প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পবিত্ৰ প্ৰকাশ পৰ্ব উপলক্ষে শ্ৰী গুৰু গোৱিন্দ সিং জীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
27 DEC 2025 10:44AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পবিত্ৰ প্ৰকাশ পৰ্ব উপলক্ষে শ্ৰী গুৰু গোৱিন্দ সিং জীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। শ্ৰী মোদীয়ে কয় যে তেওঁ সাহস, সহানুভূতি আৰু আত্মত্যাগৰ প্ৰতীক হৈ ৰৈছে। "তেওঁৰ জীৱন আৰু শিক্ষাই আমাক সত্য, ন্যায়, ধাৰ্মিকতাৰ পক্ষত থিয় হ'বলৈ আৰু মানৱীয় মৰ্যাদাক ৰক্ষা কৰিবলৈ অনুপ্ৰাণিত কৰে। শ্ৰী গুৰু গোবিন্দ সিং জীৰ দৃষ্টিভংগীয়ে প্ৰজন্মৰ পিছত প্ৰজন্মক সেৱা আৰু নিঃস্বাৰ্থ কৰ্তব্যৰ দিশত পৰিচালনা কৰি আছে", শ্ৰী মোদীয়ে কয়।
এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
"শ্ৰী গুৰু গোবিন্দ সিং জীৰ পবিত্ৰ প্ৰকাশ পৰ্বত আমি তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁ এতিয়াও সাহস, সহানুভূতি আৰু আত্মত্যাগৰ প্ৰতীক হৈয়ে আছে। তেওঁৰ জীৱন আৰু শিক্ষাই আমাক সত্য, ন্যায়, ধার্মিকতাৰ পক্ষত থিয় হ'বলৈ আৰু মানৱীয় মর্যাদা ৰক্ষাৰ বাবে অনুপ্রাণিত কৰে। শ্ৰী গুৰু গোবিন্দ সিঙৰ দৃষ্টিভংগীয়ে প্ৰজন্মৰ পিছত প্ৰজন্মক সেৱা আৰু নিঃস্বাৰ্থ কৰ্তব্যৰ প্ৰতি পথ প্ৰদৰ্শন কৰি আহিছে।
এই বছৰৰ আৰম্ভণিতে মই তখাত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিব ভ্ৰমণ কৰিছিলো, য'ত মই শ্ৰী গুৰু গোবিন্দ সিং জী আৰু মাতা চাহিব কৌৰ জীৰ পবিত্ৰ জোৰ চাহিবৰ দৰ্শন লাভ কৰিছিলো।"
***
MJPS/VJ/DB
(रिलीज़ आईडी: 2209093)
आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam