ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

আগন্তুক বিধানসভা নিৰ্বাচনত নিয়োজিত হ’বলগীয়া কেন্দ্ৰীয় পৰ্যবেক্ষকসকলক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা

পোষ্ট কৰা হৈছে: 05 FEB 2026 2:58PM by PIB Guwahati

১. ভাৰতীয় নিৰ্বাচন আয়োগে আজি অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ বিধানসভাৰ সমাগত নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিয়োজিত হ’বলগীয়া সাধাৰণ, আৰক্ষী আৰু ব্যয় পৰ্যবেক্ষকসকলৰ বাবে নিৰ্দেশনামূলক বৈঠকৰ আয়োজন কৰিছে।

 

২. বৈঠকলৈ ৭১৪ গৰাকী সাধাৰণ পৰ্যবেক্ষক, ২৩৩ গৰাকী আৰক্ষী পৰ্যবেক্ষক আৰু ৪৯৭ গৰাকী ব্যয় পৰ্যবেক্ষককে ধৰি ১,৪৪৪ গৰাকী বিষয়াক আমন্ত্ৰণ জনোৱা হৈছে। নতুন দিল্লীৰ আই আই আই ডি ই এমত অনুষ্ঠিত হ’বলগীয়া এই বৈঠক দুটা দিনত ২০২৬ চনৰ ৫ আৰু ৬ ফেব্ৰুৱাৰীত তিনিটা বেটচত অনুষ্ঠিত হৈছে।

৩. মুখ্য নিৰ্বাচন আয়ুক্ত (চি ই চি) শ্ৰী জ্ঞানেশ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্ত ড সুখবীৰ সিং সান্ধু আৰু ডবিবেক যোশীয়ে কেন্দ্ৰীয় পৰ্যবেক্ষকসকলক সবিশেষ অৱগত কৰে।

৪. পৰ্যবেক্ষকসকলক সম্বোধন কৰি চি ই চি শ্ৰী জ্ঞানেশ কুমাৰে কয় যে তেওঁলোকক নিৰ্বাচন আয়োগৰ আলোকস্তম্ভ হিচাপে সেৱা আগবঢ়াবলৈ নিৰ্বাচিত কৰা হৈছে। তেওঁ লগতে কয় যে পৰ্যবেক্ষকসকলে মুক্ত, নিৰপেক্ষ আৰু স্বচ্ছ নিৰ্বাচন নিশ্চিত কৰিব লাগিব আৰু কয় যে তেওঁলোকৰ উপস্থিতিয়ে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৮২৪ টা সমষ্টিৰ সমগ্ৰ নিৰ্বাচনী ব্যৱস্থাক শক্তি প্ৰদান কৰিব।

৫. পৰ্যবেক্ষকসকলক সম্বোধন কৰি নিৰ্বাচন আয়ুক্ত ড এছ এছ সান্ধুৱে কয় যে তেওঁলোকে নিৰ্বাচনী ক্ষেত্ৰত বিষয়াসকলৰ বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক হিচাপে কাম কৰা উচিত। তেওঁলোকৰ আগমন ভালদৰে প্ৰচাৰিত হ’ব লাগিব আৰু তেওঁলোক সহজে ঢুকি পোৱা হৈ থাকিব লাগিব, যাতে ভোটদাতাসকলৰ অভিযোগবোৰ দ্ৰুতভাৱে সমাধান কৰা হয় যাতে আনকি পক্ষপাতিত্বৰ ধাৰণাও আহিব নোৱাৰে।

৬. নিৰ্বাচন আয়ুক্ত ডবিবেক যোশীয়ে কয় যে নিৰপেক্ষতা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখি নিৰীক্ষকসকলে নিৰ্বাচন আয়োগৰ নিৰ্দেশনাসমূহ অক্ষৰ আৰু আত্মাৰে ৰূপায়ণ কৰাটো নিশ্চিত কৰিব লাগিব। ডযোশীয়ে লগতে নিৰ্দেশনা দিয়ে যে ভোটাৰসকলৰ মাজত সময়মতে ভোটাৰ ইনফৰমেচন শ্লিপ (ভি আই এছ) সময়মতে বিতৰণ হ’ব লাগিব, যাতে ভোটদানৰ দিনা তেওঁলোক অসুবিধাত নপৰে।

৭. আয়োগে সন্দেহ দূৰ কৰা বৈঠকতো পৰ্যবেক্ষকসকলৰ সৈতে মত বিনিময় কৰে। আয়োগৰ জ্যেষ্ঠ বিষয়াসকলেও নিৰ্বাচন অনুষ্ঠিত হ’বলগা পাঁচখন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভোটাৰ তালিকা প্ৰস্তুতি আৰু নিৰ্বাচনী আচৰণ বিধিৰ বিভিন্ন দিশ পৰ্যবেক্ষকসকলক অৱগত কৰে।

৮. বৈঠকৰ সময়ত পৰ্যবেক্ষকসকলক আইটি এপ্লিকেচন আৰু প্লেটফৰ্ম তথা মিডিয়া সম্পৰ্কীয় বিষয়সমূহৰ বিষয়েও অৱগত কৰা হয়।

৯. আয়োগৰ চকু আৰু কাণ হিচাপে কেন্দ্ৰীয় পৰ্যবেক্ষকসকলক সকলো নিৰ্বাচনী আইন, নিয়ম, নিৰ্দেশনাৰ সৈতে নিজকে পৰিচিত কৰিবলৈ আৰু তেওঁলোকৰ কঠোৰ তথা নিৰপেক্ষ ভূমিকা নিশ্চিত কৰিবলৈ আয়োগক পোনপটীয়াকৈ তথ্য প্ৰদান কৰিবলৈ কোৱা হয়।

১০. পৰ্যবেক্ষকসকলক ৰাজনৈতিক দল, প্ৰাৰ্থীৰ বাবে সম্পূৰ্ণৰূপে উপলব্ধ হৈ থাকিবলৈ আৰু ভোটাৰসকলৰ অভিযোগসমূহ সময়মতে সমাধান কৰাৰ বাবে নিৰ্দেশনা দিয়া হয়।

১১. পৰ্যবেক্ষকসকলক ভোটদান কেন্দ্ৰসমূহ ভ্ৰমণ কৰিবলৈ আৰু ভোটাৰসকলৰ সুবিধাৰ বাবে আয়োগে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ ৰূপায়ণ নিশ্চিত কৰিবলৈ, বিশেষকৈ নিশ্চিত ন্যূনতম সুবিধা (এ এম এফ)ৰ ব্যৱস্থা নিশ্চিত কৰাৰ নিৰ্দেশ দিয়া হয়।

১২. মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত আয়োগক সহায় কৰিবলৈ আয়োগে সংবিধানৰ অনুচ্ছেদ ৩২৪ আৰু জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ২০বি-ৰ দ্বাৰা প্ৰদান কৰা সম্পূৰ্ণ ক্ষমতাৰ অধীনত কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি দিয়ে। তেওঁলোকে ক্ষেত্ৰ পৰ্যায়ত নিৰ্বাচনী প্ৰক্ৰিয়াৰ দক্ষ আৰু ফলপ্ৰসূ ব্যৱস্থাপনাৰো তত্বাৱধান কৰে।

**********

PK/GDH/RP/HS


(ৰিলিজ আই ডি : 2223865) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Tamil