প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দিল্লীত বাৰ্ষিক এন চি চি পিএম ৰেলীৰ আভাস দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 28 JAN 2026 9:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কাৰিয়াপ্পা পেৰেড খেলপথাৰত এন চি চিৰ বাৰ্ষিক পিএম ৰেলীত দিয়া ভাষণৰ  আভাস দাঙি ধৰে। এন চি চি দিৱস উপলক্ষ্যে আয়োজিত অনুষ্ঠানক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এন চি চি, এন এছ এছৰ কেডেট, টাবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মী আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ অংশগ্ৰহণকাৰীসকলৰ প্ৰচেষ্টা তেওঁলোকৰ সমন্বিত প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছে।

এক্সত দিয়া ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয়-

‘আজি পুৱা বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ লগতে কেইবাজনো সহযোগী আঁতৰি গ'ল ।অজিত দাদাই ৰাজ্যখনৰ লগতে দেশৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।এই শোকৰ মুহূৰ্তত আমি এই দুৰ্ঘটনাত আপোনজনক হেৰুওৱা সকলোৰ পৰিয়ালৰ সৈতে থিয় দিছো।”

“আজি সমগ্ৰ বিশ্বই যুৱ ভাৰতৰ যুৱ শক্তিৰ প্ৰতি অতি আস্থাৰে চাই আছে। এই আত্মবিশ্বাসৰ কাৰণ হৈছে মাতৃভূমিৰ প্ৰতি থকা অপৰিসীম ভক্তি আৰু কৰ্মভূমিৰ প্ৰতি অতুলনীয় সমৰ্পণ!”

“ইউৰোপীয় সংঘৰ সৈতে  হোৱা চুক্তি ‘মাদাৰ অৱ অল ডিলছ’ৰ অৰ্থ হ’ল ইউৰোপৰ ২৭খন দেশত ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ!”

"অপাৰেচন সিন্দূৰে প্ৰমাণ কৰিলে যে আমাৰ থলুৱা অস্ত্ৰ-শস্ত্ৰসমূহ কিমান উন্নত আৰু উচ্চ প্ৰযুক্তিৰ।এআই আৰু প্ৰতিৰক্ষা উদ্ভাৱনে আমাৰ বাহিনীসমূহক আৰু অধিক আধুনিকীকৰণ কৰিছে, আমাৰ যুৱ সহকৰ্মীসকলৰ বাবে সম্ভাৱনাসমূহ বহু পৰিমাণে সম্প্ৰসাৰিত কৰিছে।"

"আমি এতিয়া দেশত যুৱ ভোটাৰৰ বাবে এক নতুন পৰম্পৰা আৰম্ভ কৰিব লাগিব। ইয়াৰ বাবে প্ৰতি বছৰে ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত এনচিচি-এনএছএছ আৰু মেৰা যুৱ ভাৰত সংগঠনে প্ৰথমবাৰৰ বাবে ভোটাৰক সন্মান জনোৱাৰ অৰ্থে এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে।"

"এক পেড় মা কে নাম" অভিযানৰ অধীনত এনচিচিয়ে প্ৰায় ৮ লাখ গছপুলি ৰোপণ কৰা বুলি জানিব পাৰি মই আনন্দিত হৈছো। আমি ৰোপণ কৰা গছবোৰ যাতে ভালদৰে বৃদ্ধি পায়, সেয়া নিশ্চিত কৰাটো আমাৰ কৰ্তব্য।"

"আমাৰ যুৱক-যুৱতীসকলৰ এটা ডাঙৰ পৰীক্ষা হ'ল ভৱিষ্যতে তেওঁলোক কিমান ফিট হৈ থাকিব। মই তেওঁলোকক অনুশাসিত জীৱনশৈলী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো..."

 

***

MJPS/VJ/DM


(रिलीज़ आईडी: 2219886) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Gujarati , Telugu , Malayalam