তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

দেশৰ ‘ডিজিটেল ক্ৰীয়েটৰ’সকলৰ সৱলীকৰণৰ বাবে প্ৰসাৰ ভাৰতী-য়ে ডিডি নিউজ-ত ‘ক্ৰিয়েটৰ্ছ কৰ্ণাৰ’ মুকলি কৰিছে

প্ৰসাৰ ভাৰতী-ৰ বাবে ২০২৬ চনটো বৃহৎ সংস্কাৰৰ বছৰ হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

‘ক্ৰিয়েটৰ্ছ কৰ্ণাৰ’-য়ে কমলা অৰ্থনীতি-ৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগী প্ৰতিফলিত কৰিছে: ড° এল মুৰুগান

‘ৱেভছ ক্ৰিয়েটৰ’য়ে অৰ্থনীতিৰ বাবে পট-পৰিৱৰ্তনকাৰী হিচাপে আত্মপ্ৰকাশ কৰিব; এক কোটি যুৱক-যুৱতীৰ সৱলীকৰণৰ লক্ষ্য; ৫,০০০ কোটি টকাৰ অৰ্থনৈতিক কাৰ্যকলাপৰ হ’ব সৃষ্টি: অশ্বিনী বৈষ্ণৱ

प्रविष्टि तिथि: 09 JAN 2026 4:14PM by PIB Guwahati

ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰসকলক স্বীকৃতি আৰু উদগণি দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰসাৰ ভাৰতী-য়ে আজি ডিডি নিউজ-ত দেশৰ বিভিন্ন প্ৰান্তৰ ডিজিটেল ক্ৰিয়েটৰসকলে সৃষ্টি কৰা কন্টেন্ট প্ৰদৰ্শনৰ বাবে এক নিৰ্দিষ্ট মঞ্চ “Creator’s Corner” (ক্ৰিয়েটৰ্ছ কৰ্ণাৰ) মুকলি কৰে।

এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিগত ১১টা বছৰত প্ৰতিটো খণ্ডতে সংস্কাৰৰ সাক্ষী হৈ আহিছে আৰু প্ৰসাৰ ভাৰতীতো এতিয়া অনুৰূপ সংস্কাৰ দৃশ্যমান হৈছে।

তেওঁ উল্লেখ কৰে যে ২০২৬ চনটো প্ৰসাৰ ভাৰতী-ৰ বাবে বৃহৎ সংস্কাৰৰ বছৰ হ’ব, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰো সম্পূৰ্ণ পুনৰ্গঠন চলি আছে। এই সংস্কাৰসমূহে দূৰদৰ্শন আৰু এআইআৰ-ৰ দৰে প্ৰতিষ্ঠানসমূহক উদ্যোগৰ অংশগ্ৰহণ, নতুন প্ৰজন্মৰ ক্ৰিয়েটৰ, আৰু প্ৰযুক্তি-চালিত প্ৰক্ৰিয়াৰ দিশত নিৰ্দেশিত কৰিব। তেওঁ কয় যে ক্ৰিয়েটৰ কৰ্ণাৰ মুকলি কৰাটো হৈছে এই সংস্কাৰ যাত্ৰাৰ প্ৰথম পদক্ষেপ। যোৱা বছৰ মুকলি কৰা WAVES প্লেটফৰ্মৰ কথা উল্লেখ কৰি তেওঁ ক্ৰিয়েটৰ অৰ্থনীতি বৃদ্ধি, এক কোটি যুৱকক সংযোজন, নতুন নিয়োগৰ সুযোগ সৃষ্টি, আৰু পৰিৱেশ তন্ত্ৰলৈ প্ৰায় ৫,০০০ কোটি টকা অৰিহণা যোগোৱাত ইয়াৰ ভূমিকাৰ প্ৰসংগ উল্লেখ কৰে।

অনুষ্ঠানত ড০ এল মুৰুগানে কয় যে কমলা অৰ্থনীতি-ৰ বাবে মাননীয় প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি দূৰদৰ্শনৰ ক্ৰিয়েটৰ্ছ কৰ্ণাৰ মুকলি কৰাটো ভাৰতৰ ক্ৰমবৰ্ধমান কণ্টেণ্ট ক্ৰিয়েটৰ সম্প্ৰদায়ৰ সৱলীকৰণৰ এক উল্লেখযোগ্য পদক্ষেপ। দেশৰ সৰু চহৰ আৰু অঞ্চলৰ ক্ৰিয়েটৰসকলে কেনেকৈ স্বতন্ত্ৰভাৱে কন্টেন্ট প্ৰস্তুত, সম্পাদনা, আৰু সহভাগ কৰি আছে, বৃহৎ ষ্টুডিঅ’ অবিহনে জীৱিকা গঢ়ি তুলিছে সেই কথাত তেওঁ আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে দূৰদৰ্শনে এতিয়া এই ক্ৰিয়েটৰসকলক এক শক্তিশালী ৰাষ্ট্ৰীয় আৰু বিশ্বজোৰা মঞ্চ প্ৰদান কৰিব, আৰু এই পদক্ষেপৰ বাবে ডিডি-ৰ দলটোক তেওঁ অভিনন্দন জনায়।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে আলোকপাত কৰে যে এই পদক্ষেপে ক্ৰিয়েটৰসকলক কেৱল অভিনেতা হিচাপেই নহয়, সম্পূৰ্ণ বিষয়বস্তু নিৰ্মাতা হিচাপেও স্বীকৃতি দি এক সজীৱ, দায়িত্বশীল, আৰু সমাৱেশী নিৰ্মাতা পৰিতন্ত্ৰ গঢ়ি তোলাত সহায় কৰিব। তেওঁ উল্লেখ কৰে যে ডিডি নিউজ-ত আৰম্ভ হোৱা ক্ৰিয়েটৰ কৰ্ণাৰ ক্ৰমাগতভাৱে দূৰদৰ্শনৰ সকলো চেনেলতে সম্প্ৰসাৰিত হ’ব, বিভিন্ন ভাষা, অঞ্চল, আৰু ধাৰাসমূহৰ নিৰ্মাতাসকলক ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰিব। তেওঁ লগতে কয় যে নিবেদিত প্ৰাইম টাইম স্লট-য়ে নিৰ্মাতাসকলক বিস্তৃত দৰ্শকৰ মাজলৈ যোৱাত সহায় কৰিব আৰু লগতে বিভিন্ন দৃষ্টিভংগীৰে ৰাজহুৱা সম্প্ৰচাৰক সমৃদ্ধ কৰিব।

ক্ৰিয়েটৰ্ছ কৰ্ণাৰ-ৰ বিষয়ে

এই পদক্ষেপৰ লক্ষ্য হৈছে প্ৰসাৰ ভাৰতী আৰু ব্যক্তিগত কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ মাজত অংশীদাৰিত্বৰ জৰিয়তে গুণগত বিষয়বস্তু সৃষ্টিৰ বাবে উৎসাহিত কৰি ডিজিটেল অৰ্থনীতিক প্ৰসাৰিত কৰা।

ক্ৰিয়েটৰ্ছ কৰ্ণাৰ-ত বাতৰি আৰু সাম্প্ৰতিক পৰিস্থিতি, সংস্কৃতি, ভ্ৰমণ, ৰান্ধনীশাল, কলা আৰু সাহিত্য, সংগীত আৰু নৃত্য, স্বাস্থ্য আৰু সুস্থতা, শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, প্ৰেৰণাদায়ক গল্প, পৰিৱেশ আৰু বহনক্ষম উন্নয়ন, আৰু মনোৰঞ্জনকে ধৰি বহুতো বিষয়বস্তুৰ অন্ৰ্ভুক্ত থাকিব।

কাৰ্যসূচী সোমবাৰৰ পৰা শুকুৰবাৰলৈ ডিডি নিউজ-ত সন্ধিয়া ৭:০০ বজাত প্ৰচাৰ কৰা হ’ব, পিছদিনা পুৱা ৯:৩০ বজাত পুনৰ প্ৰচাৰ কৰা হ’ব। প্ৰতিটো খণ্ডতে চাৰিৰ পৰা ছটা ৰিল বা বিভিন্ন বিষয়বস্তু সামৰি ভিডিঅ’ প্ৰদৰ্শন কৰা হ’ব।

এই পদক্ষেপে পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্বক প্ৰতিনিধিত্ব কৰে, ডিজিটেল ক্ৰিয়েটৰসকলক তেওঁলোকৰ কাম প্ৰদৰ্শনৰ বাবে এক বিশ্বাসযোগ্য মঞ্চ আৰু প্ৰসাৰ ভাৰতী/ডিডি নিউজ-ৰ বিস্তৃত প্ৰসাৰ প্ৰদান কৰিব, একে সময়তে প্ৰসাৰ ভাৰতী-ক কম বয়সীয়া দৰ্শকসকলৰ মাজত অনুৰণন ঘটা উদ্ভাৱনীমূলক আৰু বৈচিত্ৰময় বিষয়বস্তু কিউৰেট কৰিবলৈ সক্ষম কৰিব।

আগ্ৰহী কণ্টেণ্ট ক্ৰিয়েটৰসকলে তেওঁলোকৰ বিষয়বস্তু ddnews.creatorscorner[at]gmail[dot]com ত জমা দিব পাৰিব বা এই পদক্ষেপৰ অংশ হ'বলৈ +91-8130555806 ত যোগাযোগ কৰিব পাৰিব।

*****

Mahesh Kumar/ Vivek Vishwash/KB


(रिलीज़ आईडी: 2213148) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam