প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মালয়েছিয়াত ব্যৱসায়িক নেতাৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
পোষ্ট কৰা হৈছে:
08 FEB 2026 2:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ চাৰিজন আগশাৰীৰ উদ্যোগপতিৰ সৈতে মত-বিনিময় কৰে। তেওঁ পেট্ৰ’নাছৰ অধ্যক্ষ তথা গ্ৰুপ চিইঅ’ টান শ্ৰী টেংকু মহম্মদ তৌফিক, বেৰ্জায়া কৰ্প'ৰেশ্যন বেৰহাদৰ প্ৰতিষ্ঠাপক টান শ্ৰী দাটো' চেৰী ভিনচেণ্ট টান চী ইয়ন, খাজানা নেচনেল বেৰহাদৰ পৰিচালন সঞ্চালক দাটো’ আমিৰুল ফৈচাল ৱান জাহিৰ আৰু ফিছোন ইলেক্ট্ৰনিক্সৰ প্ৰতিষ্ঠাপক ডাটো’ পুৱা খেইন চেঙক সাক্ষাত কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত আৰু মালয়েছিয়াৰ মাজত ক্ৰমবৰ্ধমান ব্যৱসায়ৰ পৰা ব্যৱসায় সম্পৰ্ক আৰু ভাৰতৰ উন্নয়ন যাত্ৰাৰ মালয়েছিয়াৰ কোম্পানীসমূহৰ তীব্ৰ আগ্ৰহৰ শলাগ লয়। তেওঁ ব্যৱসায় কৰাত সহজতা বৃদ্ধি আৰু সুস্থিৰ, দক্ষ তথা পূৰ্বানুমানযোগ্য ব্যৱসায় আৰু নীতিগত পৰিৱেশ সৃষ্টিৰ বাবে ভাৰতত শেহতীয়া বছৰবোৰত গ্ৰহণ কৰা পদক্ষেপ আৰু সংস্কাৰৰ কথা উল্লেখ কৰে। তেওঁ মালয়েছিয়াৰ ব্যৱসায়ীসকলক ভাৰতে আগবঢ়োৱা সুযোগসমূহৰ, বিশেষকৈ আন্তঃগাঁথনি, নবীকৰণযোগ্য শক্তি, ডিজিটেল প্ৰযুক্তি, অৰ্ধপৰিবাহী, কৃত্ৰিম বুদ্ধিমত্তা, আৰু স্বাস্থ্যসেৱাৰ দৰে খণ্ডত সুবিধা ল’বলৈ উৎসাহিত কৰে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীত কুৱালালামপুৰত অনুষ্ঠিত দশম ভাৰত-মালয়েছিয়া চিইঅ’ ফ’ৰামক আদৰণি জনায় আৰু এই আলোচনাই ভাৰত-মালয়েছিয়াৰ বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে।
উদ্যোগৰ নেতাসকলে বিকশিত ভাৰত গঢ়াৰ দিশত ভাৰত চৰকাৰে গ্ৰহণ কৰা সংস্কাৰক প্ৰশংসা কৰি ভাৰতৰ বিকাশৰ কাহিনীৰ ওপৰত দৃঢ় আস্থা প্ৰকাশ কৰে। তেওঁলোকে নিজৰ বিনিয়োগ পৰ্টফলিঅ’ সম্প্ৰসাৰণ তথা ভাৰতীয় সহযোগীসকলৰ সৈতে যুটীয়া উদ্যোগ অন্বেষণ কৰি ভাৰতত ব্যৱসায়িক উপস্থিতি বৃদ্ধি কৰাৰ বাবে গভীৰ আগ্ৰহ ব্যক্ত কৰে।
***
MJPS/ST/KD
(ৰিলিজ আই ডি : 2225167)
অতিথি কক্ষ : 5