শক্তিশালী হওক আৰু দেশৰ চিতা পুনৰুজ্জীৱিত কৰাৰ কাহিনী দ্ৰুততা আৰু গৌৰৱেৰে আগুৱাই নিয়ক’, শ্ৰী যাদৱে কয়।
২০২২-২৩ত নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা ২০ টা চিতা বাঘ ভাৰতলৈ অহাৰ লগে লগে বিশ্বৰ প্ৰথমটো আন্তঃমহাদেশীয় বৃহৎ মাংসভোজী প্ৰাণীৰ স্থানান্তৰ সফলতাৰে সম্পূৰ্ণ হৈছিল।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰথম আঠটা চিতা বাঘ মুকলি কৰিছিল।
*****
VM/GS/DD
(ৰিলিজ আই ডি : 2229943)
অতিথি কক্ষ : 3