গৃহ মন্ত্ৰালয়
শ্ৰী ৰাম জন্মভূমি মন্দিৰত ৰাম লাল্লাৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে শুভেচ্ছা জ্ঞাপন কৰে
এই শুভ তিথিৰ দিনাই দুবছৰ পূৰ্বে ৫০০ বছৰী অপেক্ষাৰ অন্ত পৰিছিল আৰু শ্ৰী ৰাম জন্মভূমি মন্দিৰত ৰাম লাল্লাৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ সম্পন্ন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে
ভগৱান শ্ৰীৰামৰ আদৰ্শ আৰু জীৱনৰ মূল্যবোধৰ পুনৰুদ্ধাৰৰ প্ৰতীক এই মন্দিৰ ধৰ্ম ৰক্ষাৰ সংগ্ৰাম, সাংস্কৃতিক আত্মসন্মানৰ বাবে কৰা ত্যাগ, ঐতিহ্য সংৰক্ষণৰ প্ৰতি সমৰ্পণৰ এক অতুলনীয় প্ৰেৰণাৰ উৎস হৈ থাকিব
এই পৱিত্ৰ ক্ষণত শ্ৰী ৰাম জন্মভূমি আন্দোলনৰ সকলো শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ
प्रविष्टि तिथि:
31 DEC 2025 5:00PM by PIB Guwahati
শ্ৰী ৰাম জন্মভূমি মন্দিৰত ৰাম লাল্লাৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে শুভেচ্ছা জ্ঞাপন কৰে।
এক্স প্লেটফৰ্মত দিয়া এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়- জয় শ্ৰী ৰাম! এই অতি শুভ তিথিৰ দিনাই দুবছৰ পূৰ্বে ৫০০ বছৰৰ অপেক্ষাৰ অন্ত পৰিছিল আৰু শ্ৰী ৰাম জন্মভূমি মন্দিৰত শ্ৰী মোদীয়ে ৰাম লাল্লাৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ সম্পন্ন কৰিছিল।
‘প্ৰাণ প্ৰতিষ্ঠা’ৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে সকলোলৈ আন্তৰিক শুভেচ্ছা। ভগৱান শ্ৰীৰামৰ আদৰ্শ আৰু জীৱনৰ মূল্যবোধৰ পুনৰুদ্ধাৰৰ প্ৰতীক এই মন্দিৰ ধৰ্ম ৰক্ষাৰ সংগ্ৰাম, সাংস্কৃতিক আত্মসন্মানৰ বাবে কৰা ত্যাগ, ঐতিহ্য সংৰক্ষণৰ প্ৰতি সমৰ্পণৰ এক অতুলনীয় প্ৰেৰণাৰ উৎস হৈ থাকিব।
এই পৱিত্ৰ ক্ষণত শ্ৰী ৰাম জন্মভূমি আন্দোলনৰ সকলো শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
****
RK/PR/PS/DM
(रिलीज़ आईडी: 2210279)
आगंतुक पटल : 3