বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

অৰ্থনৈতিক আৰু ব্যৱহাৰিক দিশৰ পৰা ভাৰত পূৰ্বতকৈ অধিক নগৰীয়া হৈ পৰিছে: অৰ্থনৈতিক সমীক্ষা ২০২৫-২৬

ভাৰতে ২৪খন চহৰৰ আশে-পাশে প্ৰায় ১,০৩৬ কিলোমিটাৰ মেট্ৰ’/আৰ আৰ টি এছ অপাৰেচনেলৰ সৈতে ৰাজহুৱা পৰিবহণ দ্ৰুত সম্প্ৰসাৰণ হৈছে

২০২৫–২৬ চনৰ ভিতৰত নগৰীয়া ৱাৰ্ডৰ দুৱাৰে দুৱাৰে পৌৰসভাৰ কঠিন আৱৰ্জনা (MSW)ৰ সংগ্ৰহ ৯৮ শতাংশলৈ বৃদ্ধি

প্ৰধানমন্ত্ৰী আৱাস যোজনা– নগৰীয়া (PMAY-U) ৰ দুটা পৰ্যায়ৰ অধীনত ১২২.০৬ লাখ ঘৰ অনুমোদন
ভৱিষ্যতৰ নগৰীয়া নীতিয়ে স্বতন্ত্ৰ প্ৰকল্পতকৈ ব্যৱস্থাৰ কাম-কাজক অগ্ৰাধিকাৰ দিব লাগিব বুলি কয় অৰ্থনৈতিক সমীক্ষাই

प्रविष्टि तिथि: 29 JAN 2026 1:42PM by PIB Guwahati

ভাৰতৰ চহৰসমূহ কেৱল বাসস্থান নহয়, মূল অৰ্থনৈতিক আন্তঃগাঁথনি হিচাপেও কাম কৰে। ঘনত্ব আৰু সান্নিধ্যই অৰ্থনৈতিক ব্যৱস্থাক একেলগে উৎপাদনশীল, শ্ৰম বজাৰ আৰু উদ্ভাৱনীমূলক কৰি তুলিছে। ভাৰতৰ অৰ্থনৈতিক বিকাশৰ মূল নিৰ্ণায়ক হিচাপে চহৰৰ অৰ্থনৈতিক ভূমিকাই আত্মপ্ৰকাশ কৰিছে। চহৰসমূহৰ এই অৰ্থনৈতিক ভূমিকাক আজি সংসদত উত্থাপন কৰা ২০২৫-২৬ চনৰ অৰ্থনৈতিক সমীক্ষাত উজ্জ্বল কৰি তুলিছে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে।

এই অধ্যয়নত কোৱা হৈছে যে ভাৰতে বিগত দশকৰ তুলনাত বহু বেছি দ্ৰুত গতিত ইয়াৰ ৰেপিড ট্ৰেনজিট ব্যৱস্থা সম্প্ৰসাৰণ হৈছে। ২০২৫ চনলৈকে দেশৰ ২৪খন চহৰত প্ৰায় ১,০৩৬ কিলোমিটাৰ মেট্ৰ’/আৰ আৰ টি এছ পথ নিৰ্মাণ কৰা হৈছে।

অধ্যয়নটোত লগতে কোৱা হৈছে যে বাছ সেৱা যাত্ৰী অনুকূল কৰি তুলিবলৈ চৰকাৰে পিএম ই-বাছ সেৱা আৰম্ভ কৰিছে। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ ভিত্তিত ১০ হাজাৰ চহৰভিত্তিক ই-বাছ সেৱা আৰম্ভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে ২০ হাজাৰ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য লাভ কৰা হৈছে। ২০২৫ চনৰ বিত্তীয় বৰ্ষত ১৪খন চহৰ আৰু ৪খন কেন্দ্ৰীয় শাসিত অঞ্চলত ৭,২৯৩খন ই-বাছৰ অনুমোদন লাভ কৰা হৈছে।

প্ৰযুক্তিৰ ব্যৱহাৰক স্মাৰ্ট চিটি মিছনৰ অংশ হিচাপে গঢ়ি তোলা হৈছে। স্মাৰ্ট ৰোড, চাইকেল ট্ৰেক, কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ আৰু উন্নত নলা-নৰ্দমা ব্যৱস্থাপনাৰ বাবে প্ৰায় ১.৬৪ লাখ কোটি টকা ব্যয় সাপেক্ষে ৮০৬৭টা প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে।

সমীক্ষাত লগতে কোৱা হৈছে যে ১০ লাখতকৈ অধিক জনসংখ্যা থকা চহৰসমূহৰ বাবে ২০ বছৰীয়া বিধিগত ব্যৱস্থা আৰু অৰ্থনৈতিক পৰিকল্পনা প্ৰস্তুত কৰা হ’ব। ইয়াৰ মূল উপাদানসমূহ হ’ব বাহন নেটৱৰ্ক পৰিকল্পনা, ঘৰভিত্তিক যোগান পৰিকল্পনা আৰু আন্তঃগাঁথনি কৰিডৰৰ সৈতে জড়িত ভূমি মূল্যভিত্তিক আন্তঃগাঁথনি সম্প্ৰসাৰণ।.

উপসংহাৰ

ভৱিষ্যতৰ নগৰ নীতিয়ে গৃহ নিৰ্মাণ, গতিশীলতা, অনাময়, জলবায়ুৰ সুস্থিৰতা আৰু বিত্তক একত্ৰিত কৰি স্বতন্ত্ৰ প্ৰকল্পতকৈ ব্যৱস্থাৰ পৰিৱেশনক অগ্ৰাধিকাৰ দিব লাগিব আৰু একে সময়তে অন্তৰ্ভুক্তি আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক দক্ষতাক সমৰ্থন কৰা বসবাসযোগ্য, জলবায়ুৰ বাবে প্ৰস্তুত চহৰৰ ডিজাইন কৰিব লাগিব।

২০২৫- ২৬ চনৰ অৰ্থনৈতিক সমীক্ষাই কয় যে ভাৰতৰ নগৰীয়া ভৱিষ্যত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি আমাৰ চহৰসমূহক অৰ্থনৈতিকভাৱে গতিশীল, সামাজিকভাৱে অন্তৰ্ভুক্ত, পৰিৱেশগতভাৱে বহনক্ষম আৰু প্ৰতিষ্ঠানিকভাৱে সক্ষম কৰি তোলাত নিহিত হৈ আছে।

****

SR/SK/VT/DB


(रिलीज़ आईडी: 2220684) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Telugu , Kannada , Malayalam