গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপনৰ লগতে মুঠ প্ৰায় ১,৭১৫ কোটি টকা ব্যয় সাপেক্ষে ৫ টা প্ৰকল্পৰ ভূমি পূজন আৰু উদ্বোধন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-ইইউ বাণিজ্য চুক্তি স্বাক্ষৰিত কৰাৰ ফলশ্ৰুতিত পেৰিছৰ পৰা বাৰ্লিনলৈ বিনা শুল্কত অসমৰ চাহৰ প্ৰৱেশ প্ৰশস্ত হৈছে

আমি এতিয়া অনুপ্ৰৱেশকাৰীয়ে আৰু ভাৰতত প্ৰৱেশ কৰিব নোৱাৰা এটি ব্যৱস্থা গঢ়ি তুলিছো আৰু ইতিমধ্যেই প্ৰৱেশ কৰাসকলক ৰেহাই দিয়া নহ’ব; আমি তেওঁলোকক এজন-এজনকৈ চিনাক্ত কৰি বিতাড়িত কৰিম

অসমৰ জনগাঁথনি সলনিৰে দেশৰ নিৰাপত্তাক বিপন্ন কৰা অনুপ্ৰৱেশকাৰীৰ অপচেষ্টাক আমাৰ চৰকাৰেহে ৰোধ কৰিব পাৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিটো সুযোগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক অগ্ৰাধিকাৰ প্ৰদান কৰে, কাৰণ অঞ্চলটোৱে তেওঁৰ অন্তৰত বাস কৰে

বিৰোধী দলটোৱে ভোট বেংকৰ স্বাৰ্থত শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্ম ভূমিক অনুপ্ৰৱেশকাৰীক গতাই দিছিল যদিও অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এতিয়া ইয়াক অনুপ্ৰৱেশকাৰী-মুক্ত কৰি তুলিছে

অসমক অধিক সৰ্বাংগীন ৰাজ্য কৰি তোলাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

বিৰোধী দলৰ চৰকাৰৰ দিনত কাৰ্ফিউ আৰু বিস্ফোৰণৰ শব্দ শুনাৰ বিপৰীতে আজি আমাৰ দল শাসনত থকা একেখন অসমতে ভূপেন দাৰ সংগীতৰ অনুৰণন ঘটিছে

অসমত হিমন্তজীৰ চৰকাৰৰ নেতৃত্বত চাহ বাগিচাসমূহৰ ৩ লাখৰো অধিক চাঁওতাল, কোল, ভীল, মুণ্ডা আৰু বাঙালী শ্ৰমিক মাটিৰ মালিক হৈ পৰিছে

বিৰোধী দলৰ শাসন কালত অসমত বোমা বিস্ফোৰণ, হিংসা আৰু যুৱক-যুৱতীৰ মৃত্যুৰ পৰিবেশে বিৰাজ কৰাৰ বিপৰীতে মোদী চৰকাৰৰ দিনত যুৱক-যুৱতীসকলৰ আয় ৫০ শতাংশ পৰ্য্যন্ত বৃদ্ধি পাইছে

प्रविष्टि तिथि: 30 JAN 2026 6:14PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মুঠ প্ৰায় ১,৭১৫ কোটি টকা ব্যয় সাপেক্ষে ৫ টা প্ৰকল্পৰ ভূমি পূজন আৰু উদ্বোধন কৰে। এই কাৰ্য্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে প্ৰমুখ্য কৰি ভালেকেইগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

 

ইয়াত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০২৫-ত অসমক এখনি সৰ্বাংগীন ৰাজ্য কৰি তোলাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ডিব্ৰুগড়ক ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰিছিল। তেওঁ কয় যে বিৰোধী দলৰ চৰকাৰৰ আমোলৰ বহু ঘোষণা কেৱল ঘোষণা হৈয়েই থাকিছিল, কিন্তু এতিয়া আমাৰ দলৰ চৰকাৰ বাবে সকলো ঘোষণা বাস্তৱত পৰিণত হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই ঘোষণা কৰিছিল আৰু সেই অনুসাৰেই আজি ৫৭ বিঘা ভূমিত অসমৰ দ্বিতীয় বিধানসভা কমপ্লেক্স নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছে। তেওঁ কয় যে এতিয়া ডিব্ৰুগড়ৰ বাসিন্দাসকলকো অসমৰ ৰাজধানীৰ বাসিন্দা বুলি গণ্য কৰা হ’ব। শ্ৰী শ্বাহে কয় যে অসমক এখনি সৰ্বাংগীন ৰাজ্য কৰি তোলাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে ইয়াত নানা জাতি, সম্প্ৰদায় আৰু জনজাতিৰ লোকে বসবাস কৰে; তেওঁলোকৰ সকলোৰে অসমৰ ওপৰত অধিকাৰ আছে আৰু আমি মিলি-জুলি এখন মহান অসম গঢ়িম।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে অসমৰ নদীসমূহ আমাৰ সংস্কৃতিৰ ঐতিহ্য, আমাৰ কৃষক ৰাইজৰ অৰ্থনৈতিক আয়ুসৰেখা আৰু আমাৰ বাবে এগৰাকী মাতৃৰ দৰে। তেওঁ কয় যে বছৰ-বছৰ ধৰি অসমক বানপানীৰ সমস্যাই জুৰুলা কৰি আহিছিল। অসমক বানপানীৰ পৰা মুক্ত কৰিবলৈ আমি মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ জৰিয়তে ৰাজ্যখনত সমীক্ষা চলাইছিলো আৰু তাৰ আধাৰত বৃহৎ জলাশয়সমূহক চিনাক্ত কৰিছিলো। শ্ৰী শ্বাহে কয় যে ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰথম-পৰ্য্যায়ত ১৫ টা এনে জলাশয়ৰ উন্নয়নৰ বাবে ৬৯২ কোটি টকা ব্যয় কৰিছে। ইয়াৰ দ্বাৰা প্ৰায় ৭.৫ লাখ লোক বানপানীৰ পৰা ৰক্ষা পৰিব, প্ৰায় ৭৭,০০০ হেক্টৰ মাটিলৈ জলসিঞ্চনৰ সুবিধা প্ৰশস্ত হ’ব, বানপানীৰ ভয়াৱহতা হ্ৰাস পাব, পানীৰ ধাৰণ ক্ষমতা বৃদ্ধিৰ বাবে ভূগৰ্ভস্থ জলৰ স্তৰ বৃদ্ধি পাব। তেওঁ কয় যে এই ১৫ টা বৃহৎ পুখুৰীৰ পৰা জলসিঞ্চনৰ ব্যৱস্থা কৰা হ’ব, ইয়াৰ ফলশ্ৰুতিত অসমৰ কৃষকসকলে বছৰত তিনিবাৰকৈ শস্য উৎপাদন কৰিবলৈ সহায়ক হ’ব, পশুপালনৰ সম্প্ৰসাৰণ ঘটাৰ লগতে দুগ্ধ উদ্যোগকো প্ৰসাৰিত কৰিব। এইসমূহক জল ক্ৰীড়াৰ বাবেও ব্যৱহাৰ কৰা হ’ব আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব।

 

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদী জীৰ নেতৃত্বত ভাৰত চৰকাৰে শেহতীয়াকৈ ইউৰোপিয়ান ইউনিয়নৰ ২৭ খন দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত কৰিছে আৰু ইয়াৰ ফলশ্ৰুতিত ডিব্ৰুগড় আটাইতকৈ লাভান্বিত হ’ব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী জীয়ে ভাৰত-ইইউ বাণিজ্য চুক্তি স্বাক্ষৰিত কৰিছে, ইয়াৰ ফলশ্ৰুতিত পেৰিছৰ পৰা বাৰ্লিনলৈ বিনা শুল্কত অসমৰ চাহৰ প্ৰৱেশ প্ৰশস্ত হৈছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে দশক-দশক ধৰি বিৰোধী চৰকাৰে অসমৰ উন্নয়নৰ বাবে একোৱেই কৰা নাছিল। তেওঁ কয় যে ইয়াৰ বিপৰীতে আন্তঃগাঁথনি, বন্যপ্ৰাণী আৰু পৰিবেশ সুৰক্ষা, অৰ্ধপৰিবাহী আৰু চিপ উদ্যোগকে প্ৰমুখ্য কৰি প্ৰতিটো খণ্ডতে মোদী চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে অসম। শ্ৰী শ্বাহে লগতে কয় যে ৰেলৱে, জলপথ, বিমানবন্দৰ, উদ্যোগ স্থাপন নিৰ্বিশেষে প্ৰতিটো ক্ষেত্ৰতে প্ৰধানমন্ত্ৰী মোদী জীয়ে অসমক অগ্ৰাধিকাৰ প্ৰদান কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিটো সুযোগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক অগ্ৰাধিকাৰ প্ৰদান কৰে, কাৰণ অঞ্চলটোৱে তেওঁৰ অন্তৰত বাস কৰে।

 

শ্ৰী অমিত শ্বাহে কয় যে বিৰোধী চৰকাৰৰ দিনত অসমত গুলী, বোমা বিস্ফোৰণ, সংঘাত আৰু যুৱক-যুৱতীসকলৰ মৃত্যুৰ পৰিবেশে বিৰাজ কৰিছিল। ইয়াৰ বিপৰীতে তেওঁ কয় যে মোদী জী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ১০ হাজাৰৰো অধিক যুৱকে ২০ খনৰো অধিক চুক্তিৰ অধীনত অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰাত অসম আৰু উত্তৰ-পূৰ্বাঞ্চল সুৰক্ষিত হৈ পৰিছে। শ্ৰী শ্বাহে কয় যে ইয়াত এসময়ত কাৰ্ফিউ, বোমা বিস্ফোৰণ আৰু গুলীৰ শব্দ শুনাৰ বিপৰীতে আজি ইয়াৰ পৰাই ভূপেন দাৰ সংগীত সমগ্ৰ বিশ্বত প্ৰতিধ্বনিত হৈছে। তেওঁ কয় যে মোদী চৰকাৰেই ভূপেন হাজৰিকা আৰু ভাৰত মাতাৰ সু পুত্ৰ গোপীনাথ বৰদলৈক ৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰিছে। আমি ইয়াত শান্তি, সুশাসন, উন্নয়ন আৰু সকলোকে একেলগে লৈ আগবাঢ়ি যোৱাৰ এক নতুন পৰম্পৰা আৰম্ভ কৰিছো।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে ২০২১-ত ডিব্ৰুগড়ৰ ভূমিতেই বিৰোধী চৰকাৰে অসম-বিৰোধী আৰু বিশ্বজুৰি অসমৰ চাহৰ ভাবমূৰ্তিক ম্লান কৰাৰ লক্ষ্যৰে টুলকিট প্ৰচাৰ কৰিছিল। তেওঁ কয় যে বিৰোধী চৰকাৰসমূহে অসমৰ আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ কল্যাণৰ বাবে আজিলৈকে একোৱেই কৰা নাই। শ্ৰী শ্বাহে কয় যে আমাৰ দলৰ চৰকাৰে ২০২৫-ত ভূমি ধাৰণ সংশোধনী আইন গৃহীত কৰিছিল, ইয়াৰ ফলশ্ৰুতিত ৮২৫ খন চাহ বাগিচাৰ ৩ লাখৰো অধিক চাঁওতাল, কোল, ভীল, মুণ্ডা আৰু বাঙালী শ্ৰমিক মাটিৰ মালিক হৈ পৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী জী আৰু অসম চৰকাৰে প্ৰচেষ্টা গ্ৰহণেৰে মহাবীৰ লাচিত বৰফুকনৰ জীৱনীক দেশৰ ২৩ টা ভাষালৈ অনুবাদ কৰিছে।

 

শ্ৰী অমিত শ্বাহে কয় যে বিৰোধী চৰকাৰসমূহে অসমত অনুপ্ৰৱেশৰ অনুমতি দি ভোট-বেংকৰ ৰাজনীতিক ক্ষমতা লাভৰ অস্ত্ৰলৈ ৰূপান্তৰিত কৰিছিল। তেওঁ কয় যে অসম চৰকাৰে জনগাঁথনি সলনি কৰাৰ প্ৰক্ৰিয়া বন্ধ কৰি ১ লাখ ২৬ হাজাৰ একৰ ভূমিক অনুপ্ৰৱেশকাৰীৰ কৱলৰ পৰা মুক্ত কৰিছে। শ্ৰী শ্বাহে কয় যে হিমন্ত বিশ্ব শৰ্মা জীৰ নেতৃত্বত আমি প্ৰতিজন অনুপ্ৰৱেশকাৰীক অসমৰ পৰা উচ্ছেদ কৰিম। তেওঁ কয় যে অনুপ্ৰৱেশকাৰীয়ে অসম বা দেশক কোনো ধৰণে উপকৃত কৰিব নোৱাৰে। ইয়াৰ বিপৰীতে তেওঁলোকে আমাৰ জনগাঁথনি সলনি কৰিছে আৰু লগতে দেশৰ নিৰাপত্তাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। তেওঁ কয় যে জনগাঁথনিৰ পৰিৱৰ্তন ৰোধ নকৰিলে অনাগত দিনত অসম অসুবিধাৰ সন্মুখীন হ’ব পাৰে আৰু কেৱল আমাৰ চৰকাৰেহে ইয়াক ৰোধ কৰিব পাৰিব। শ্ৰী শ্বাহে কয় যে আগতে অসমৰ সীমা অনুপ্ৰৱেশকাৰীৰ বাবে মুকলি আছিল, কিন্তু প্ৰধানমন্ত্ৰী মোদী জী আৰু অসম চৰকাৰে মিলি অসমৰ সীমান্তত অনুপ্ৰৱেশকাৰীক প্ৰৱেশ কৰাত বাধা দিছে। শ্ৰী শ্বাহে কয় যে বিৰোধী দলে ভোট বেংকৰ স্বাৰ্থত শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্ম ভূমিক অনুপ্ৰৱেশকাৰীক গতাই দিছিল, যাক অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এতিয়া অনুপ্ৰৱেশকাৰী-মুক্ত কৰি তুলিছে।

 

শ্ৰী অমিত শ্বাহে কয় যে যোৱা ৫ বছৰত আমি অসমতো অতিশয় উল্লেখযোগ্য অৰ্থনৈতিক সংস্কাৰ সাধন কৰিছো। তেওঁ কয় যে আমি অসমৰ জিএছডিপি ৪.১ লাখ কোটি টকাৰ পৰা ৭.২ লাখ কোটি টকালৈ বৃদ্ধি কৰিছো। তেওঁ কয় যে বিৰোধী দলৰ শাসন কালত অসমত বোমা বিস্ফোৰণ, হিংসা আৰু যুৱক-যুৱতীৰ মৃত্যুৰ পৰিবেশে বিৰাজ কৰাৰ বিপৰীতে মোদী চৰকাৰৰ দিনত যুৱক-যুৱতীসকলৰ আয় ৫০ শতাংশ পৰ্য্যন্ত বৃদ্ধি পাইছে। তেওঁ কয় যে আমি শান্তি, উন্নয়ন, শিক্ষা, উদ্যোগ আৰু কৰ্মসংস্থাপন বিচৰা মাত্ৰেকে সেয়া কেৱল আমাৰ চৰকাৰেহে প্ৰদান কৰিব পাৰে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলৰ মাজত ক্ৰীড়াৰ প্ৰতি উৎসাহৰ মনোভাৱ জগাই তুলিছে। ৰাষ্ট্রীয় বা আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতা নিৰ্বিশেশে ভাৰতৰ যুৱক-যুৱতীসকলে আজি ক্ৰীড়াৰ ক্ষেত্ৰত অতিশয় উত্তম প্ৰদৰ্শন আগবঢ়াইছে বুলিও তেওঁ কয়। শ্ৰী শ্বাহে কয় যে আন্তঃগাঁথনি, খেলাৰ সুবিধা, আধুনিক প্ৰশিক্ষণৰ ব্যৱস্থা, স্বচ্ছ বাছনি প্ৰক্ৰিয়া আৰু খেলুৱৈসকললৈ চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন অবিহনে যুৱক-যুৱতীসকলৰ উৎসাহে পূৰ্ণতা লাভ নকৰিলে হেঁতেন। তেওঁ কয় যে আজি ডিব্ৰুগড়ত অত্যাধুনিক সা-সুবিধাৰে সজ্জিত বিশ্বমানৰ বহু-শাখা ক্ৰীড়া কমপ্লেক্সৰ প্ৰথম-পৰ্য্যায়ৰ উদ্বোধন কৰা হৈছে। ২৩৮ কোটি টকা ব্যয় সাপেক্ষে ১০৬ বিঘা ভূমিত এখন ইনড’ৰ ষ্টেডিয়াম, চুইমিং পুল, ফুটবল খেলপথাৰ, লন টেনিছ ক’ৰ্ট, বাস্কেটবল ক’ৰ্ট, ভলীবল ক’ৰ্ট, খেলুৱৈসকলৰ বাবে হোষ্টেল আৰু প্ৰশিক্ষকসকলৰ বাবে আশ্ৰয়ৰ ব্যৱস্থা নিৰ্মাণ কৰা হৈছে। তেওঁ কয় যে ইয়াৰ সমান্তৰালকৈ ২০৯ কোটি টকা ব্যয় সাপেক্ষে দ্বিতীয়-পৰ্য্যায়ৰ ক্ৰীড়া কমপ্লেক্সৰ আধাৰশিলাও স্থাপন কৰা হৈছে।

 

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ডিব্ৰুগড়ৰ অসম বিধানসভা কমপ্লেক্সৰ সমান্তৰালকৈ ৰাজ্যৰ বিধায়কসকলৰ বাবে হাউছিং প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰা হৈছে। তেওঁ কয় যে ২৯২ কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড়ত এখনি বন্যপ্ৰাণী গৱেষণা প্ৰতিষ্ঠানো স্থাপন কৰা হ’ব। এই প্ৰতিষ্ঠানত ৰোগ নিৰীক্ষণ, গৱেষণা আৰু নিদানৰ লগতে সামৰ্থ্য বিকাশৰ সুবিধা থাকিব। তেওঁ এই প্ৰতিষ্ঠানত কেৱল জীৱ-জন্তুৰ বাবেই নহয়, বৰঞ্চ চৰাই-চিৰিকতিৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। শ্ৰী শ্বাহে কয় যে এই প্ৰতিষ্ঠানত বৈজ্ঞানিক গৱেষণা আৰু জেনেটিক ৰোগ সম্পৰ্কে অধ্যয়নৰ ব্যৱস্থাও থাকিব, ইয়াৰ বাবে ইয়াক বিশ্বৰ এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰা হ’ব।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে বাপুৱে তেওঁৰ আন্দোলনৰ জৰিয়তে সমগ্ৰ দেশক জাগ্ৰত কৰি আমাৰ বাবে স্বৰাজ নিশ্চিত কৰিছিল। মন্ত্ৰীগৰাকীয়ে পবিত্ৰ তিথিত মহামানৱলৈ শ্ৰদ্ধাৰে প্ৰণাম জনায়।

****

 

RK/RR/PR/PS/SB


(रिलीज़ आईडी: 2220997) आगंतुक पटल : 26
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Gujarati , Tamil , Kannada