প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সংস্কৃত হিতোপদেশৰ উদ্ধৃতিৰে ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ শীৰ্ষ সন্মিলনক যুৱ শক্তি আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ প্ৰতিফলন বুলি প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 16 FEB 2026 8:29AM by PIB Guwahati

           প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত কৃত্ৰিম বুদ্ধিমত্তা  প্ৰভাৱ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আন্তৰ্জাতিক নেতা, উদ্ভাৱক আৰু বিশেষজ্ঞসকল ভাৰতত একত্ৰিত হোৱাৰ বাবে অপৰিসীম গৌৰৱ প্ৰকাশ কৰিছে। এই অনুষ্ঠান এক যুগান্তকাৰী মুহূৰ্ত হিচাপে উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সন্মিলনখন ভাৰতৰ যুৱপ্ৰজন্মৰ অপৰিসীম সম্ভাৱনা আৰু বিশ্ব প্ৰযুক্তিৰ দৃশ্যপটত ৰাষ্ট্ৰৰ বৰ্ধিত মৰ্যাদাৰ এক স্পষ্ট প্ৰতিফলন।

           প্ৰধানমন্ত্ৰীয়ে এটা প্ৰাচীন সংস্কৃত শ্লোকৰ উদ্ধৃতিৰে এক্স-ত প্ৰকাশ কৰেঃ

         "এয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে ইণ্ডিয়া এআই ইম্পেক্ট সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা মানুহ ভাৰতলৈ আহিছে। ই আমাৰ দেশৰ যুৱক-যুৱতীসকলৰ সামৰ্থ্যৰ প্ৰতিফলন। এই অনুষ্ঠানৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ দেশৰ দ্ৰুত অগ্ৰগতি তথা বিশ্বৰ উন্নয়নত ভাৰতৰ গুৰুত্বপূৰ্ণ অৱদান প্ৰতিস্ফূত হৈছে।

दाने तपसि शौचं च विज्ञानं विनये नये।

विस्मयो न हि कर्तव्यो बहुरत्ना वसुन्धरा।।”

***

MJPS/SR/DD


(ৰিলিজ আই ডি : 2228609) অতিথি কক্ষ : 6