প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পিএমএনআৰএফৰ পৰা এককালীন সাহায্য ঘোষণা

प्रविष्टि तिथि: 25 DEC 2025 9:12AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত সংঘটিত এটা দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ বাবে শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে পি এম এন আৰ এফ-ৰ পৰা নিহতসকলৰ নিকটতম পৰিয়ালবৰ্গলৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

‘কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত সংঘটিত এটা দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিত গভীৰ শোক প্ৰকাশ কৰিছো। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকক সমবেদনা জ্ঞাপন কৰিছো। আহতসকল অতি সোনকালে সুস্থ হৈ উঠক’।

‘প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।: পিএম@narendramodi’

 

***

MJPS/VJ/MK


(रिलीज़ आईडी: 2208515) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam