তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
পিআইবিৰ ফেক্ট চেক ইউনিটে চৰকাৰৰ সৈতে জড়িত সন্দেহযুক্ত ভুৱা বাতৰি ৮৭৯৯৭১১২৫৯ নম্বৰত শ্বেয়াৰ কৰিবলৈ জনসাধাৰণক আমন্ত্ৰণ জনাইছে
ইউনিটে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে প্ৰামাণিক তথ্য জনসাধাৰণৰ মাজলৈ যোৱাটো নিশ্চিত কৰে
प्रविष्टि तिथि:
19 DEC 2025 8:00PM by PIB Guwahati
ভাৰত চৰকাৰৰ সৈতে জড়িত ভুৱা বাতৰি আৰু ভুল তথ্যৰ প্ৰচাৰ প্ৰতিহত কৰাৰ উদ্দেশ্যে ২০১৯ চনৰ নৱেম্বৰ মাহত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰেছ ইনফৰ্মেশ্বন ব্যুৰোৰ অধীনত এটা ফেক্ট চেক ইউনিট (এফচিইউ) স্থাপন কৰা হৈছে।
ভাৰত চৰকাৰৰ সম্পৰ্কীয় বিষয়ত প্ৰচাৰিত বাতৰি/তথ্য সন্দৰ্ভত যিকোনো অভিযোগ/তথ্য পৰীক্ষাৰ অনুৰোধ হোৱাটছএপ হটলাইন- +৯১৮৭৯৯৭১১২৫৯, ইমেইল আইডি- factcheck@pib.gov.in আৰু পিআইবি ফেক্ট চেক ইউনিটৰ ৱেবছাইট - https://factcheck.pib.gov.in লৈ প্ৰেৰণ কৰিব পাৰিব।
পিআইবিৰ ফেক্ট চেক ইউনিটে তলত দিয়া ধৰণে, প্ৰতিবেদন কৰা বাতৰি/ বিষয়বস্তু পৰীক্ষা কৰে:
পিআইবি ফেক্ট চেক ইউনিটে তথ্য পৰীক্ষাৰ ক্ষেত্ৰত ছোৱ'-ম'ট' কগনিজেন্স লোৱাৰ লগতে ইয়াৰ ৱেবছাইট বা হোৱাটছএপ হটলাইনত অভিযোগ লাভ কৰে।
ইউনিটে লাভ কৰা তথ্যসমূহ ফেক্ট চেক ইউনিটৰ পৰিসৰৰ ভিতৰত পৰে নে নাই সেইটো নিশ্চিত কৰাৰ পিছত পৃথক কৰে।
অনুমোদিত উৎসৰ পৰা লাভ কৰা তথ্যৰ সত্যতা পৰীক্ষা কৰাৰ পিছত ফেক্ট চেক ইউনিটে তথ্য, শিক্ষা আৰু যোগাযোগ (আইইচি) কৌশল ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰচাৰৰ বাবে উপযুক্ত সৃষ্টিশীল বিষয়বস্তুৰ জৰিয়তে সজাগতা সৃষ্টি কৰে।
এফচিইউয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত পৰীক্ষা কৰা তথ্য আৰু শুদ্ধ তথ্য পোষ্ট কৰে।
ভাৰত চৰকাৰৰ সৈতে জড়িত অনলাইন বিষয়বস্তু নিৰীক্ষণত পিআইবি ফেক্ট চেক ইউনিটে (এফচিইউ) মূল ভূমিকা পালন কৰে। অপাৰেচন সিন্দুৰৰ সময়ত পিআইবি ফেক্ট চেক ইউনিটে ভুৱা দাবীসমূহ তৎকালীনভাৱে তথ্য পৰীক্ষা কৰি, প্ৰামাণিক তথ্য প্ৰদান কৰি, আৰু সঠিক ৰাজহুৱা যোগাযোগ নিশ্চিত কৰি অনলাইনত প্ৰচাৰিত ভুল তথ্য আৰু শত্ৰুতাপূৰ্ণ আখ্যানক সক্ৰিয়ভাৱে প্ৰতিহত কৰিছিল, যাৰ ফলত বিভ্ৰান্তিকৰ আৰু ভাৰত বিৰোধী আখ্যানৰ বিস্তাৰ ৰোধ কৰাত সহায় হৈছিল।
শ্ৰী সুজিত কুমাৰে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত আজি ৰাজ্যসভাত তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে এই তথ্য প্ৰদান কৰে।
******
Mahesh Kumar/Vivek Vishwash/AA
(रिलीज़ आईडी: 2206856)
आगंतुक पटल : 6