প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহৰ্ষি দয়ানন্দ সৰস্বতী জীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

পোষ্ট কৰা হৈছে: 12 FEB 2026 10:17AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহৰ্ষি দয়ানন্দ সৰস্বতী জীৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁ কেৱল শিক্ষাৰ প্ৰচাৰ কৰায়েই নহয়, ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাক সমৃদ্ধ কৰাৰ ক্ষেত্ৰতো অতুলনীয় অৱদান আগবঢ়াইছে। ‘সামাজিক সংস্কাৰৰ বাবে তেওঁৰ প্ৰচেষ্টাই দেশৰ জনসাধাৰণৰ বাবে অনুপ্ৰেৰণাৰ উৎস হিচাপে কাম কৰি থাকিব’, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছেঃ

‘সমগ্ৰ জীৱন মা ভাৰতীৰ সেৱাৰ প্ৰতি সমৰ্পিত মহৰ্ষি দয়ানন্দ সৰস্বতী জীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। শিক্ষাৰ প্ৰচাৰৰ লগতে ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ সমৃদ্ধিৰ ক্ষেত্ৰত তেওঁ অপৰিসীম অৱদান আগবঢ়াইছিল। সমাজ সংস্কাৰৰ বাবে তেওঁৰ প্ৰচেষ্টা দেশবাসীসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।’

***

MJPS/VJ/NB


(ৰিলিজ আই ডি : 2226852) অতিথি কক্ষ : 7