গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

মুক্তি দিৱস উপলক্ষে গোৱাৰ জনসাধাৰণক কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ শুভেচ্ছা

বৰ্তমানৰ প্ৰজন্মই হয়তো নাজানে যে ভাৰতীয়সকলে ১৯৬১ চনলৈকে গোৱা ভ্ৰমণ কৰিবলৈ অনুমতি ল’ব লগা হৈছিল, বহুতো মহান ব্যক্তিয়ে ইয়াৰ বিৰুদ্ধে থিয় দিছিল আৰু গোৱাৰ মুক্তিৰ বাবে যুঁজ দিছিল

দেশপ্ৰেমিকসকলৰ মহান ত্যাগৰ পাছত গোৱা ভাৰতৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছিল

গোৱাৰ স্বাধীনতাৰ বাবে অপৰিসীম কষ্ট সহ্য কৰা সকলো মহান ব্যক্তিৰ ওচৰত মই কৃতজ্ঞতাৰে প্ৰণিপাত জনাইছো

प्रविष्टि तिथि: 19 DEC 2025 11:58AM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে গোৱাৰ মুক্তি দিৱসত জনসাধাৰণলৈ শুভেচ্ছা জনাইছে।

‘এক্স’ৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, ‘মুক্তি দিৱস উপলক্ষে গোৱাৰ জনসাধাৰণক শুভেচ্ছা জনাইছো। বৰ্তমানৰ প্ৰজন্মই হয়তো নাজানে যে ১৯৬১ চনলৈ ভাৰতীয়সকলে গোৱা ভ্ৰমণ কৰিবলৈ অনুমতি ল’ব লগা হৈছিল। প্ৰভাকৰ বৈদ্য, বালা ৰায়া মাপাৰী, নানাজী দেশমুখ জী আৰু জগন্নাথ ৰাও যোশী জীৰ দৰে বহু মহান ব্যক্তি ইয়াৰ বিৰুদ্ধে থিয় দিছিল আৰু গোৱাৰ মুক্তিৰ বাবে যুঁজ দিছিল। আমাৰ দেশপ্ৰেমিকসকলৰ মহান ত্যাগৰ পাছত গোৱা ভাৰতৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে। গোৱাৰ স্বাধীনতাৰ বাবে অপৰিসীম কষ্ট সহ্য কৰা সকলো মহান ব্যক্তিসকলক মই কৃতজ্ঞতাৰে প্ৰণাম জনাইছো।’

***

RR / PS / NB


(रिलीज़ आईडी: 2206439) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Kannada , Malayalam