প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৯ খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলৰ ঘোষণাক প্ৰশংসা কৰে

प्रविष्टि तिथि: 14 JAN 2026 6:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন অমৃত ভাৰত ৰেলসমূহ সমগ্ৰ দেশতে যাত্ৰীসকলৰ আৰাম আৰু যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে।

কেন্দ্ৰীয় ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে ভিন্ন পথত ৯ খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ সন্দৰ্ভত এক্সত কৰা এলানি পষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপৰ বিস্তৃত লাভা-লাভৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন অমৃত ভাৰত ৰেলসমূহে যাত্ৰীসকলৰ অভিজ্ঞতা আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ উপৰিও বাণিজ্য আৰু পৰ্যটনৰ বিকাশতো সহায় কৰিব।

কেন্দ্ৰীয় ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে এক্স-ত শীঘ্ৰেই ৯ খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰা হ’ব বুলি ঘোষণা কৰিছে। ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ দেশতে আধুনিক যাত্ৰীবাহী ৰেলৰ নেটৱৰ্কৰ অধিক সম্প্ৰসাৰণ ঘটিব।

এই নতুন সেৱাই অসমক হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ সৈতে সংযোগ কৰিব, একেদৰে একাধিক পথে পশ্চিম বংগক তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, নতুন দিল্লী আৰু উত্তৰ প্ৰদেশৰ সৈতে সংযোগ কৰিবইয়াৰ ফলশ্ৰুতিত সমগ্ৰ ভাৰতৰ পূব, উত্তৰ, দক্ষিণ আৰু পশ্চিম অঞ্চলসমূহৰ আন্তঃৰাজ্যিক ৰেল সংযোগ যথেষ্ট সুদৃঢ় হ’ব।

এক্স-ৰ এইলানি প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়;

“নতুন অমৃত ভাৰত ৰেলসমূহ যাত্ৰীসকলৰ আৰাম আৰু যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছেইয়াৰ জৰিয়তে বাণিজ্য আৰু পৰ্যটনৰ বিকাশতো সহায়ক হ!”

*****

MJPS/ST/SB


(रिलीज़ आईडी: 2214776) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam