প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰবাসী ভাৰতীয় দিৱস উপলক্ষে গোলকীয় ভাৰতীয় সম্প্ৰদায়ক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 09 JAN 2026 11:58AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবাসী ভাৰতীয় দিৱস উপলক্ষে আজি গোলকীয় ভাৰতীয় সম্প্ৰদায়ক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰবাসী ভাৰতীয়সকলে ভাৰত আৰু বিশ্বৰ মাজত এক শক্তিশালী সেতু হিচাপে কাম কৰি আছে।

তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে প্ৰবাসীসকলক ভাৰতৰ আৰু অধিক ওচৰ চপাবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছেঃ

‘প্ৰবাসী ভাৰতীয় দিৱসত আন্তৰিক শুভেচ্ছা জনালো। প্ৰবাসী ভাৰতীয়সকল ভাৰত আৰু বিশ্বৰ মাজত এক শক্তিশালী সেতু হৈ আছে। তেওঁলোকে য’লৈকে গৈছে সমাজখনক সমৃদ্ধ কৰিছে আৰু একে সময়তে নিজৰ মূলৰ সৈতে সংযুক্ত হৈ আছে। মই প্ৰায়ে কওঁ যে আমাৰ প্ৰবাসীসকল হৈছে আমাৰ ৰাষ্ট্ৰদূত, যিয়ে ভাৰতৰ সংস্কৃতিক বিশ্বজুৰি জনপ্ৰিয় কৰি তুলিছে। আমাৰ চৰকাৰে আমাৰ প্ৰবাসীসকলক ভাৰতৰ আৰু অধিক ওচৰ চপাই আনিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।’

***

MJPS/SR/HS


(रिलीज़ आईडी: 2212758) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam