প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাণী ভেলু নাচিয়াৰৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 03 JAN 2026 8:16AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি ৰাণী ভেলু নাচিয়াৰৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কিংবদন্তি ৰাণীগৰাকীক শৌৰ্য্য আৰু সামৰিক দক্ষতাৰ প্ৰতিমূৰ্তি বুলি অভিহিত কৰি ভাৰতৰ অন্যতম বীৰ যোদ্ধা হিচাপে স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাণী ভেলু নাচিয়াৰে ঔপনিৱেশিক অত্যাচাৰৰ বিৰুদ্ধে থিয় দি ভাৰতীয়সকলৰ নিজৰ শাসনৰ অধিকাৰৰ কথা দৃঢ়তাৰে কৈছিল।  সুশাসন আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাই আজিও ৰাষ্ট্ৰক অনুপ্ৰাণিত কৰি আহিছে।

শ্ৰী মোদীয়ে কয় যে তেওঁৰ ত্যাগ আৰু দূৰদৰ্শী নেতৃত্বই প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব আৰু ভাৰতৰ উন্নয়নৰ যাত্ৰাত সাহস তথা দেশপ্ৰেমৰ বন্তি হিচাপে কাম কৰি যাব।

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় :

 "ৰাণী ভেলু নাচিয়াৰলৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি। ভাৰতৰ অন্যতম বীৰ যোদ্ধা হিচাপে তেওঁক স্মৰণ কৰা হয়, যি অদম্য সাহস আৰু সামৰিক দক্ষতাক মূৰ্ত কৰি তুলিছিল। তেওঁ ঔপনিৱেশিক অত্যাচাৰৰ বিৰুদ্ধে থিয় দিছিল আৰু ভাৰতীয়সকলে নিজকে শাসন কৰাৰ অধিকাৰৰ কথা দৃঢ়তাৰে উল্লেখ কৰিছিল। সুশাসন আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতি তেওঁৰ দায়বদ্ধতাও অতিশয় প্ৰশংসনীয়। তেওঁৰ ত্যাগ আৰু দূৰদৰ্শী নেতৃত্বই প্ৰজন্মৰ পাছত প্ৰজন্মক প্ৰেৰণা দি থাকিব।”

MJPS/SR/KD


(रिलीज़ आईडी: 2211078) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam