তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

‘ৱেভছ’-য়ে ভাৰতক ‘ভাৰতত নিৰ্মাণ কৰক, বিশ্বৰ বাবে নিৰ্মাণ কৰক’ দৃষ্টিভংগীৰ অধীনত ‘গ্ল’বেল কন্টেন্ট হাব’ হিচাপে স্থিতি প্ৰদান কৰিছে

ভাৰতীয় দৃশ্-শ্ৰাব্য বিষয়বস্তুৰ বিশ্বজোৰা সম্প্ৰসাৰণ, সৃষ্টিশীল মূলধনক নিয়োগলৈ ৰূপান্তৰ তথা ৰপ্তানি বৃদ্ধিৰ আধাৰ হৈ উঠিছে ‘ৱেভছ বজাৰ’

পোষ্ট কৰা হৈছে: 13 FEB 2026 4:34PM by PIB Guwahati

“ভাৰতত নিৰ্মাণ কৰক, বিশ্বৰ বাবে নিৰ্মাণ কৰক” (ক্ৰীয়েট ইন ইণ্ডিয়া, ক্ৰীয়েট ফৰ ৱৰ্ল্ড) পদক্ষেপৰ অধীনত ভাৰতক বিষয়বস্তু নিৰ্মাণৰ বিশ্বজোৰা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৱেভছ-ৰ আয়োজন কৰা হৈছিল। এই সন্মিলনে ভাৰতীয় নিৰ্মাতা, প্ৰযোজক আৰু ষ্টাৰ্টআপসমূহৰ বাবে ১০০ খনতকৈয়ো অধিক দেশৰ গোলকীয় ক্ৰেতা, বিনিয়োগকাৰী, অ’টিটি প্লেটফৰ্ম আৰু প্ৰযুক্তিৰ নেতৃবৃন্দৰ সৈতে যোগাযোগ স্থাপনৰ এক সংহত মঞ্চ প্ৰদান কৰে।

এনিমেশ্যন, গে’মিং, এ আৰ/ভি আৰ আৰু সংগীতৰ দৰে শিতানত ৩৩টা সৃষ্টিশীল প্ৰতিযোগিতাৰ জৰিয়তে দেশজোৰা সৃষ্টিশীল প্ৰতিভা চিনাক্তকৰণ আৰু লালন-পালনৰ পদক্ষেপ ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জছ-য়ে (চিআইচি) সমগ্ৰ বিশ্বৰ নিৰ্মাতাসকলৰ পৰা এক লাখৰো অধিক পঞ্জীয়ন আকৰ্ষণ কৰে। মেলবৰ্ণ, ওছাকা, টৰন্টো, টকিঅ’, মাদ্ৰিদ, বুছান আৰু কানকে ধৰি প্ৰধান আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহত অংশগ্ৰহণ, প্ৰদৰ্শনী আৰু বি টু বি বৈঠকৰ বাবে বিজয়ীসকলক সহায় কৰা হৈছে। এই সুযোগ ইণ্ডিয়াজয়, আই জি ডি চি আৰু আই এফ এফ আই গোৱাৰ দৰে ৰাষ্ট্ৰীয় অনুষ্ঠানতো প্ৰদান কৰা হৈছিল, যিয়ে চি আই চি-ক নিৰ্মাতাৰ আৱিষ্কাৰ আৰু বৌদ্ধিক সম্পত্তি নিৰ্মাণৰ বাবে এক মূল ইঞ্জিন হিচাপে স্থিতি প্ৰদান কৰিছিল।

সংবাদ মাধ্যম আৰু বিনোদন খণ্ডৰ বাবে ষ্টাৰ্টআপ-নেতৃত্বাধীন উদ্ভাৱন আৰু ইনকিউবেশ্যন প্লেটফৰ্ম ৱেভএক্স-য়ে নিয়োগ সৃষ্টি আৰু উদ্যোগীকৰণক সমৰ্থন কৰে। ১০০টাতকৈয়ো অধিক প্ৰয়োগৰ অতিৰিক্ত পাইপলাইনৰ সৈতে বৰ্তমান ৱেভএক্স-য়ে ভৌতিক আৰু হাইব্ৰিড মডেলৰ অধীনত ৩৪টা ষ্টাৰ্টআপক ইনকিউবেট কৰি আছে। কলাসেতু আৰু ভাষাসেতু প্ৰতিযোগিতাৰ অধীনত নিৰ্বাচিত ১০টা ষ্টাৰ্টআপ-য়ে ইতিমধ্যে চৰকাৰী সংস্থাসমূহৰ সৈতে পাইলট নিয়োগ কাৰ্যকৰী কৰি আছে। টি-হাব, হায়দৰাবাদ, আৰু এফআইটিটি, আইআইটি দিল্লীৰ জৰিয়তে আইআইচিটি, এফটিআইআই, আইআইএমচি আৰু অন্যান্য প্ৰতিষ্ঠানত অংশীদাৰ ইনকিউবেটৰৰ লগতে সমগ্ৰ ভাৰত ইনকিউবেশ্যন আৰু আৰ এণ্ড ডি-ৰ লক্ষ্যৰে ৱেভএক্স ইয়াৰ প্ৰতিষ্ঠানিক অংশীদাৰিত্বৰ আধাৰত যথেষ্ট পৰিমাণে সম্প্ৰসাৰণ লাভ কৰিব বুলি আশা কৰা হৈছে, ।

ৱেভছ বজাৰক বছৰজুৰি ডিজিটেল বজাৰ হিচাপে কাৰ্যকৰী কৰা হৈছে যিয়ে ভাৰতীয় দৃশ্য-শ্ৰাব্য বিষয়বস্তুৰ বাবে বি টু বি সভা, অনুজ্ঞাপত্ৰ, সহ-প্ৰডাকচন আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰে। বৰ্তমান ৱেভছ বজাৰত ৬,০০০ৰো অধিক বিক্ৰেতা আৰু ৪,০০০ৰো অধিক পঞ্জীয়নভুক্ত ক্ৰেতা আৰু কোম্পানী আছে, যাৰ ফলত ৮,০০০ৰো অধিক বি টু বি সভা অনুষ্ঠিতকৰণ সম্ভৱ হৈছে। বজাৰত প্ৰৱেশ আৰু ব্যৱসায়িকভাৱে জড়িত হোৱাৰ বাবে ইয়াক এক স্থায়ী মঞ্চ হিচাপে অব্যাহত ৰখা হৈছে। ৱেভছ-ৰ উপৰিও চাৰিখন মহাদেশৰ দহখনতকৈয়ো অধিক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ জৰিয়তে ৱেভছ বজাৰে বি টু বি বৈঠক আৰু একাধিক বুজাবুজি চুক্তি স্বাক্ষৰৰ সুবিধা প্ৰদান কৰিছে, সহ-উৎপাদন, অনুজ্ঞাপত্ৰ, বিনিয়োগ অংশীদাৰিত্ব আৰু বিশ্ব বজাৰত প্ৰৱেশক সমৰ্থন কৰিছে।

ৱেভএক্স ইনকিউবেশ্যন চেণ্টাৰ-ৰ সম্প্ৰসাৰণ আৰু ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জৰ স্থায়ী ৰূপায়ণৰ কাম হাতত লোৱা হৈছে যাতে দক্ষতা, উদ্যোগীকৰণ আৰু নিয়োগ সৃষ্টিৰ হাৰ আৰু অধিক শক্তিশালী হয়। বিশ্বৰ বিশেষজ্ঞসকলৰ মাষ্টাৰক্লাছ, কৰ্মশালা আৰু জ্ঞান অধিৱেশনে সৃষ্টিশীল কৰ্মবাহিনীৰ উন্নীতকৰণত যথেষ্ট অৰিহণা যোগায়। ৱেভছ বজাৰ-ৰ জৰিয়তে বিশ্বজোৰা প্ৰচাৰ অব্যাহত ৰখাটোৱে সৃষ্টিশীল প্ৰতিভাক বহনক্ষম জীৱিকা আৰু ভাৰতীয় দৃশ্য-শ্ৰাব্য বিষয়বস্তুৰ ৰপ্তানি বৃদ্ধিলৈ অনুবাদ কৰাৰ কথা কল্পনা কৰা হৈছে।

ৰাজ্যসভাত তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগনে শ্ৰী দীপক প্ৰকাশ, শ্ৰী উজ্জ্বল দেওৰাও নিকম আৰু শ্ৰী কেশৰীদেৱ সিংহ ঝালা ডাঙৰীয়াই সোধা প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰে।

*****

 

Mahesh Kumar/ Vivek Vishwash/KB


(ৰিলিজ আই ডি : 2227666) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: Telugu , Gujarati , English , Urdu , Marathi , हिन्दी , Malayalam