প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ই টি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
পোষ্ট কৰা হৈছে:
13 FEB 2026 9:59PM by PIB Guwahati
গ্ল’বেল বিজনেছ ছামিটলৈ আপোনালোক সকলোকে স্বাগতম; আপোনালোক প্ৰত্যেককে মই শুভেচ্ছা জনাইছো। আমি ইয়াত “বিঘিনিৰ এটা দশক, পৰিৱৰ্তনৰ এটা শতিকা” বিষয়টো আলোচনা কৰিবলৈ আহিছো। বিনীতজীৰ ভাষণ শুনাৰ পাছত অনুভৱ কৰোঁ মোৰ কামটো বহুত সহজ হৈ পৰিছে৷ কিন্তু এটা সৰু অনুৰোধ কৰিম : যিহেতু আপুনি ইমানখিনি জানে, গতিকে আপুনি অন্ততঃ কেতিয়াবা ইটিত উপস্থিত হোৱা উচিত।
বন্ধুসকল,
একবিংশ শতিকাৰ শেষৰ দশকটোত অভূতপূৰ্ব বাধা-বিঘিনি ঘটিছে। মাত্ৰ এটা দশকতে বিশ্বই বহু কথাই দেখিছে : বিশ্বজোৰা মহামাৰী, বিশ্বৰ বিভিন্ন ঠাইত উত্তেজনা, যুদ্ধ, আৰু যোগান শৃংখলৰ বিচ্ছিন্নতাই বিশ্বৰ ভাৰসাম্যক জোকাৰি গৈছে। কিন্তু বন্ধুসকল, কোৱা হয় যে সংকটৰ সময়তহে এখন দেশৰ শক্তি প্ৰকাশ পায়, আৰু মই অতি গৌৰৱান্বিত যে, ইমানবোৰ ব্যাঘাতৰ মাজতো এই দশকটো ভাৰতৰ বাবে অভূতপূৰ্ব উন্নয়ন, অসাধাৰণ ডেলিভাৰী আৰু গণতন্ত্ৰৰ শক্তিশালীকৰণৰ এটা দশক। পূৰ্বৰ দশক আৰম্ভ হোৱাৰ সময়ত ভাৰত আছিল একাদশ বৃহত্তম অৰ্থনীতি। এনে অস্থিৰতাৰ মাজতে ভাৰত আৰু তললৈ যাব পাৰে বুলি তীব্ৰ আশংকা সৃষ্টি হৈছিল। কিন্তু আজি ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। আৰু আপুনি যিটো “পৰিৱৰ্তনৰ শতিকা”ৰ কথা কৈছে, মই অতি দায়িত্বসহকাৰে কওঁ সেয়া ভাৰতৰ ওপৰত লক্ষণীয়ভাৱে নিৰ্ভৰশীল হ’ব। আজি ভাৰতে বিশ্বৰ উন্নয়নত ১৬ শতাংশতকৈ অধিক অৰিহণা যোগাইছে, আৰু মই নিশ্চিত যে এই শতিকাৰ আগন্তুক প্ৰতিটো বছৰত আমাৰ অৱদান ক্ৰমাগতভাৱে বৃদ্ধি পাই থাকিব। মই ইয়ালৈ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীৰ দৰে অহা নাই। ভাৰতে বিশ্বৰ উন্নয়নক পৰিচালনা কৰিব; ই বিশ্ব অৰ্থনীতিৰ নতুন ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিব।
বন্ধুসকল,
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত নতুন বিশ্ব ব্যৱস্থা গঢ় লৈ উঠিল। কিন্তু সাত দশকৰ পাছত সেই ব্যৱস্থা ছিন্ন-ভিন্ন হৈ পৰিছে। পৃথিৱীখন এতিয়া পুনৰ আন এটা নতুন বিশ্ব ব্যৱস্থাৰ দিশে আগবাঢ়িছে। কিয় এনেকুৱা হৈছে? কাৰণ তেতিয়া সৃষ্টি হোৱা ব্যৱস্থাটোৰ ভেটি "সকলোৰে বাবে এটা আকাৰ উপযুক্ত" ধাৰণাটোৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল। তেতিয়া বিশ্বাস কৰা হৈছিল যে বিশ্ব অৰ্থনীতি মূলত থাকিব আৰু যোগান শৃংখল শক্তিশালী তথা নিৰ্ভৰযোগ্য হ’ব। এই ব্যৱস্থাত ৰাষ্ট্ৰসমূহক কেৱল অৱদানকাৰী হিচাপেহে গণ্য কৰা হৈছিল। কিন্তু আজি এই আৰ্হিক প্ৰত্যাহ্বান জনোৱা হৈছে। ই প্ৰাসংগিকতা হেৰুৱাই পেলাইছে। আজি প্ৰতিখন দেশেই উপলব্ধি কৰিছে যে নিজৰ নিজৰ স্থিতিস্থাপকতা গঢ়ি তুলিব লাগিব।
বন্ধুসকল,
আজি বিশ্বই যি আলোচনা কৰিছে, ভাৰতে ইতিমধ্যে ২০১৫ চনত, ১০ বছৰতকৈও অধিক পূৰ্বে ইয়াক নিজৰ নীতিৰ অংশ কৰি লৈছিল। দহ বছৰ পূৰ্বে যেতিয়া নিটি আয়োগ গঠন কৰা হৈছিল, তেতিয়া ভাৰতে প্ৰতিষ্ঠা-পত্ৰত নিজৰ দৃষ্টিভংগী স্পষ্ট কৰি দিছিল। এই দৃষ্টিভংগী আছিল- ভাৰতে আন কোনো দেশৰ পৰা এটাও উন্নয়নৰ আৰ্হি আমদানি নকৰে। ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত আমি ভাৰতীয় পন্থা অৱলম্বন কৰিম। এই নীতিয়ে ভাৰতক নিজৰ প্ৰয়োজন আৰু নিজৰ স্বাৰ্থৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱাৰ আত্মবিশ্বাস দিছিল আৰু এইটোৱেই এটা ডাঙৰ কাৰণ যে, বিঘিনিৰ দশকতো ভাৰতৰ অৰ্থনীতি বিক্ষিপ্ত নোহোৱাকৈ শক্তিশালী হৈ থাকিল।
বন্ধুসকল,
আজি একবিংশ শতিকাৰ এই দশকত ভাৰতে ৰিফৰ্ম এক্সপ্ৰেছত আৰোহণ কৰিছে আৰু এই ৰিফৰ্ম এক্সপ্ৰেছৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্যটো হ’ল আমি বাধ্যবাধকতাৰ বাবে নহয়, বৰঞ্চ দৃঢ়তা আৰু সংস্কাৰৰ প্ৰতি দায়বদ্ধতাৰে ইয়াক ত্বৰান্বিত কৰিছো। ইয়াত বহুসংখ্যক মহান বিশেষজ্ঞ আৰু অৰ্থনৈতিক দিগগজ উপস্থিত আছে। আপোনালোকেও ২০১৪ চনৰ আগৰ সময়ছোৱা দেখিছে, পৰিস্থিতিয়ে বাধ্য নকৰালৈ, সংকটৰ সৃষ্টি নহ’লে, যেতিয়া আন কোনো বিকল্প বাকী নাথাকে তেতিয়ালৈ সংস্কাৰ কৰা নহৈছিল। মনত ৰাখিব, ১৯৯১ চনৰ সংস্কাৰো কাৰ্যকৰী হৈছিল যেতিয়া দেশখন দেউলীয়া হোৱাৰ ভাবুকিৰ সন্মুখীন হৈছিল। তেতিয়া দেশে নিজৰ সোণ বন্ধকত ৰাখিব লগা হৈছিল। পূৰ্বৰ চৰকাৰসমূহৰ এই পন্থা আছিল; তেওঁলোকে বাধ্যতামূলকভাৱেহে সংস্কাৰ ৰূপায়ণ কৰিব। ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ’ল, আৰু কংগ্ৰেছ চৰকাৰৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিলে, এন আই এ গঠন হ’ল। যেতিয়া বিদ্যুৎ খণ্ড বিধ্বস্ত হৈ গ্ৰীড বিকল হ’বলৈ ধৰিলে, তেতিয়া বাধ্যত পৰি কংগ্ৰেছ চৰকাৰৰ বিদ্যুৎ খণ্ডলৈ মনত পৰিল।
বন্ধুসকল,
এনে সংস্কাৰৰ এখন দীঘলীয়া তালিকা আছে, যি আমাক সোঁৱৰাই দিয়ে যেতিয়া বাধ্যবাধকতাৰে সংস্কাৰ ৰূপায়ণ কৰা হয় তেতিয়া সঠিক ফলাফল পোৱা নাযায়, দেশেও সঠিক ফলাফল নাপায়।
বন্ধুসকল,
আজি মই গৌৰৱান্বিত যে বিগত ১১ বছৰত আমি সম্পূৰ্ণ দৃঢ়তাৰে সংস্কাৰ সাধন কৰিছো। এই সংস্কাৰসমূহ কেৱল নীতি, প্ৰক্ৰিয়া, ডেলিভাৰীতেই নহয়, মানসিকতাতো হৈছে। কাৰণ বন্ধুসকল, যদি নীতি সলনি হয় কিন্তু প্ৰক্ৰিয়া একেই থাকে, মানসিকতা একেই থাকে, আৰু ডেলিভাৰী সঠিক নহয়, তেন্তে সংস্কাৰ কেৱল কাগজৰ টুকুৰা হৈয়েই থাকে। সেয়েহে আমি সমগ্ৰ ব্যৱস্থাটো সলনি কৰাৰ আন্তৰিক প্ৰচেষ্টা চলাইছো।
বন্ধুসকল,
যদি মই প্ৰক্ৰিয়াৰ কথা কওঁ, তেন্তে এটা সহজ কিন্তু অতি গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া হ’ল কেবিনেট নোট। ইয়াৰ বহুতে হয়তো উপলব্ধি কৰিছে যে পূৰ্বৰ চৰকাৰবোৰত এখন কেবিনেট নোট প্ৰস্তুত কৰিবলৈ কেইবামাহো সময় লাগিছিল। সেই গতিৰে দেশ কেনেকৈ বিকশিত হ’ব পাৰে? সেয়েহে আমি এই প্ৰক্ৰিয়াটো সলনি কৰিলোঁ। আমি সিদ্ধান্ত গ্ৰহণ সময়মতে আৰু প্ৰযুক্তি-চালিত কৰিলোঁ। আমি সিদ্ধান্ত লৈছিলো যে একেজন বিষয়াৰ টেবুলত কেতিয়াও কেবিনেট নোট এখন ইমান ঘণ্টাতকৈ বেছি নাথাকিব। হয় নাকচ কৰক, নহয় সিদ্ধান্ত লওক। আৰু ইয়াৰ ফল আজি দেশত দেখিবলৈ পোৱা গৈছে।
বন্ধুসকল,
ৰেলৱে অভাৰব্ৰিজৰ অনুমোদনৰ উদাহৰণ এটা দিওঁ। ইয়াৰ পূৰ্বে এই অনুমোদন পোৱাৰ বাবে বছৰ বছৰ লাগিছিল, অসংখ্য ক্লিয়াৰেন্সৰ প্ৰয়োজন হৈছিল, আৰু বহু ঠাইলৈ চিঠি-পত্ৰ লিখাৰ প্ৰয়োজন হৈছিল। মই ব্যক্তিগত কোম্পানীৰ কথা কোৱা, চৰকাৰৰ কথাহে কৈছোঁ। আমি এইটোও সলনি কৰিলোঁ, আৰু আজি চাওক, পথ আৰু ৰে’লৱেৰ আন্তঃগাঁথনি কিমান দ্ৰুতগতিত নিৰ্মাণ হৈ আছে। এই বিষয়ে বিনীতজীয়ে বহুত বিশদভাৱে বুজাই দিলে।
বন্ধুসকল,
এটা অতি আমোদজনক উদাহৰণ হ’ল সীমান্তৰ আন্তঃগাঁথনিৰ প্ৰসংগ। এতিয়া সীমান্তৰ আন্তঃগাঁথনি দেশৰ নিৰাপত্তাৰ সৈতে জড়িত হৈ পৰিছে। আপুনি কল্পনা কৰিব পাৰে, এটা সময় আছিল যেতিয়া সীমান্তৱৰ্তী অঞ্চলত সাধাৰণ পথ নিৰ্মাণৰ বাবেও দিল্লীৰ পৰা অনুমতিৰ প্ৰয়োজন হৈছিল। জিলা পৰ্যায়ত ইয়াৰ সন্মুখত কাৰ্যতঃ কোনো বিষয়া নাছিল; কেৱল বাধাহে আছিল, আৰু ই সিদ্ধান্ত ল’ব পৰা নাছিল। সেইবাবেই দশক দশক পিছতো আমাৰ দেশৰ সীমান্তৰ আন্তঃগাঁথনি ইমান দুৰ্বল হৈয়েই আছে। ২০১৪ চনৰ পিছত আমি এই প্ৰক্ৰিয়াটোৰ সংস্কাৰ কৰিলোঁ, স্থানীয় প্ৰশাসনক শক্তিশালী কৰিলোঁ আৰু আজি আমি দেশৰ সীমান্তৰ আন্তঃগাঁথনি দ্ৰুতগতিত বিকশিত হোৱা দেখিবলৈ পাইছো।
বন্ধুসকল,
বিগত দশকত বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰা এটা সংস্কাৰ হৈছে ভাৰতৰ ডিজিটেল পেমেণ্ট ব্যৱস্থা- ইউ পি আই। ই কেৱল এটা এপ নহয়; ই নীতি, প্ৰক্ৰিয়া আৰু ডেলিভাৰীৰ এক অসাধাৰণ অভিসৰণক প্ৰতিনিধিত্ব কৰে। যিসকলে কেতিয়াও বেংকিং আৰু বিত্তীয় সেৱা লাভ কৰাৰ কথা কল্পনাও কৰিব পৰা নাছিল, তেওঁলোকক এতিয়া ইউ পি আয়ে সেৱা আগবঢ়াইছে। ডিজিটেল ইণ্ডিয়া, ডিজিটেল পেমেণ্ট ছিষ্টেম, জন ধন-আধাৰ-ম’বাইল তিনিতৰপীয়া- এই সংস্কাৰবোৰ বাধ্যবাধকতাৰ বাবে নহয়, দৃঢ়তাৰ বাবেহে জন্ম হৈছিল। আমাৰ দৃঢ় বিশ্বাস আছিল যে পূৰ্বৰ চৰকাৰসমূহে কেতিয়াও ঢুকি নোপোৱা নাগৰিকসকলক অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰা। যিসকলৰ কেতিয়াও যত্ন লোৱা হোৱা নাছিল, মোদীয়ে তেওঁলোকক সন্মান আৰু ক্ষমতা প্ৰদান কৰে। সেইবাবেই এই সংস্কাৰসমূহ গ্ৰহণ কৰা হৈছিল, আৰু আমাৰ চৰকাৰে এই একে মনোভাৱেৰে আগবাঢ়িছে।
বন্ধুসকল,
ভাৰতৰ এই নতুন মানসিকতা আমাৰ বাজেটতো প্ৰতিফলিত হৈছে। ইয়াৰ পূৰ্বে বাজেটৰ বিষয়ে আলোচনা কৰাৰ সময়ত কেৱল ব্যয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছিল-কিমান ধন আবণ্টন কৰা হৈছে, কি সস্তা বা ব্যয়বহুল হৈ পৰিল। টেলিভিছনত বাজেটৰ আলোচনা মানে প্ৰায় সম্পূৰ্ণৰূপে আয়কৰ বৃদ্ধি হৈছে নে হ্ৰাস হৈছে সেই বিষয়তে কেন্দ্ৰীভূত হৈ থাকে, যেন দেশত ইয়াৰ বাহিৰে আন একোৱেই নাই। ঘোষণা কৰা নতুন ৰে’লৰ সংখ্যাই শিৰোনামত আধিপত্য বিস্তাৰ কৰিব, আৰু পিছলৈ কোনেও সুধিব নোৱাৰিব যে সেই ঘোষণাবোৰৰ কি হ’ল। সেয়েহে আমি বাজেটখন কেৱল ব্যয়কেন্দ্ৰিক হোৱাৰ পৰা ফলাফলকেন্দ্ৰিকলৈ ৰূপান্তৰিত কৰিলোঁ।
বন্ধুসকল,
বাজেটৰ বক্তৃতাৰ আন এটা উল্লেখযোগ্য পৰিৱৰ্তন হ’ল এইটো : ২০১৪ চনৰ আগতে বাজেটৰ বাহিৰত ঋণ লোৱাৰ বিষয়ে ব্যাপক আলোচনা হৈছিল। এতিয়া বাজেটৰ বাহিৰৰ সংস্কাৰৰ বিষয়ে আলোচনা হৈছে। বাজেটৰ কাঠামোৰ বাহিৰত আমি পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ ৰূপায়ণ কৰিলোঁ, পৰিকল্পনা আয়োগৰ ঠাইত নিটি আয়োগ স্থাপন কৰিলোঁ, ৩৭০ অনুচ্ছেদ আঁতৰাই তিন তালাকৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিলোঁ, আৰু নাৰী শক্তি বন্দন আইন গৃহীত কৰিলোঁ।
বন্ধুসকল,
বাজেটৰ ভিতৰত ঘোষণা হওক বা ইয়াৰ বাহিৰত হওক, ৰিফৰ্ম এক্সপ্ৰেছৰ গতি অব্যাহত আছে। মাত্ৰ যোৱা এটা বছৰতে আমি বন্দৰ আৰু সামুদ্ৰিক খণ্ডত সংস্কাৰ সাধন কৰিছো, জাহাজ নিৰ্মাণ উদ্যোগৰ বাবে অসংখ্য পদক্ষেপ লৈছো, জন বিশ্বাস আইনৰ অধীনত উন্নত সংস্কাৰ কৰিছো, শক্তি সুৰক্ষাৰ বাবে শান্তি আইন প্ৰণয়ন কৰিছো, শ্ৰম আইন সংস্কাৰ ৰূপায়ণ কৰিছো, ভাৰতীয় ন্যায় সংহিতা প্ৰৱৰ্তন কৰিছো, ৱাকফ আইন সংস্কাৰ কৰিছো, আৰু গ্ৰাম্য নিয়োগক প্ৰসাৰিত কৰিবলৈ নতুন জি ৰাম জি আইন প্ৰৱৰ্তন কৰিছো। বছৰটোৰ ভিতৰতে এনে অসংখ্য সংস্কাৰ হাতত লোৱা হৈছে।
বন্ধুসকল,
এইবাৰৰ বাজেটে ৰিফৰ্ম এক্সপ্ৰেছক আৰু অধিক আগুৱাই লৈ গৈছে। এইখন বাজেটৰ বহু মাত্ৰা আছে যদিও মই দুটা গুৰুত্বপূৰ্ণ কাৰকৰ বিষয়ে ক’ম- কেপেক্স আৰু প্ৰযুক্তি। বিগত বছৰবোৰৰ দৰেই এই বাজেটতো আন্তঃগাঁথনিৰ ব্যয় প্ৰায় ১৭ লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। কেপেক্সৰ উল্লেখযোগ্য বহুমুখীক প্ৰভাৱৰ বিষয়ে আপুনি সচেতন; ই দেশৰ ক্ষমতা আৰু উৎপাদনশীলতা বৃদ্ধি কৰে আৰু বহুতো খণ্ডত বৃহৎ পৰিসৰৰ নিয়োগ সৃষ্টি কৰে। পাঁচখন বিশ্ববিদ্যালয়ৰ টাউনশ্বিপ নিৰ্মাণ, টায়াৰ-২ আৰু টায়াৰ-৩ চহৰত চহৰৰ অৰ্থনৈতিক অঞ্চল সৃষ্টি, আৰু সাতটা নতুন দ্ৰুতবেগী ৰে’ল কৰিডৰ, এনে বাজেট ঘোষণা, সঁচা অৰ্থত, আমাৰ যুৱক-যুৱতীসকলৰ বাবে আৰু দেশৰ ভৱিষ্যতৰ বাবে উপযুক্ত বিনিয়োগ।
বন্ধুসকল,
যোৱা দশকত আমি প্ৰযুক্তি আৰু উদ্ভাৱনক বিকাশৰ মূল চালক হিচাপে গণ্য কৰি আহিছো। এই দৃষ্টিভংগীৰে আমি সমগ্ৰ দেশতে ষ্টাৰ্ট-আপ সংস্কৃতি আৰু হেকাথন সংস্কৃতিৰ প্ৰচাৰ কৰিলোঁ। আজি ভাৰতত দুই লাখৰো অধিক পঞ্জীয়নভুক্ত ষ্টাৰ্ট-আপ আছে, যি বিভিন্ন খণ্ডত কাম কৰি আছে। আমি আমাৰ যুৱক-যুৱতীসকলক উৎসাহিত কৰিলোঁ আৰু এনে এক মনোভাৱ গঢ়ি তুলিলোঁ যি ৰিস্ক লোৱাসকলক পুৰস্কৃত কৰে। ফলাফল আমাৰ সন্মুখত স্পষ্ট হৈ পৰিছে। এইবাৰৰ বাজেটে এই অগ্ৰাধিকাৰক আৰু অধিক শক্তিশালী কৰিছে। বিশেষকৈ বায়’ফাৰ্মা, অৰ্ধপৰিবাহী আৰু এআইৰ দৰে খণ্ডৰ বাবে উল্লেখযোগ্য ঘোষণা কৰা হৈছে।
বন্ধুসকল,
দেশৰ অৰ্থনৈতিক শক্তি বৃদ্ধি পোৱাৰ লগে লগে আমি ৰাজ্যসমূহৰো সমানুপাতিকভাৱে সবলীকৰণ কৰিছো। এইখিনিতে আন এটা তথ্য শ্বেয়াৰ কৰিম। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দহ বছৰৰ ভিতৰত ৰাজ্যসমূহে কৰ বিভাজন হিচাপে প্ৰায় ১৮ লাখ কোটি টকা লাভ কৰিছিল। ইয়াৰ বিপৰীতে ২০১৪ চনৰ পৰা ২০২৫ চনলৈকে ৰাজ্যসমূহক ৮৪ লাখ কোটি টকা দিয়া হৈছে। এই বছৰৰ বাজেটত প্ৰস্তাৱিত প্ৰায় ১৪ লাখ কোটি টকা যোগ কৰিলে আমাৰ চৰকাৰৰ অধীনত ৰাজ্যসমূহলৈ মুঠ কৰ বিভাজন প্ৰায় ১০০ লাখ কোটি টকা হ’ব। এই ধনৰাশি কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্য চৰকাৰলৈ হস্তান্তৰ কৰি নিজ নিজ অঞ্চলৰ উন্নয়নৰ পদক্ষেপসমূহ আগুৱাই লৈ গৈছে।
বন্ধুসকল,
আজিকালি ভাৰতৰ এফ টি এ-মুক্ত বাণিজ্য চুক্তিক লৈ যথেষ্ট চৰ্চা হৈছে। ইয়াত প্ৰৱেশ কৰাৰ লগে লগে কথা-বতৰাবোৰ ইতিমধ্যে আৰম্ভ হৈছিল, আৰু সমগ্ৰ বিশ্বতে বিশ্লেষণ চলি আছে। আজি অৱশ্যে আন এটা আমোদজনক দৃষ্টিভংগীৰ বিষয়ে কওঁ- হয়তো সংবাদ মাধ্যমে বিচৰাটো নহয়, বৰঞ্চ এয়া হয়তো উপযোগী হ’ব পাৰে। মোৰ দৃঢ় বিশ্বাস যে মই ক’বলৈ ওলোৱা কথাখিনিয়ে হয়তো আপোনালোকৰ মনতো ক্ৰিয়া কৰা নাই। আপুনি কেতিয়াবা ভাবিছেনে যে ২০১৪ চনৰ আগতে উন্নত ৰাষ্ট্ৰৰ সৈতে ইমান বিস্তৃত মুক্ত বাণিজ্য চুক্তি কিয় বাস্তৱায়িত নহ’ল? দেশ একেই আছিল, যুৱ শক্তি একেই আছিল, চৰকাৰী ব্যৱস্থা একেই আছিল- তেন্তে এতিয়া কি সলনি হ’ল? চৰকাৰৰ দৃষ্টিভংগী, নীতি আৰু উদ্দেশ্য, ভাৰতৰ সামৰ্থ্যৰ বাবে এই পৰিৱৰ্তন আহিল।
বন্ধুসকল,
এটা মুহূৰ্তৰ বাবে চিন্তা কৰক- যেতিয়া ভাৰতক “ফ্ৰেজাইল ফাইভ” অৰ্থনীতিৰ ভিতৰত লেবেল লগোৱা হৈছিল, আমাৰ লগত কোন জড়িত হ’লহেঁতেন? এখন গাঁৱত ধনী পৰিয়ালে নিজৰ ছোৱালীজনীক দৰিদ্ৰ ঘৰত বিয়া দিবলৈ সন্মত হ’বনে? তেওঁলোকে ইয়াক হেয়জ্ঞান কৰিব। বিশ্বত আমাৰ পৰিস্থিতি সেইটোৱেই আছিল। কেলেংকাৰী আৰু দুৰ্নীতিৰে আগুৰি থকা নীতিগত পক্ষাঘাতৰ মাজত যেতিয়া দেশখন আছিল, তেতিয়া ভাৰতৰ ওপৰত কোনে আস্থা ৰাখিব? ২০১৪ চনৰ আগতে ভাৰতৰ উৎপাদনৰ ভিত্তি অত্যন্ত দুৰ্বল আছিল। পূৰ্বৰ চৰকাৰবোৰে দ্বিধাবোধ কৰিছিল; ভাৰতৰ ওচৰলৈ প্ৰায় কোনোৱেই নাহিল, আৰু প্ৰচেষ্টা চলালেও তেওঁলোকে আশংকা কৰিছিল যে উন্নত ৰাষ্ট্ৰসমূহৰ সৈতে চুক্তিৰ ফলত সেই দেশসমূহে আমাৰ বজাৰসমূহ তেওঁলোকৰ সামগ্ৰীৰে ওপচাই পেলাব আৰু বজাৰবোৰ দখল কৰিব। সেই হতাশাৰ পৰিৱেশত ২০১৪ চনৰ আগতে ইউ পি এ চৰকাৰে মাত্ৰ চাৰিখন দেশৰ সৈতে ব্যাপক বাণিজ্যিক চুক্তি পৰিচালনা কৰিছিল। ইয়াৰ বিপৰীতে ভাৰতে বিগত দশকত সম্পন্ন কৰা বাণিজ্যিক চুক্তিসমূহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৩৮খন দেশক সামৰি লৈছে। আজি আমি বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিছো কাৰণ ভাৰত আত্মবিশ্বাসী৷ আজিৰ ভাৰত বিশ্বজুৰি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু। বিগত এঘাৰ বছৰত ভাৰতে এক শক্তিশালী উৎপাদন পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছে। গতিকে ভাৰত আজি সক্ষম আৰু ক্ষমতাশালী, সেইবাবেই বিশ্বই আমাক বিশ্বাস কৰে। এই ৰূপান্তৰে আমাৰ বাণিজ্য নীতিৰ মৌলিক পৰিৱৰ্তনৰ ভেটি গঠন কৰে, আৰু এই মৌলিক পৰিৱৰ্তনে আমাৰ বিকশিত ভাৰতৰ যাত্ৰাৰ এক অপৰিহাৰ্য স্তম্ভত পৰিণত হৈছে।
বন্ধুসকল,
আমাৰ চৰকাৰে সম্পূৰ্ণ সংবেদনশীলতাৰে কাম কৰি আছে, যাতে প্ৰতিজন নাগৰিকে উন্নয়নত অংশগ্ৰহণ কৰিব পাৰে। প্ৰগতিৰ দৌৰত পিছ পৰি থকাসকলক অগ্ৰাধিকাৰ দিয়া হৈছে। পূৰ্বৰ চৰকাৰসমূহে কেৱল বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবেহে ঘোষণা কৰিছিল; আমিও সেই পথটো আগবঢ়াই নিব পাৰিলোহেঁতেন। কিন্তু সংবেদনশীলতাই শাসন ব্যৱস্থাৰ সংজ্ঞা দিয়ে। মই দিবলগীয়া উদাহৰণটো আপোনালোকৰ মাজৰ কিছুমানৰ বাবে সৰু যেন লাগিব পাৰে। আমাৰ দেশত যেনেকৈ ভাষিক বৈচিত্ৰ্য আছে, সাংকেতিক ভাষাও খণ্ডিত আছিল- তামিলনাডুত এটা ৰূপ, উত্তৰ প্ৰদেশত আন এটা, গুজৰাটত তৃতীয়টো, অসমত চতুৰ্থ ৰূপ। যদি এখন ৰাজ্যৰ পৰা এজন বিশেষভাৱে সক্ষম ব্যক্তিয়ে আন এখন ৰাজ্যলৈ যাত্ৰা কৰিছিল, তেন্তে যোগাযোগ কঠিন হৈ পৰিছিল। এইটো এটা ডাঙৰ কাম যেন নালাগিবও পাৰে, কিন্তু স্পৰ্শকাতৰ চৰকাৰ এখনে এনে বিষয়ক তুচ্ছ বুলি নাভাবে। প্ৰথমবাৰৰ বাবে ভাৰতে ভাৰতীয় সাংকেতিক ভাষাক প্ৰতিষ্ঠানিক আৰু মান্যতা দিছে। একেদৰে তৃতীয় লিংগৰ সম্প্ৰদায়েও দীৰ্ঘদিন ধৰি নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰি আহিছিল; আমি তেওঁলোকক মৰ্যাদা আৰু সুৰক্ষা প্ৰদান কৰা আইন প্ৰণয়ন কৰিলোঁ। বিগত দশকত লাখ লাখ মহিলা তিনি তালাকৰ পশ্চাদপসৰণশীল প্ৰথাৰ পৰা মুক্ত হৈছিল, আৰু লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে সংৰক্ষণ নিশ্চিত কৰা হৈছিল।
বন্ধুসকল,
চৰকাৰী যন্ত্ৰৰ ভিতৰৰ মানসিকতাও ৰূপান্তৰিত হৈছে, অধিক সংবেদনশীল হৈ পৰিছে। আৰ্তজনক বিনামূলীয়াকৈ খাদ্য শস্য যোগান ধৰাৰ দৰে আঁচনিতো এই চিন্তাৰ পাৰ্থক্য দেখা যায়। বিৰোধীৰ কিছুমানে আমাক উপহাস কৰে; কিছুমান বিশেষ বাতৰি কাকতে এনে উপহাসক উতসাহ যোগায়। তেওঁলোকে প্ৰশ্ন কৰে যে ২৫ কোটি লোকে দৰিদ্ৰতাৰ পৰা ওলাই অহা বুলি দাবী কৰাৰ সময়ত বিনামূলীয়া ৰেচন কিয় দিয়া হয়? ই এক অদ্ভুত প্ৰশ্ন। যেতিয়া কোনো ৰোগীক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়, তেতিয়াও চিকিৎসকে কেইবাদিনো সাৱধানতাৰ পৰামৰ্শ নিদিয়ে নেকি? হয়, ব্যক্তিজন দৰিদ্ৰতাৰ পৰা ওলাই আহিছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে সমৰ্থন তৎক্ষণাত বন্ধ হ’ব লাগে। সংকীৰ্ণ চিন্তাধাৰাৰ লোকসকলে বুজিব নোৱাৰে যে কাৰোবাক দৰিদ্ৰতাৰ পৰা উলিয়াই অনাটোৱেই যথেষ্ট নহয়; আমি নিশ্চিত কৰিব লাগিব যে নব্য মধ্যবিত্ত শ্ৰেণীত প্ৰৱেশ কৰাসকলে যাতে পুনৰ দৰিদ্ৰতালৈ পিছলি নাযায়। সেইবাবেই বিনামূলীয়া খাদ্য শস্যৰ ৰূপত অবিৰত সমৰ্থন প্ৰয়োজনীয় হৈয়েই আছে। বিগত বছৰবোৰত কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ বাবে লাখ লাখ কোটি টকা ব্যয় কৰি দুখীয়া আৰু নব্য মধ্যবিত্ত শ্ৰেণীক অপৰিসীম সহায় আগবঢ়াইছে।
বন্ধুসকল,
আমি আন এটা প্ৰেক্ষাপটত চিন্তাৰ পাৰ্থক্যও পৰ্যবেক্ষণ কৰোঁ। কিছুমানে প্ৰশ্ন কৰে যে মই কিয় ২০৪৭ চনৰ কথা কওঁ? তেওঁলোকে প্ৰশ্ন কৰে যে তেতিয়ালৈকে এখন উন্নত ভাৰত সঁচাকৈয়ে বাস্তৱায়িত হ’ব নেকি, আৰু আমি নিজে সেই সময়ত উপস্থিত নাথাকিলেও এয়া গুৰুত্বপূৰ্ণ নেকি? আচলতে এয়াও এক প্ৰচলিত মানসিকতা।
বন্ধুসকল,
ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজ দিয়াসকলে লাঠীৰ কোব, চেলুলাৰ জেলত বন্দীত্ব, আনকি ফাঁচীকাঠত উঠাও সহ্য কৰিছিল। তেওঁলোকে যদি ভাবিছিল যে স্বাধীনতা হয়তো তেওঁলোকৰ জীৱনকালত নাহিব আৰু ইয়াৰ বাবে তেওঁলোকে কিয় কষ্ট ভোগ কৰিব লাগে বুলি প্ৰশ্ন কৰিছিল, তেন্তে ভাৰতে কেতিয়াবা স্বাধীনতা লাভ কৰিলেহেঁতেননে? যেতিয়া ৰাষ্ট্ৰ প্ৰথম হয়, যেতিয়া জাতীয় স্বাৰ্থ সৰ্বোচ্চ হয়, তেতিয়া প্ৰতিটো সিদ্ধান্ত আৰু প্ৰতিটো নীতি দেশৰ বাবে গঢ় দিয়া হয়। আমাৰ দৃষ্টিভংগী স্পষ্ট- উন্নত ভাৰত গঢ়াৰ বাবে আমি অক্লান্তভাৱে কাম কৰি যাব লাগিব। ২০৪৭ চনত আমি উপস্থিত থাকোঁ বা নাথাকো, কিন্তু ৰাষ্ট্ৰখন থাকিব আৰু ভৱিষ্যত প্ৰজন্ম জীয়াই থাকিব। গতিকে তেওঁলোকৰ কাইলৈৰ সময়খিনি যাতে সুৰক্ষিত আৰু উজ্জ্বল হয় তাৰ বাবে আমি আমাৰ বৰ্তমান উছৰ্গা কৰিব লাগিব। কাইলৈৰ প্ৰজন্মই যাতে শস্য চপাব পাৰে তাৰ বাবে আজি বীজ সিঁচিছোঁ।
বন্ধুসকল,
পৃথিৱীয়ে এতিয়া বিপদ-বিঘিনিৰে জীয়াই থাকিবলৈ সাজু হ’ব লাগিব। সময়ৰ লগে লগে ইয়াৰ প্ৰকৃতিৰ বিকাশ হ’ব পাৰে, কিন্তু ব্যৱস্থাৰ দ্ৰুত পৰিৱৰ্তন অনিবাৰ্য। এআয়ে কঢ়িয়াই অনা প্ৰতিবন্ধকতা ইতিমধ্যে আপুনি প্ৰত্যক্ষ কৰিছে। অনাগত বছৰবোৰত এআয়ে আৰু অধিক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিব, আৰু ইয়াৰ বাবে ভাৰত সাজু। কিছুদিনৰ পাছত ভাৰতে আয়োজন কৰিব গ্ল’বেল এ আই ইমপেক্ট ছামিট। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাষ্ট্ৰনেতা আৰু প্ৰযুক্তিৰ বিশেষজ্ঞসকল ইয়াত সমবেত হ’ব। তেওঁলোকৰ সকলোৰে সৈতে মিলি আমি এখন উন্নত পৃথিৱী গঢ়ি তোলাৰ বাবে চেষ্টা কৰি যাম। এই আত্মবিশ্বাসেৰে মই পুনৰবাৰ আপোনালোক সকলোকে এই শীৰ্ষ সন্মিলনৰ বাবে অভিনন্দন জনাইছো।
আপোনালোকক অশেষ ধন্যবাদ।
বন্দে মাতৰম।
*****
MJPS/VJ/ST/KD
(ৰিলিজ আই ডি : 2228012)
অতিথি কক্ষ : 8