গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ 'বীৰ বাল দিৱস'ত গুৰু গোবিন্দ সিং জী, মাতা গুজৰী আৰু সাহসী চাহিবজাদাসকলৰ ত্যাগক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন
গুৰু গোবিন্দ সিং জীৰ সাহসী পুত্ৰসকলে অতি কম বয়সত আস্থা আৰু দেশৰ সুৰক্ষাৰ বাবে কৰা ত্যাগ ইতিহাসৰ এক বিৰল উদাহৰণ
মানৱতাক সুৰক্ষিত কৰাৰ বীজ ৰোপণ কৰা মাতা গুজৰী আৰু গুৰু গোবিন্দ সিং জীয়ে চাহিবজাদাসকলৰ মাজত স্থাপন কৰা মূল্যবোধবোৰ নিষ্ঠুৰ নিৰ্যাতনকাৰীসকলৰ অমানৱীয় অত্যাচাৰেও জোকাৰি যাব পৰা নাছিল
চাৰিজন চাহিবজাদাৰ ত্যাগৰ কাহিনী প্ৰতিটো প্ৰজন্মৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে 'বীৰ বাল দিৱস' পালনৰ সূচনা কৰে
प्रविष्टि तिथि:
26 DEC 2025 11:20AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে 'বীৰ বাল দিৱস'ত গুৰু গোবিন্দ সিং জী, মাতা গুজৰী আৰু সাহসী চাহিবজাদাসকলৰ ত্যাগক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
'এক্স'ৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে গুৰু গোবিন্দ সিং জীৰ সাহসী পুত্ৰসকলে অতি কম বয়সতে আস্থা আৰু দেশৰ সুৰক্ষাৰ বাবে কৰা ত্যাগ ইতিহাসৰ এক বিৰল উদাহৰণ। তেওঁ কয় যে মানৱতাক সুৰক্ষিত কৰাৰ বীজ ৰোপণ কৰা মাতা গুজৰী আৰু গুৰু গোবিন্দ সিং জীয়ে চাহিবজাদাসকলৰ মাজত স্থাপন কৰা মূল্যবোধবোৰ নিষ্ঠুৰ নিৰ্যাতনকাৰীসকলৰ অমানৱীয় অত্যাচাৰেও লৰচৰ কৰিব পৰা নাছিল। শ্ৰী শ্বাহে কয় যে চাৰিওজন চাহিবজাদাৰ ত্যাগৰ কাহিনী প্ৰতিটো প্ৰজন্মৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে 'বীৰ বাল দিৱস' পালনৰ সূচনা কৰিছে।
***
RK / RR/ MK
(रिलीज़ आईडी: 2208777)
आगंतुक पटल : 4