গৃহ মন্ত্ৰালয়
প্ৰতিষ্ঠা দিৱসত সশস্ত্ৰ সীমা বলৰ কৰ্মী আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে
আমাৰ সীমান্ত ৰক্ষাৰ পৰা আৰম্ভ কৰি সংকটৰ সময়ত নাগৰিকৰ সৈতে কান্ধত কান্ধত মিলাই থিয় দিয়ালৈকে সশস্ত্ৰ সীমা বলে (SSB) দেশখনক সদায় গৌৰৱান্বিত কৰি আহিছে
কৰ্তব্য পালন কৰিবলৈ গৈ চূড়ান্ত ত্যাগ কৰা শ্বহীদ সকলক প্ৰণাম
प्रविष्टि तिथि:
20 DEC 2025 9:23AM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে বাহিনীটোৰ প্ৰতিষ্ঠা দিৱসত সশস্ত্ৰ সীমা বল (SSB)ৰ কৰ্মী আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
‘এক্স’ৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় “প্ৰতিষ্ঠা দিৱসত এছ এছ বিৰ কৰ্মী আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জনাইছো।আমাৰ সীমান্ত ৰক্ষাৰ পৰা আৰম্ভ কৰি সংকটৰ সময়ত নাগৰিকৰ সৈতে কান্ধত কান্ধত মিলাই থিয় দিয়ালৈকে সশস্ত্ৰ সীমা বলে দেশখনক সদায় গৌৰৱান্বিত কৰি আহিছে।কৰ্তব্য পালন কৰিবলৈ গৈ চূড়ান্ত ত্যাগ কৰা শ্বহীদ সকলক প্ৰণাম ।”
RR / PS/DM
(रिलीज़ आईडी: 2206983)
आगंतुक पटल : 6