গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ছত্তীশগড়ৰ জগদলপুৰত বস্তৰ অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰে

২০২৬-ৰ ৩১ মাৰ্চৰ ভিতৰত বস্তৰকে প্ৰমুখ্য কৰি সমগ্ৰ ভাৰতত নক্সালবাদৰ অন্ত পৰিব

অহা ৫ বছৰত বস্তৰ সংমণ্ডল দেশৰ ভিতৰতে আটাইতকৈ উন্নত জনজাতীয় সংমণ্ডল হিচাপে পৰিগণিত হ’ব

২০২৬-ৰ বস্তৰ অলিম্পিক নক্সাল-মুক্ত বস্তৰত অনুষ্ঠিত হ’ব

নক্সালবাদ ত্যাগ কৰি ৭০০ ৰো অধিক যুৱকে বস্তৰ অলিম্পিক, ২০২৫-ত যোগদান কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়

আত্মসমৰ্পণ কৰাসকলে ভয়ৰ সলনি আশা আৰু ধ্বংসৰ সলনি বিকাশৰ পথ বাছি লৈছে; এয়াই হৈছে মোদী জীয়ে কল্পনা কৰা এখনি বিকশিত বস্তৰ

এসময়ত ‘লাল চালাম’ শ্ল’গান শুনা পোৱা বস্তৰত এতিয়া ‘ভাৰত মাতা কী জয়’ শ্ল’গানৰ অনুৰণন ঘটে

কেৱল শান্তিয়েহে উন্নয়নৰ পথ প্ৰশস্ত কৰিব পাৰে, সেয়েহে নক্সালবাদীয়ে অস্ত্ৰ-শস্ত্ৰ পৰিহাৰেৰে মূলসুঁতিত যোগদান আৰু পুনৰ্বাসন নীতিৰ সুবিধা গ্ৰহণ কৰিব লাগে

আগন্তুক কমনৱেলথ গেমছ আৰু অলিম্পিকত যাতে বস্তৰৰ খেলুৱৈসকলে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰ ব্যৱস্থা কৰা হৈছে

বস্তৰ অলিম্পিক, ২০২৫-ত ৩,৯১,০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে, এয়া পূৰ্বতকৈ আঢ়ৈগুণ বৃদ্ধি, খেলুৱৈৰ অংশগ্ৰহণৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰত ভগ্নীসকলে ভ্ৰাতৃসকলক অতিক্ৰম কৰিছে

আমি আত্মসমৰ্পণ কৰা আৰু নক্সাল হিংসাৰ বলি হোৱাসকলৰ বাবে অধিক উপযোগী পুনৰ্বাসন আঁচনি প্ৰৱৰ্তন কৰিম

কেন্দ্রীয় আৰু ছত্তীশগড় চৰকাৰে হাতে-হাত ধৰি এখনি উন্নত বস্তৰ গঢ়াৰ বাবে কাম কৰি আছে

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নেতৃস্থানীয় লোক আৰু সমাজকৰ্মীসকলক সশস্ত্ৰ নক্সালবাদীক বুজাই সমাজৰ মূলসুঁতিলৈ ঘূৰাই অনাত সহায় কৰিবলৈ আহ্বান জনাইছে

प्रविष्टि तिथि: 13 DEC 2025 5:35PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ছত্তীশগড়ৰ জগদলপুৰত বস্তৰ অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই কাৰ্য্যসূচীত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেৱ সাই, উপ-মুখ্যমন্ত্ৰী শ্ৰী বিজয় শৰ্মাকে প্ৰমুখ্য কৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ইয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আমি ২০২৬-ৰ ৩১ মাৰ্চৰ পূৰ্বে সমগ্ৰ দেশৰ পৰা বাওঁপন্থী উগ্ৰবাদক নিৰ্মূল কৰাৰ সংকল্প গ্ৰহণ কৰিছিলো আৰু আজি বস্তৰ অলিম্পিক-২০২৫ ত আমি ইয়াত উপনীত হৈছো। তেওঁ কয় যে অহা বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰত অনুষ্ঠিতব্য বস্তৰ অলিম্পিক-২০২৬ ৰ সময়লৈ ছত্তীশগড়কে প্ৰমুখ্য কৰি দেশৰ পৰা ৰেড টেৰ’ৰৰ সম্পূৰ্ণৰূপে নিৰ্মূল ঘটিব। এনে বাতাবৰণত এখন নক্সাল-মুক্ত বস্তৰ প্ৰগতিৰ অভিমুখে ধাৱমান হ’ব।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি সমগ্ৰ বস্তৰ আৰু ভাৰতক নক্সালবাদৰ পৰা মুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰিছো। তেওঁ কয় যে আমি ইয়াতে থমকি ৰ’ব নালাগে, বৰঞ্চ আমি কাংকেৰ, কোণ্ডাগাঁও, বস্তৰ, সুকমা, বিজাপুৰ, নাৰায়ণপুৰ আৰু দন্তেৱাড়া এই সাতখন জিলাক সামৰি লোৱা বস্তৰ সংমণ্ডলটো ২০৩০-ৰ ডিচেম্বৰৰ ভিতৰত দেশৰ ভিতৰতে আটাইতকৈ উন্নত জনজাতীয় সংমণ্ডল হিচাপে পৰিগণিত হোৱাটো নিশ্চিত কৰিব লাগে। তেওঁ কয় যে বস্তৰৰ প্ৰতিঘৰ গৃহস্থীকে গৃহ, বিদ্যুৎ, শৌচাগাৰ, টেপৰ জৰিয়তে খোৱাপানী, গেছৰ চিলিণ্ডাৰ, ৫ কেজি খাদ্য শস্য আৰু ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদানৰ অৰ্থে আমাৰ চৰকাৰে সংকল্প গ্ৰহণ কৰিছে। শ্ৰী শ্বাহে কয় যে আমি আগন্তুক পাঁচ বছৰত বস্তৰক দেশৰ আটাইতকৈ উন্নত জনজাতীয় সংমণ্ডল হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিছো। তেওঁ কয় যে এই প্ৰচেষ্টাত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে আৰু শ্ৰী বিষ্ণু দেৱ সাইৰ নেতৃত্বত ছত্তীশগড় চৰকাৰে হাতে-হাত ধৰি এখন উন্নত বস্তৰ গঢ়াৰ ক্ষেত্ৰত আগুৱাই যাবলৈ কাম কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে বস্তৰৰ প্ৰতিখন গাঁৱকে উন্নত পথেৰে সংযুক্ত কৰা হ’ব, বিদ্যুৎ উপলব্ধ হ’ব, ৫ কিমি ব্যাসাৰ্ধৰ ভিতৰত বেংকিং সুবিধা উপলব্ধ হ’ব। আমাৰ চৰকাৰে পিএইচচি/চিএইচচি-ৰ নেটৱৰ্ক গঢ়ি তোলাৰ কাম কৰিব। তেওঁ কয় যে ছত্তীশগড়ত বনজ উৎপাদন সংসাধনৰ বাবে সমবায়ৰ ওপৰত ভিত্তি কৰি ইউনিট স্থাপন কৰা হ’ব। তেওঁ কয় যে বস্তৰৰ সাতোখন জিলাই সকলো জনজাতীয় জিলাৰ ভিতৰত সৰ্বাধিক পৰিমাণৰ দুগ্ধ উৎপাদনকাৰী জিলা হৈ দুগ্ধ উৎপাদনৰ জৰিয়তে আয় বৃদ্ধি কৰিব। তেওঁ কয় যে আমি বস্তৰত নতুন উদ্যোগো স্থাপন কৰিম, উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা হ’ব, ভাৰতৰ শ্ৰেষ্ঠ ক্ৰীড়া কমপ্লেক্স আৰু অত্যাধুনিক চিকিৎসালয় স্থাপন কৰা হ’ব। শ্ৰী শ্বাহে কয় যে পুষ্টিহীনতা দূৰ কৰাৰ বাবেও এক বিশেষ আঁচনি গ্ৰহণ কৰা হ’ব। তেওঁ কয় যে আমি আত্মসমৰ্পণ কৰা আৰু নক্সালবাদৰ বলি হোৱাসকলৰ বাবে এক অতিশয় উপযোগী পুনৰ্বাসন নীতি প্ৰৱৰ্তন কৰিম। গৃহমন্ত্ৰীয়ে কয় যে আমাৰ লক্ষ্য হৈছে নক্সালবাদৰ অৱসান ঘটোৱা। কাৰণ নক্সালবাদীয়ে এই অঞ্চলৰ উন্নয়নক প্ৰভাৱিত কৰিছে। তেওঁ কয় যে নক্সালবাদৰ অন্ত পৰাৰ লগে-লগে এই অঞ্চলত উন্নয়নৰ সূচনা হ’ব। প্ৰধানমন্ত্ৰী মোদী জী আৰু শ্ৰী বিষ্ণু দেৱ জীৰ নেতৃত্বত এয়া আটাইতকৈ উন্নত অঞ্চলত পৰিণত হ’ব।

শ্ৰী অমিত শ্বাহে কয় যে বস্তৰ অলিম্পিক-২০২৫ ত সাতখন জিলাৰ পৰা ৭ টা দল আৰু আত্মসমৰ্পণ কৰা নক্সালবাদীৰে গঠিত এটা দল আছিল। তেওঁ কয় যে ইয়াত ৭০০ ৰো অধিক আত্মসমৰ্পণ কৰা নক্সালবাদীয়ে অংশগ্ৰহণ কৰা দেখি বৰ ভাল লাগিছে। তেওঁ কয় যে যিসকল নক্সালবাদৰ কৱলত পৰে তেওঁলোকৰ জীৱন ধ্বংস হয় আৰু ৭০০ ৰো অধিক এনে যুৱকে অস্ত্ৰ-শস্ত্ৰ সম্বৰণেৰে মূলসুঁতিত যোগদান কৰি আজি ক্ৰীড়াৰ পথত অগ্ৰসৰ হৈছে। শ্ৰী শ্বাহে পুনৰ কয় যে ২০২৬-ৰ ৩১ মাৰ্চৰ ভিতৰত এই দেশ নক্সালবাদৰ পৰা মুক্ত হ’ব। হিংসাৰ লগত জড়িত নক্সালবাদীক আহ্বান জনাই শ্ৰী শ্বাহে কয় যে এতিয়াও যিসকলে বিপথে পৰিচালিত হৈ হাতত অস্ত্ৰ লৈ আছে, তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ সম্বৰণেৰে পুনৰ্বাসন নীতিৰ সুবিধা গ্ৰহণ কৰিব লাগে। তেওঁলোকে নিজৰ আৰু পৰিয়ালৰ কল্যাণৰ কথা চিন্তা কৰিব লাগে। একেদৰে এখনি উন্নত বস্তৰ গঢ়াৰ সংকল্পত বৰঙণি যোগাব লাগে। তেওঁ কয় যে নক্সালবাদে কাকো লাভান্বিত নকৰে। তেওঁ কয় যে কেৱল শান্তিয়েহে উন্নয়নৰ পথ প্ৰশস্ত কৰিব পাৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে আত্মসমৰ্পণ কৰা ৭০০ নক্সালবাদীয়ে ইয়াত একো-একোজন খেলুৱৈ হিচাপে আগবাঢ়ি আহিছে আৰু সমগ্ৰ দেশৰ সন্মুখত এক আদৰ্শ দাঙি ধৰিছে। তেওঁ কয় যে এই খেলুৱৈসকলে ভয়ৰ সলনি আশা, বিভাজনৰ সলনি ঐক্যৰ পথ আৰু ধ্বংসৰ সলনি উন্নয়নৰ পথ বাছি লৈছে। ঠিক এয়াই হৈছে প্ৰধানমন্ত্ৰী মোদী জীৰ এখনি নতুন ভাৰত আৰু এখন উন্নত বস্তৰৰ দৃষ্টিভংগী। তেওঁ কয় যে আমাৰ বস্তৰৰ সংস্কৃতি হৈছে বিশ্বৰ অন্যতম চহকী সংস্কৃতি। তেওঁ কয় যে সকলো জনজাতিৰ খাদ্যাভ্যাস, পৰিবেশ, শিল্প, বাদ্যযন্ত্ৰ, নৃত্য, পৰম্পৰাগত খেলা-ধূলা কেৱল ছত্তীশগড়ৰেই নহয়, বৰঞ্চ সমগ্ৰ ভাৰতৰ অতিশয় চহকী ঐতিহ্য।

শ্ৰী অমিত শ্বাহে কয় যে শেহতীয়াকৈ ছত্তীশগড় চৰকাৰে আধুনিক ৰেকৰ্ডিং ষ্টুডিঅ’ স্থাপন কৰি পৰম্পৰাগত গীতসমূহ সংৰক্ষণৰ কাম আৰম্ভ কৰিছে। তেওঁ কয় যে নক্সালবাদৰ প্ৰভাৱত বিলুপ্তপ্ৰায় একাধিক পৰম্পৰাগত উৎসৱৰো প্ৰচাৰ কৰা হৈছে। তেওঁ কয় যে বস্তৰ অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ প্ৰতিভা লক্ষ্য কৰিবলৈ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ বিষয়াৰ এটা দল ইয়ালৈ আহিছে। শ্ৰী শ্বাহে কয় যে এই খেলুৱৈসকলৰ প্ৰতিভাক স্বীকৃতি দি আমাৰ চৰকাৰে বস্তৰৰ খেলুৱৈসকলক আগন্তুক কমনৱেলথ গেমছ আৰু অলিম্পিক গেমছত অংশগ্ৰহণ কৰিব পৰা পৰ্য্যায়লৈ নিয়াৰ ব্যৱস্থা কৰিছে। শ্ৰী শ্বাহে কয় যে যোৱা বৰ্ষৰ বস্তৰ অলিম্পিকত ১ লাখ ৬৫ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে এইবাৰ ৩ লাখ ৯১ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এয়া প্ৰায় ২.৫ গুণ অধিক। একেদৰে মহিলাৰ অংশগ্ৰহণ প্ৰায় তিনিগুণ বৃদ্ধি পাইছে। তেওঁ কয় যে এই উৎসাহ দেখি আগন্তুক দিনত প্ৰধানমন্ত্ৰী মোদী জীয়ে খেল’ ইণ্ডিয়া ট্ৰাইবেল গেমছৰ বাবে ছত্তীশগড়ক বাছনি কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে বস্তৰ এতিয়া সলনি হৈছে আৰু বস্তৰ এতিয়া ভয়তকৈ ভৱিষ্যতৰ সমাৰ্থক হৈ পৰিছে। আগতে ইয়াত বন্দুকৰ গুলীৰ শব্দ শুনা গৈছিল যদিও আজি ইয়াত স্কুলৰ ঘন্টা বাজিছে। য'ত এসময়ত পথ নিৰ্মাণ এক সপোন আছিল, আজি ৰেলপথ আৰু ঘাইপথ নিৰ্মাণ কৰা হৈছে। য'ত আগতে "লাল চালাম" শ্ল’গান দিয়া হৈছিল, আজি শুনা গৈছে "ভাৰত মাতা কী জয়" শ্ল’গান। তেওঁ কয় যে আমি সকলো এখন উন্নত বস্তৰ গঢ়াৰ বাবে দৃঢ় সংকল্পবদ্ধ। তেওঁ কয় যে ভাৰত চৰকাৰ আৰু ছত্তীশগড় চৰকাৰৰ কেতিয়াও এনকাউন্টাৰৰ জৰিয়তে নক্সালবাদীক হত্যা কৰাৰ উদ্দেশ্য নাছিল, কিয়নো ২০০০ ৰো অধিক নক্সালবাদী যুৱকে আত্মসমৰ্পণ কৰিছে। তেওঁ কয় যে আমাৰ জনজাতীয় সমাজৰ নেতাসকলে এই ক্ষেত্ৰত অতিশয় উল্লেখযোগ্য অৱদান আগবঢ়াইছে; তেওঁলোকৰ পথ প্ৰদৰ্শনে নক্সালবাদী যুৱক-যুৱতীসকলৰ মাজত আত্মবিশ্বাস আৰু সাহস জগাই তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নেতৃস্থানীয় লোক আৰু সমাজকৰ্মীসকলক সশস্ত্ৰ নক্সালবাদীক বুজাই সমাজৰ মূলসুঁতিলৈ ঘূৰাই অনাত সহায় কৰিবলৈ আহ্বান জনায়।

****

RR/PR/PS/SB
 


(रिलीज़ आईडी: 2203848) आगंतुक पटल : 23
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada