প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পূব নগালেণ্ডৰ উন্নয়নৰ বাবে সম্পন্ন ঐতিহাসিক চুক্তিক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 06 FEB 2026 9:29AM by PIB Guwahati

পূব নগালেণ্ডৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলগীয়া ঐতিহাসিক চুক্তি স্বাক্ষৰক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰশংসা কৰে।

 

এক্সত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ এটা পোষ্টৰ প্ৰত্যুত্তৰত শ্ৰী মোদীয়ে কয়ঃ

 

"এইখন সঁচাকৈয়ে এক ঐতিহাসিক চুক্তি, যিয়ে বিশেষকৈ পূব নগালেণ্ডৰ উন্নয়নৰ গতিপথ ত্বৰান্বিত কৰিব। মই নিশ্চিত যে ই জনসাধাৰণৰ বাবে সুযোগ আৰু সমৃদ্ধিৰ নতুন পথ মুকলি কৰিব। ই উত্তৰ-পূৰ্বাঞ্চলত শান্তি, প্ৰগতি আৰু সামগ্ৰিক বিকাশৰ প্ৰতি আমাৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰে।"

***

MJPS/SR/HS


(ৰিলিজ আই ডি : 2224316) অতিথি কক্ষ : 10