বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
যুক্তৰাষ্ট্ৰ-ভাৰতৰ যুটীয়া বিবৃতি
পোষ্ট কৰা হৈছে:
07 FEB 2026 4:29AM by PIB Guwahati
আমেৰিকা যুক্তৰাষ্ট্ৰ (USA) আৰু ভাৰতে উমৈহতীয়া আৰু পাৰস্পৰিকভাৱে লাভজনক বাণিজ্য (অন্তৱৰ্তীকালীন চুক্তি) সম্পৰ্কে অন্তৱৰ্তীকালীন চুক্তিৰ কাঠামোত উপনীত হোৱা বুলি ঘোষণা কৰি আনন্দিত হৈছে। আজিৰ এই কাঠামোয়ে ২০২৫-ৰ ১৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ড’নাল্ড জে. ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰা বিস্তৃত যুক্তৰাষ্ট্ৰ-ভাৰতৰ দ্বিপাক্ষিক বাণিজ্য চুক্তি (BTA) সম্পৰ্কে আলোচনাৰ প্ৰতি দেশ দুখনৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিছে। ইয়াত অতিৰিক্ত বজাৰ প্ৰৱেশৰ অংগীকাৰ অন্তৰ্ভুক্ত হ’ব আৰু ই অধিক স্থিতিস্থাপক যোগান শৃংখলক সমৰ্থন কৰিব। যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ অন্তৱৰ্তীকালীন চুক্তিখনে আমাৰ দেশসমূহৰ অংশীদাৰিত্বৰ এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপনক সূচিত কৰিব, যিয়ে পাৰস্পৰিক স্বাৰ্থ আৰু সুনিৰ্দিষ্ট ফলাফলৰ ওপৰত ভিত্তি কৰি পাৰস্পৰিক আৰু সুষম বাণিজ্যৰ প্ৰতি এক উমৈহতীয়া অংগীকাৰক প্ৰদৰ্শিত কৰিব।
যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ অন্তৱৰ্তীকালীন চুক্তিৰ মূল চৰ্তসমূহ হৈছেঃ
- ভাৰতে যুক্তৰাষ্ট্ৰৰ সকলো ঔদ্যোগিক সামগ্ৰী আৰু শুকান ডিষ্টিলাৰ শস্য (DDG), পশু খাদ্যৰ বাবে ৰঙা জোৱাৰ, ট্ৰী নাট, সতেজ আৰু সংসাধিত ফল, সৰিয়হৰ তেল, ৱাইন আৰু স্পিৰিট তথা অতিৰিক্ত সামগ্ৰীকে প্ৰমুখ্য কৰি একাধিক আমেৰিকান খাদ্য আৰু কৃষিজাত সামগ্ৰীৰ ওপৰত শুল্ক শূন্য বা হ্ৰাস কৰিব।
- যুক্তৰাষ্ট্ৰই ২০২৫-ৰ ২ এপ্ৰিলৰ কাৰ্য্যবাহী আদেশ ১৪২৫৭-ৰ অধীনত (এক পাৰস্পৰিক শুল্কৰে আমদানি নিয়ন্ত্ৰণ কৰা যিয়ে বৃহৎ আৰু স্থায়ী বাৰ্ষিক যুক্তৰাষ্ট্ৰৰ সামগ্ৰীৰ ব্যৱসায়ৰ ঘাটিত অৰিহণা যোগোৱা বাণিজ্যিক পদ্ধতিসমূহ সংশোধন কৰে) এটি ১৮ শতাংশ পাৰস্পৰিক শুল্কৰ হাৰ প্ৰয়োগ কৰিব। সংশোধিতভাৱে ভাৰতত উৎপত্তি হোৱা সামগ্ৰীৰ ওপৰত ১৮ শতাংশ পাৰস্পৰিক শুল্কৰ হাৰ প্ৰয়োগ কৰিব। ইয়াত বস্ত্ৰ আৰু পোছাক, চামৰা আৰু ফুটৱেৰ, প্লাষ্টিক আৰু ৰবৰ, জৈৱিক ৰাসায়নিক পদাৰ্থ, গৃহ সজ্জা, শিল্পজাত সামগ্ৰী আৰু কিছুমান বিশেষ যন্ত্ৰপাতি আছে। অন্তৱৰ্তীকালীন চুক্তিৰ সফল সমাপ্তি সাপেক্ষে ২০২৫-ৰ ৫ ছেপ্টেম্বৰৰ কাৰ্য্যবাহী আদেশ ১৪৩৪৬-ৰ (পাৰস্পৰিক শুল্কৰ পৰিসৰ পৰিৱৰ্তন কৰা আৰু বাণিজ্য তথা নিৰাপত্তা চুক্তিসমূহ ৰূপায়ণৰ বাবে পদ্ধতি স্থাপন কৰা) পৰিশিষ্টত অংশীদাৰৰ বাবে সম্ভাৱ্য শুল্ক যুক্তিসংগতকৰণত চিনাক্ত কৰা সামগ্ৰীৰ বিস্তৃত পৰিসৰৰ ওপৰত পাৰস্পৰিক শুল্ক আঁতৰ কৰা হ'ব। এই সংশোধনত জেনেৰিক ঔষধ, ৰত্ন আৰু হীৰা তথা বিমানৰ অংশ অন্তৰ্ভুক্ত হৈছে।
- ২০১৮-ৰ ৮ মাৰ্চৰ ঘোষণা ৯৭০৪ (যুক্তৰাষ্ট্ৰলৈ এলুমিনিয়ামৰ আমদানিক যুক্তিসংগত কৰা)-ত সংশোধিত ৰূপত লাভ কৰা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি দূৰ কৰিবলৈ ভাৰতৰ কেতবোৰ বিমান আৰু বিমানৰ অংশৰ ওপৰতো যুক্তৰাষ্ট্ৰই শুল্ক দূৰ কৰিব; ২০১৮-ৰ ৮ মাৰ্চৰ ঘোষণা ৯৭০৫ (যুক্তৰাষ্ট্ৰলৈ তীখাৰ আমদানিক যুক্তিসংগত কৰা)-ত সংশোধিত আৰু ২০২৫-ৰ ৩০ জুলাইৰ ঘোষণা ১০৯৬২ (যুক্তৰাষ্ট্ৰলৈ তামৰ আমদানিক যুক্তিসংগত কৰা)-ৰ ক্ষেত্ৰটো একে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। একেদৰে যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে ভাৰতে ২০১৯-ৰ ১৭ মে’ৰ ঘোষণা ৯৮৮৮ (যুক্তৰাষ্ট্ৰলৈ অট’ম’বাইল আৰু অট’ম’বাইল অংশৰ আমদানিক যুক্তিসংগত কৰা)-ত পোৱা শুল্কৰ অধীনত অট’ম’টিভ অংশৰ বাবে অগ্ৰাধিকাৰ শুল্ক হাৰৰ কোটা লাভ কৰিব। ঔষধ আৰু ঔষধ উপাদানৰ যুক্তৰাষ্ট্ৰৰ অনুচ্ছেদ ২৩২ তদন্তৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতে জেনেৰিক ঔষধ আৰু উপাদানৰ ক্ষেত্ৰত আলোচনাৰ ভিত্তিত ফলাফল লাভ কৰিব।
- যুক্তৰাষ্ট্ৰ আৰু ভাৰতে স্থায়ী ভিত্তিত নিজ-নিজ স্বাৰ্থৰ খণ্ডত পৰস্পৰে-পৰস্পৰক অগ্ৰাধিকাৰমূলক বজাৰ প্ৰৱেশ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে।
- যুক্তৰাষ্ট্ৰ আৰু ভাৰতে উৎপত্তিৰ নিয়ম প্ৰণয়ন কৰিব যিয়ে চুক্তিখনৰ সুবিধাসমূহ প্ৰধানকৈ যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ বাবে উপযোগী হোৱাটো নিশ্চিত কৰিব।
- যুক্তৰাষ্ট্ৰ আৰু ভাৰতে দ্বিপাক্ষিক বাণিজ্যত প্ৰভাৱ পেলোৱা অ-শুল্ক বাধাসমূহ দূৰ কৰিব। ভাৰত যুক্তৰাষ্ট্ৰৰ চিকিৎসা সঁজুলিৰ বাণিজ্যৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া বাধাসমূহ সমাধান কৰিবলৈ সন্মত হৈছে। একেদৰে যুক্তৰাষ্ট্ৰৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি (ICT) সামগ্ৰীৰ বাবে বজাৰত প্ৰৱেশত বিলম্ব কৰা বা পৰিমাণগত নিষেধাজ্ঞা আৰোপ কৰা নিষিদ্ধ আমদানি অনুজ্ঞাপত্ৰ পদ্ধতিসমূহ আঁতৰ কৰিব। একেদৰে ইতিবাচক ফলাফলৰ দিশত চুক্তিখন বলবৎ হোৱাৰ ছমাহৰ ভিতৰত চিনাক্তকৃত খণ্ডসমূহত ভাৰতীয় বজাৰত প্ৰৱেশ কৰা যুক্তৰাষ্ট্ৰৰ ৰপ্তানিৰ উদ্দেশ্যে পৰীক্ষণৰ প্ৰয়োজনীয়তাকে ধৰি যুক্তৰাষ্ট্ৰই বিকশিত কৰা আন্তঃৰাষ্ট্ৰীয় মানদণ্ড গ্ৰহণযোগ্য হয় নে নহয় সেয়া নিৰ্ণয় কৰা হ’ব। দীৰ্ঘদিনীয়া উদ্বেগ সমাধানৰ বাবে একেলগে কাম কৰাৰ গুৰুত্বক স্বীকাৰ কৰি ভাৰত যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু কৃষিজাত সামগ্ৰীৰ বাণিজ্যৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া অ-শুল্ক বাধাসমূহ সমাধান কৰিবলৈয়ো সন্মত হৈছে।
- প্ৰযোজ্য কাৰিকৰী নিয়মসমূহৰ সৈতে অনুপালন বৃদ্ধিৰ উদ্দেশ্যে যুক্তৰাষ্ট্ৰ আৰু ভাৰতে পাৰস্পৰিকভাৱে চুক্তিবদ্ধ খণ্ডসমূহৰ বাবে নিজ-নিজ মানদণ্ড আৰু অনুকূলতা মূল্যায়ন পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰাৰ মনস্থ কৰিছে।
- যিকোনো এখন দেশৰ চুক্তিবদ্ধ শুল্কৰ কোনো পৰিৱৰ্তন হ’লে যুক্তৰাষ্ট্ৰ আৰু ভাৰতে নিজৰ প্ৰতিশ্ৰুতি সলনি কৰাত সন্মতি প্ৰকাশ কৰিছে।
- যুক্তৰাষ্ট্ৰ আৰু ভাৰতে বিটিএ-ৰ আলোচনাৰ জৰিয়তে বজাৰ প্ৰৱেশৰ সুযোগ অধিক সম্প্ৰসাৰণৰ দিশত কাম কৰিব। যুক্তৰাষ্ট্ৰই দৃঢ়তাৰে কয় যে বিটিএ-ৰ আলোচনাৰ সময়ত ভাৰতে ভাৰতৰ সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ বাবে যুক্তৰাষ্ট্ৰই কাম কৰি যাবলৈ কৰা অনুৰোধক বিবেচনা কৰাৰ মনস্থ কৰিছে।
- তৃতীয় পক্ষৰ অ-বজাৰ নীতিসমূহৰ সৈতে মোকাবিলা কৰিবলৈ পৰিপূৰক কাৰ্য্যৰ জৰিয়তে যোগান শৃংখলৰ স্থিতিস্থাপকতা আৰু উদ্ভাৱন বৃদ্ধিৰ বাবে অৰ্থনৈতিক সুৰক্ষাৰ সংহতি গভীৰ কৰাৰ লগতে ইনবাউণ্ড আৰু আউটবাউণ্ড বিনিয়োগ পৰ্য্যালোচনা আৰু ৰপ্তানি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে যুক্তৰাষ্ট্ৰ আৰু ভাৰতে সন্মতি প্ৰকাশ কৰিছে।
- ভাৰতে অহা ৫ বছৰত ৫০০ বিলিয়ন মাৰ্কিন ডলাৰৰ যুক্তৰাষ্ট্ৰৰ শক্তি সামগ্ৰী, বিমান আৰু বিমানৰ অংশ, বহুমূলীয়া ধাতু, প্ৰযুক্তি সামগ্ৰী আৰু ককিং কয়লা ক্ৰয় কৰাৰ মনস্থ কৰিছে। ভাৰত আৰু যুক্তৰাষ্ট্ৰই গ্রাফিক্স প্ৰচেছিং ইউনিট (GPU) আৰু ডাটা চেন্টাৰত ব্যৱহৃত আন-আন সামগ্ৰীকে প্ৰমুখ্য কৰি প্ৰযুক্তিগত সামগ্ৰীৰ বাণিজ্য যথেষ্ট বৃদ্ধি কৰিব আৰু যৌথ প্ৰযুক্তি সহযোগিতাক সম্প্ৰসাৰিত কৰিব।
- যুক্তৰাষ্ট্ৰ আৰু ভাৰত বৈষম্যমূলক পদ্ধতি আৰু ডিজিটেল বাণিজ্যৰ অন্যান্য বাধাসমূহেৰে মোকাবিলা কৰিবলৈ তথা বিটিএ-ৰ অংশ হিচাপে শক্তিশালী, অভিলাষী আৰু পাৰস্পৰিকভাৱে লাভজনক ডিজিটেল বাণিজ্যৰ নিয়মসমূহ প্ৰণয়নৰ এক স্পষ্ট পথ নিৰ্ধাৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
যুক্তৰাষ্ট্ৰ আৰু ভাৰতে এই কাঠামো তৎকালীনভাৱে কাৰ্য্যকৰী কৰিব। একেদৰে টাৰ্মছ অৱ ৰেফাৰেন্সত চুক্তিবদ্ধ হোৱা ৰোডমেপৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে পাৰস্পৰিকভাৱে লাভজনক বিটিএ সমাপ্ত কৰাৰ লক্ষ্যৰে অন্তৱৰ্তীকালীন চুক্তিখন চূড়ান্ত কৰাৰ দিশত কাম কৰিব।
****
Abhishek Dayal/SB
(ৰিলিজ আই ডি : 2224894)
অতিথি কক্ষ : 14