প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হেৰাথ পোষ্টে উপলক্ষ্যে কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
15 FEB 2026 8:30AM by PIB Guwahati
কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ চহকী পৰম্পৰাক প্ৰতিফলিত কৰা পবিত্ৰ উৎসৱ হেৰাথ পোষ্টে উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ক শুভেচ্ছা জনায়। “এই ধাৰ্মিক অনুষ্ঠানত মই সকলোৰে জীৱনত সুস্থতা আৰু প্ৰাচুৰ্যতাৰ বাবে প্ৰাৰ্থনা জনাইছো। ই সফলতাৰ নতুন পথ মুকলি কৰক আৰু প্ৰতিখন ঘৰ আনন্দ তথা সন্তুষ্টিৰে ভৰাই তোলক”, শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
“হেৰাথ পষ্টে!
এই পবিত্ৰ উৎসৱে আমাৰ কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ চহকী পৰম্পৰাক প্ৰতিফলিত কৰে। এই ধৰ্মীয় অনুষ্ঠানত সকলোৰে জীৱনত সুস্থতা আৰু প্ৰাচুৰ্যতাৰ বাবে প্ৰাৰ্থনা জনাইছো। ই সফলতাৰ নতুন বাট মুকলি কৰক আৰু প্ৰতিখন ঘৰ আনন্দ তথা সন্তুষ্টিৰে ভৰাই তোলক।”
***
MJPS/VJ/DM
(ৰিলিজ আই ডি : 2228314)
অতিথি কক্ষ : 4