গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে গান্ধীনগৰত গুজৰাট জৈৱ প্ৰযুক্তি গৱেষণা কেন্দ্ৰৰ বিএছএল-৪ বাঅ’-কন্টেইনমেন্ট ফেচিলিটিৰ আধাৰশিলা স্থাপন কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজ্ঞান আৰু প্ৰযুক্তিক দেশৰ সামগ্ৰিক উন্নয়নৰ স্তম্ভ বুলি বিশ্বাস কৰে আৰু বিএছএল-৪ লেব এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ
বিএছএল-৪ বাঅ’-কন্টেইনমেন্ট ফেচিলিটিৰ স্থাপন কাৰ্য্যই দেশত জৈৱ-সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন যুগৰ আৰম্ভণিক সূচিত কৰিছে আৰু ই স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত কৱচ হিচাপে কাম কৰিব
বিএছএল-৪ লেব কাৰ্য্যক্ষম হোৱাৰ পিছত বিপজ্জনক ভাইৰাছৰ নমুনা পৰীক্ষাৰ ক্ষেত্ৰত বিদেশৰ ওপৰত আমাৰ নিৰ্ভৰশীলতাৰ অন্ত পৰিব আৰু পৰীক্ষাও দ্ৰুত হ’ব
বিএছএল-৪ বাঅ’-কন্টেইনমেন্ট ফেচিলিটিয়ে বিজ্ঞানীসকলক নিৰাপদ পৰিবেশত সংক্ৰামক আৰু মাৰাত্মক ভাইৰাছৰ ওপৰত গৱেষণা কৰিবলৈ এখনি মঞ্চ প্ৰদান কৰিব
এই লেবত জীৱ-জন্তুৰ পৰা মানুহলৈ বিয়পা ৰোগৰ অধ্যয়নৰ বাবে বিশ্ব-মানৰ সুবিধা প্ৰশস্ত হ’ব
জৈৱ প্ৰযুক্তি খণ্ডত কাম কৰা যুৱক-যুৱতীসকলে আমাৰ যুৱক-যুৱতীসকল কেৱল চাকৰি প্ৰত্যাশীয়েই নহয়, বৰঞ্চ নিয়োগ সৃষ্টিকাৰীও বুলি দেখুৱাইছে
এন্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্স (AMR) এক ‘নীৰৱ দুৰ্য্যোগ’, ইয়াৰে মোকাবিলা কৰিবলৈ এক সু-স্পষ্ট ৰোডমেপ, সময়োচিত চিকিৎসা আৰু প্ৰতিজন ব্যক্তিৰ মাজত সজাগতা সৃষ্টি কৰাটো অতিশয় প্ৰয়োজনীয়
শ্ৰী সোমনাথ মন্দিৰ ভাৰতীয় সমাজৰ বাবে গৌৰৱৰ প্ৰতীক আৰু এই মন্দিৰে ভাৰতবাসীৰ স্পন্দনশীলতা তথা অদম্য মনোভাৱক প্ৰতিনিধিত্ব কৰে
একাংশ লোকে বিজ্ঞানৰ নামত ঐতিহ্যক পাহৰি যাব বিচাৰিছিল যদিও বিজ্ঞান আৰু ঐতিহ্য যে একেলগে আগবাঢ়ি যাব পাৰে সেই কথা মোদী চৰকাৰে ১১ বছৰত প্ৰমাণিত কৰিছে
কালি মোদী জীয়ে ‘সোমনাথ স্বাভিমান পৰ্ব’ উদ্বোধন কৰিছিল আৰু আজি এই বিএছএল-৪ লেবৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই কাৰ্য্যই ভাৰতত ঐতিহ্য আৰু বিজ্ঞান এটা-আনটোৰ পৰিপূৰক বুলি প্ৰদৰ্শিত কৰিছে
प्रविष्टि तिथि:
13 JAN 2026 5:19PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ ৰাজধানী গান্ধীনগৰত গুজৰাট জৈৱ প্ৰযুক্তি গৱেষণা কেন্দ্ৰৰ বিএছএল-৪ বাঅ’-কন্টেইনমেন্ট ফেচিলিটিৰ আধাৰশিলা স্থাপন কৰে। এই কাৰ্য্যসূচীত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী হৰ্ষ সংঘৱীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।
ইয়াত সমবেতসকলক সম্বোধনেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি গুজৰাট ভূমিৰ পৰা ভাৰতৰ স্বাস্থ্য সুৰক্ষা, জৈৱ সুৰক্ষা আৰু জৈৱ খণ্ডৰ উন্নয়নৰ এক নতুন যুগৰ শুভাৰম্ভ কৰিছো। তেওঁ কয় যে গুজৰাট জৈৱ প্ৰযুক্তি গৱেষণা কেন্দ্ৰত বিএছএল-৪ বাঅ’ কন্টেইনমেন্ট ফেচিলিটিৰ আধাৰশিলা স্থাপনৰ লগে-লগে ই স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত কৱচ হিচাপে কাম কৰিব। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীৰ আধাৰত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ বিশ্বাস কৰে যে বিজ্ঞান আৰু প্ৰযুক্তি কেৱল গৱেষণা আৰু উন্নয়নতে (R&D) সীমাবদ্ধ থাকিব নালাগে, বৰঞ্চ দেশৰ সামগ্ৰিক উন্নয়নৰ এক মূল স্তম্ভ হ’ব লাগে।
শ্ৰী অমিত শ্বাহে কয় যে পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ পিছত এইটো হ’ব ভাৰতৰ দ্বিতীয়টো উচ্চ-পৰ্য্যায়ৰ পৰীক্ষাগাৰ। কিন্তু ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা এইটোৱেই হৈছে দেশৰ প্ৰথমটো এনে লেব আৰু ইয়াৰ কৃতিত্ব গুজৰাট চৰকাৰৰ। ৩৬২ কোটি টকা ব্যয় সাপেক্ষে ১১,০০০ বৰ্গমি জোৰা এক বিশাল কমপ্লেক্স নিৰ্মাণ কৰা হ’ব, যি দেশৰ জৈৱ-নিৰাপত্তাৰ এক শক্তিশালী দুৰ্গ হৈ উঠিব। তেওঁ কয় যে আমি বহু বছৰ ধৰি অত্যাধুনিক গৱেষণাৰ ক্ষেত্ৰত বিশ্বতকৈ পিছ পৰি আছিলো, কিন্তু বিএছএল-৪ বাঅ’-কন্টেইনমেন্ট ফেচিলিটিৰ জৰিয়তে জৈৱ প্ৰযুক্তি খণ্ডত কাম কৰা যুৱক-যুৱতীসকলে নতুন সুযোগ লাভ কৰিব আৰু ভাৰত এই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। বিএছএল-৪ বাঅ’-কন্টেইনমেন্ট ফেচিলিটিয়ে বিজ্ঞানীসকলক নিৰাপদ পৰিবেশত সংক্ৰামক আৰু মাৰাত্মক ভাইৰাছৰ ওপৰত গৱেষণা কৰিবলৈ এখনি মঞ্চ প্ৰদান কৰিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে সমগ্ৰ বিশ্বৰ বিএছএল পৰীক্ষাগাৰসমূহৰ সন্দৰ্ভত অধ্যয়ন কৰি বিএছএল-৪ বাঅ’-কন্টেইনমেন্ট ফেচিলিটি গঢ়ি তোলা হ’ব। এই লেবত জীৱ-জন্তুৰ পৰা মানুহলৈ বিয়পা ৰোগৰ অধ্যয়নৰ বাবে বিশ্ব-মানৰ সুবিধা প্ৰশস্ত হ’ব। শ্ৰী শ্বাহে কয় যে এক অধ্যয়ন অনুসৰি ৬০-ৰ পৰা ৭০ শতাংশ ৰোগ প্ৰাণীৰ পৰা মানুহলৈ বিয়পি পৰে, সেয়েহে ভাৰতে মানুহ আৰু প্ৰাণী উভয়ৰে সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক স্বাস্থ্য অভিযান আৰম্ভ কৰিছে। তেওঁ কয় যে এতিয়া আমাৰ বিজ্ঞানীসকলে বিপজ্জনক ভাইৰাছৰ নমুনা পৰীক্ষাৰ বাবে আৰু বহিঃৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিব নালাগিব। বিদেশৰ ওপৰত এই নিৰ্ভৰশীলতাৰ অন্ত পৰিলে পৰীক্ষা প্ৰক্ৰিয়া ক্ষীপ্ৰ হ’ব আৰু আমাক আত্ম-নিৰ্ভৰ কৰি তুলিব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিএছএল-৪ ৰ সুবিধাই সকলো প্ৰয়োজনীয়তা পূৰণ কৰিব। আমাক গৱেষণা-ভিত্তিক স্থায়ী নিৰাপত্তাৰ প্ৰয়োজন আৰু এই পৰীক্ষাগাৰে আমাৰ সকলো প্ৰয়োজন পূৰণ কৰিব।
শ্ৰী অমিত শ্বাহে কয় যে বিগত ১১ বছৰত জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অভূতপূৰ্ব বিকাশ ঘটিছে। জৈৱ খণ্ডত আমি উল্লেখযোগ্য সফলতা লাভ কৰিছো আৰু এই ক্ষেত্ৰত অসীম সম্ভাৱনা আছে। তেওঁ কয় যে ২০১৪-ত ভাৰতৰ জৈৱ অৰ্থনীতিৰ মূল্য আছিল ১০ বিলিয়ন মাৰ্কিন ডলাৰ আৰু ২০২৪ বিত্তীয় বৰ্ষৰ শেষলৈ ইয়াৰ মূল্য ১৬৬ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে মাত্ৰ ১০ বছৰতে ১৭ গুণ বৃদ্ধিয়ে দেখুৱাইছে যে ভাৰতৰ যুৱক-যুৱতী আৰু উদ্যোগীসকলে জৈৱ অৰ্থনীতি খণ্ডত যথেষ্ট সফলতা লাভ কৰিব পাৰে। তেওঁলোকলৈ চৰকাৰৰ পৰা সহায় আৰু প্ৰয়োজনীয় আন্তঃগাঁথনি আগবঢ়োৱা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীয়ে কয় যে ২০১৪-ত জৈৱ প্ৰযুক্তি খণ্ডত কাম কৰা ষ্টাৰ্টআপৰ সংখ্যা ৫০০ ত কৈয়ো কম আছিল, যি পৰিসংখ্যা ২০২৫-ৰ ভিতৰত ১০ হাজাৰৰো অধিক বৃদ্ধি পাইছে। ২০১৪-ত জৈৱ ইনকিউবেটৰৰ সংখ্যা আছিল ৬ টা আৰু ২০২৫ লৈকে এয়া ৯৫ লৈ বৃদ্ধি পাইছে। আমাৰ আগতে ৬০,০০০ বৰ্গফুট ইনকিউবেচন স্থান আছিল, যি আজি ১৫ গুণ বৃদ্ধি পাই ৯ লাখ বৰ্গফুট হয়। আগতে বজাৰত মাত্ৰ কেইটামান সামগ্ৰীহে আছিল যদিও এতিয়া ৮০০ ৰো অধিক সামগ্ৰী মুকলি কৰা হৈছে।
তেওঁ কয় যে যদি আমি যিকোনো খণ্ডৰ ভৱিষ্যৎ, দেশৰ সম্ভাৱনা আৰু ইয়াৰ প্ৰতি যুৱক-যুৱতীসকলৰ আগ্ৰহৰ মূল্যায়ন কৰিব বিচাৰো তেন্তে পেটেন্ট দাখিল কাৰ্য্য এটা ভাল সূচক। তেওঁ উল্লেখ কৰে যে ২০১৪-ত ভাৰতে এই খণ্ডত ১২৫ পেটেন্ট দাখিল কৰিছিল আৰু ২০২৫-লৈকে এই পৰিসংখ্যা ১,৩০০-ত উপনীত হৈছে। আগতে ব্যক্তিগত পুঁজি আছিল ১০ কোটি টকা, কিন্তু এতিয়া এই খণ্ডত বিনিয়োগৰ মূল্য ৭,০০০ কোটি টকা হৈছেগৈ। শ্ৰী শ্বাহে কয় যে জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব বিচৰা যুৱক-যুৱতীসকলৰ ভৱিষ্যৎ উজ্জ্বল। জৈৱ প্ৰযুক্তি খণ্ডত কাম কৰা যুৱক-যুৱতীসকলে আমাৰ যুৱক-যুৱতীসকল কেৱল চাকৰি প্ৰত্যাশীয়েই নহয়, বৰঞ্চ নিয়োগ সৃষ্টিকাৰীও বুলি দেখুৱাইছে।
শ্ৰী অমিত শ্বাহে কয় যে ভাৰত এক প্ৰকাৰে বিশ্বৰ সৰ্ববৃহৎ ভেকচিন উৎপাদনকাৰী দেশ। বিশ্বৰ ষাঠি শতাংশ ভেকচিন ভাৰতত প্ৰস্তুত কৰা হয়। দেশৰ প্ৰথমটো থলুৱা ছাৰ্ভাইকেল কেন্সাৰ ভেকচিন, চাৰ্ভাভেক আৰু বিশ্বৰ প্ৰথম ডিএনএ-ভিত্তিক ক’ভিড-১৯ ভেকচিন ভাৰতত প্ৰস্তুত কৰা হৈছে। এইসমূহে ভাৰতৰ এই ক্ষেত্ৰত বহু আগুৱাই যোৱাৰ অসীম সম্ভাৱনাকে প্ৰতিফলিত কৰিছে।
তেওঁ কয় যে ভাৰত চৰকাৰে বাঅ’ ই-৩ (E-3: ইকনমি, এনভাৰমেন্ট আৰু এমপ্লয়মেন্ট) নীতি ৰূপায়ণ কৰি জৈৱ প্ৰযুক্তিক প্ৰসাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিয়ে আমাক বহু আগুৱাই নিব। শ্ৰী শ্বাহে লগতে কয় যে জিনম ইণ্ডিয়া প্ৰজেক্টৰ অধীনত আমি ১০ হাজাৰৰো অধিক ব্যক্তিৰ জিনম ছিকুৱেন্সিং ডাটা সংৰক্ষণ কৰিছো, এয়া আমাৰ বাবে এক বৃহৎ সফলতা।
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীয়ে কয় যে দুটা দশকৰ পূৰ্বে শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰে গুজৰাট ৰাজ্যিক জৈৱ প্ৰযুক্তি অভিযানৰ শুভাৰম্ভ কৰা হৈছিল। সেই সময়ত বহুতে ইয়াক কেৱল সপোন বুলি ভাবিছিল, কিন্তু দূৰদৰ্শী নেতৃত্বৰে শ্ৰী মোদীয়ে এছিয়াৰ প্ৰথমখন সমৰ্পিত জৈৱ প্ৰযুক্তি বিশ্ববিদ্যালয় স্থাপন কৰিছিল আৰু গুজৰাট জৈৱ প্ৰযুক্তি বিশ্ববিদ্যালয়ে দেশখনৰ বাবে এক নতুন আৰম্ভণিৰ সূচনা কৰিছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ২০১৮-ত গুজৰাট জৈৱ প্ৰযুক্তি গৱেষণা কেন্দ্ৰ উদ্বোধন কৰিছিল।
তেওঁ কয় যে আজি গুজৰাট জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ অন্যতম। বিএছএল-৪ ফেচিলিটি কাৰ্য্যক্ষম হ’লেই এই ক্ষেত্ৰত গুজৰাটে প্ৰথম স্থান দখল কৰিব।
শ্ৰী অমিত শ্বাহে কয় যে জৈৱ প্ৰযুক্তি নীতিৰ অধীনত ২০ হাজাৰ কোটি টকাৰ বিনিয়োগ আৰু ১ লাখ নিয়োগ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মেগা প্ৰজেক্টৰ বাবেও বিশেষ সহায়ৰ কথা ঘোষণা কৰা হৈছে। তেওঁ লগতে কয় যে ভাৰত চৰকাৰৰ গভীৰ মহাসাগৰীয় অভিযানত গুজৰাট জৈৱ প্ৰযুক্তি গৱেষণা কেন্দ্ৰই অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে কেইবছৰমান পূৰ্বে ক’ভিড-১৯ এ সমগ্ৰ বিশ্বক কঁপাই তুলিছিল। সেই সময়ত আমাৰ স্বাস্থ্য আন্তঃগাঁথনি উন্নত দেশৰ দৰে শক্তিশালী নাছিল। তেওঁ কয় যে ভাৰতে ক’ভিড-১৯ ৰ বিৰুদ্ধে বিশ্বৰ আন দেশতকৈ ভালকৈ যুঁজিছিল। ভাৰতে ইয়াৰ ১৪০ কোটি জনসাধাৰণক দুবাৰকৈ টিকাকৰণ কৰিছিল আৰু প্ৰধানমন্ত্ৰী মোদীৰ হাঁহিমুখীয়া মুখখন সহ সকলোৱে নিজৰ-নিজৰ প্ৰমাণপত্ৰ নিমিষতে ম’বাইলত লাভ কৰিছিল— এয়া আছিল প্ৰযুক্তিৰ এক আশ্চৰ্য্য।
শ্ৰী শ্বাহে কয় যে যেতিয়া বিশ্বখন অস্থিৰ হৈ পৰিছিল আৰু ভাৰতত ৩০০ ত কৈয়ো কম ক’ভিড ৰোগী আছিল তথা আমাৰ পৰীক্ষণৰ সুবিধাসমূহ অনুন্নত আছিল, তেতিয়াও প্ৰধানমন্ত্ৰী মোদীয়ে ভেকচিন প্ৰস্তুতৰ বাবে এটা দল গঠন কৰিছিল। ফলশ্ৰুতিত ভাৰতত দুটা ভেকচিন প্ৰস্তুত কৰা হৈছিল। সমগ্ৰ ১৪০ কোটি লোকক টিকাকৰণ কৰা হৈছিল আৰু ভাৰতে বিশ্বৰ ৭০ খন দেশলৈ ভেকচিনৰ যোগানো ধৰিছিল। তেওঁ কয় যে আগতে বিদেশত বিকশিত কৰা ভেকচিনো ১১–১২ বছৰৰ পাছত ভাৰতত উপলব্ধ হৈছিল আৰু জনতাক টিকাকৰণ এটা অলীক সপোন আছিল। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে প্ৰথমে ভেকচিন প্ৰস্তুত কৰিছিল, প্ৰথমে এই ভেকচিন প্ৰদান কৰিছিল, লগতে বিশ্বৰ বহু দেশক ক’ভিড-১৯ ৰ পৰা ৰক্ষা পৰাত সহায় কৰিছিল।
শ্ৰী অমিত শ্বাহে কয় যে দেশত নিৰ্মাণ হৈ থকা দ্বিতীয়টো বিএছএল-৪ সুবিধাই এতিয়া আমাক অধিক আগুৱাই নিব। তেওঁ কয় যে ১৪০ কোটি লোকৰ বাবে এতিয়ালৈকে পুনেত মাত্ৰ এটা বিএছএল-৪ পৰীক্ষাগাৰহে আছে, যাৰ বাবে শ-শ কিমি দূৰলৈ নমুনা প্ৰেৰণ কৰিবলগীয়া হৈছে। কিন্তু নিৰ্মাণ হৈ থকা নতুন পৰীক্ষাগাৰে আমাক বহু সুবিধা প্ৰদান কৰিব।
গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এন্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্স (AMR) এক ‘নীৰৱ দুৰ্য্যোগ’, ইয়াৰে মোকাবিলা কৰিবলৈ এক সু-স্পষ্ট ৰোডমেপ, সময়োচিত চিকিৎসা আৰু প্ৰতিজন ব্যক্তিৰ মাজত সজাগতা সৃষ্টি কৰাটো অতিশয় প্ৰয়োজনীয়। শ্ৰী শ্বাহে লগতে কয় যে উন্নয়ন আৰু বিজ্ঞান ঐতিহ্যৰ বিৰোধী নহয়; উভয়েই ৰাষ্ট্ৰৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা আৰু উভয়েই একেলগে আগবাঢ়িব পাৰে।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সোমনাথত সোমনাথ স্বাভিমান পৰ্ব উদযাপন কৰাৰ লগতে সোমনাথ স্বাভিমান বৰ্ষৰো শুভাৰম্ভ কৰিছিল। ১৬ বাৰ আক্ৰমণৰ সন্মুখীন হোৱা এই প্ৰাচীন শিৱ মন্দিৰ প্ৰতিবাৰেই নতুনকৈ থিয় দি আহিছে। ইয়াক ধ্বংস কৰিবলৈ অপচেষ্টা কৰাসকলৰ এতিয়া কোনো অস্তিত্ব নাই, কিন্তু মন্দিৰৰ ধ্বজা আজিও উৰি আছে।
তেওঁ কয় যে বিশাল সোমনাথ মন্দিৰ কেৱল জ্যোতিৰ্লিংগ বা শিৱ মন্দিৰ নহয়, বৰঞ্চ সমগ্ৰ ভাৰতীয় সমাজৰ বাবে গৌৰৱৰ প্ৰতীক। সনাতন ধৰ্মৰ প্ৰতি সন্মান আৰু ভাৰতবাসীৰ প্ৰাণশক্তি তথা স্পন্দনশীলতাৰ প্ৰতীক হৈছে সোমনাথ মন্দিৰ। তেওঁ কয় যে বিশ্বৰ হয়তো আন কোনো স্থান নাই যিয়ে ১৬ বাৰ আক্ৰমণ সহ্য কৰিও আজিও মৰ্য্যাদা সহকাৰে থিয় দি আছে। শ্ৰী শ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে আমাৰ এই ঐতিহ্যক সমগ্ৰ বিশ্বৰ আগত চিনাকি কৰাই দিছে। একাংশ লোকে বিজ্ঞানৰ নামত ঐতিহ্যক পাহৰি যাব বিচাৰিছিল যদিও বিজ্ঞান আৰু ঐতিহ্য যে একেলগে আগবাঢ়ি যাব পাৰে সেই কথা মোদী চৰকাৰে ১১ বছৰত প্ৰমাণিত কৰিছে। তেওঁ কয় যে কালি মোদী জীয়ে ‘সোমনাথ স্বাভিমান পৰ্ব’ উদ্বোধন কৰিছিল আৰু আজি এই বিএছএল-৪ লেবৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই কাৰ্য্যই ভাৰতত ঐতিহ্য আৰু বিজ্ঞান এটা-আনটোৰ পৰিপূৰক বুলি প্ৰদৰ্শিত কৰিছে।
*****
RK/PR/PS/SK/SB
(रिलीज़ आईडी: 2215563)
आगंतुक पटल : 10