গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে উত্তৰায়ণৰ পবিত্ৰ উপলক্ষত আহমেদাবাদৰ শ্ৰী জগন্নাথ মন্দিৰত প্ৰাৰ্থনা আৰু পূজা-অৰ্চনা কৰাৰ লগতে গো মাতা পূজন কৰে
গৃহমন্ত্ৰীয়ে আহমেদাবাদৰ থালটেজস্থিত গুৰুদ্বাৰ গোবিন্দ ধামত প্ৰণাম জনায়
গৃহমন্ত্ৰীগৰাকীয়ে আহমেদাবাদত অনুষ্ঠিত চিলা উৎসৱতো অংশগ্ৰহণ কৰে
সমগ্ৰ গুজৰাটতে পৰম আনন্দ আৰু উৎসাহেৰে উত্তৰায়ণ উৎসৱ উদযাপন কৰা হৈছে
সনাতন ধৰ্মত গো মাতাক সেৱা আৰু পূজনৰ বিশেষ তাৎপৰ্য্য আছে
মহাপ্ৰভুয়ে সদায় ৰাষ্ট্ৰবাসীক কৃপা কৰক
प्रविष्टि तिथि:
14 JAN 2026 6:23PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি উত্তৰায়ণৰ পবিত্ৰ উপলক্ষত আহমেদাবাদৰ শ্ৰী জগন্নাথ মন্দিৰত প্ৰাৰ্থনা আৰু পূজা-অৰ্চনা কৰাৰ লগতে গো মাতা পূজন কৰে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে আহমেদাবাদৰ থালটেজস্থিত গুৰুদ্বাৰ গোবিন্দ ধামত প্ৰণাম জনায়। তেওঁ উত্তৰায়ণ উপলক্ষে তেওঁৰ লোকসভা সমষ্টিৰ নৰনপুৰা ৱাৰ্ড আৰু (আখবৰনগৰ আৰু অভিষেক এপাৰ্টমেন্ট) নৱ বদজ ৱাৰ্ডত আয়োজিত চিলা উৎসৱত অংশগ্ৰহণ কৰে।
এক্স-ৰ এটা প’ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়, “জয় জগন্নাথ! প্ৰতি বৰ্ষৰ দৰে এইবাৰো মোৰ উত্তৰায়ণৰ পবিত্ৰ উপলক্ষত আহমেদাবাদৰ শ্ৰী জগন্নাথ মন্দিৰত প্ৰাৰ্থনা কৰাৰ সৌভাগ্য হয়। মহাপ্ৰভুয়ে সদায় ৰাষ্ট্ৰবাসীক কৃপা কৰক।”
আন এটা প’ষ্টত গৃহমন্ত্ৰীজনে কয়, “সনাতন ধৰ্মত গো মাতাক সেৱা আৰু পূজনৰ বিশেষ তাৎপৰ্য্য আছে। আজি উত্তৰায়ণ উপলক্ষে আহমেদাবাদৰ শ্ৰী জগন্নাথ মন্দিৰত গো মাতাক পূজন কৰো।”
এক্স-ৰ আন এটা প’ষ্টত শ্ৰী অমিত শ্বাহে কয়, “সমগ্ৰ গুজৰাটতে পৰম আনন্দ আৰু উৎসাহেৰে উত্তৰায়ণ উৎসৱ উদযাপন কৰা হৈছে। আজি আহমেদাবাদৰ নৰনপুৰা ৱাৰ্ডৰ অৰ্জুন গ্ৰীণ ফ্লেটত আয়োজিত ৰাজহুৱা চিলা উৎসৱত অংশগ্ৰহণ কৰো।”
******
RK/PR/PS/SB
(रिलीज़ आईडी: 2214783)
आगंतुक पटल : 7