ৰেল মন্ত্ৰালয়
মিজোৰামে লাভ কৰিলে বাহন কঢ়িয়াই নিয়া প্ৰথমখন ৰে’ল , অঞ্চলটোৰ পৰিবহণত এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত হৈছে এই পদক্ষেপ
১১৯খন বাহন ৰে’লযোগে ছাইৰাঙত উপস্থিত হয়, মিজোৰামৰ আন্তঃগাঁথনি তথা অৰ্থনীতি শক্তিশালী কৰাৰ বাবে এয়া ঐতিহাসিক ৰে’ল জাগৰণ
प्रविष्टि तिथि:
14 DEC 2025 3:36PM by PIB Guwahati
গুৱাহাটীৰ সমীপৰ চাংসাৰিৰ পৰা ১১৯খন মাৰুতি গাড়ী কঢ়িয়াই লৈ যোৱা প্ৰথমখন অটোম’বাইল ৰে'ল ছাইৰাং ৰে’লৱে ষ্টেচনত উপস্থিত হয় ।
এই পদক্ষেপে আইজলত বাহনৰ উপলব্ধতা বৃদ্ধি কৰিব, দীঘলীয়া পথ পৰিবহণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু ডিলাৰ, সেৱা প্ৰদানকাৰী তথা গ্ৰাহককে ধৰি মিজোৰামৰ অটোমোবাইল খণ্ডক উপকৃত কৰিব। যিয়ে ৰাজ্যখনৰ আন্তঃগাঁথনি তথা অৰ্থনৈতিক উন্নয়নত এক উল্লেখযোগ্য পদক্ষেপ চিহ্নিত কৰিব।
এই কৃতিত্বই ভাৰতীয় ৰে’লৱেৰ সংযোগ সম্প্ৰসাৰণ, আঞ্চলিক উন্নয়নক সমৰ্থন কৰা আৰু সমগ্ৰ দেশতে সৰ্বাংগীন বৃদ্ধিৰ পোষকতা কৰাৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।

Automobile Unloading
বৈৰবি-ছাইৰাং ৰে'লপথ মিজোৰামৰ বাবে আন্তঃগাঁথনিৰ এক ডাঙৰ মাইলৰ খুঁটি হিচাবে পৰিগণিত হৈছে। প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজেৰে নিখুঁতভাৱে নিৰ্মাণ কৰা এই ৰে'ললাইন ৫১.৩৮ কিলোমিটাৰত বিস্তৃত আৰু সেয়া ৪৫টা সুৰংগৰ মাজেৰে পাৰ হৈ যায়।
এই ৰে’লপথটোৱে দেশৰ বাকী অংশৰ সৈতে অঞ্চলটোৰ কৌশলগত অংশীদাৰত্ব স্থাপনত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
২০২৫ চনৰ ১৩ ছেপ্টেম্বৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে এই ৰে'ললাইনটো উদ্বোধন কৰিছিল।
এই উপলক্ষ্যে তেওঁ আইজল (ছাইৰাং) আৰু দিল্লীৰ মাজৰ ৰাজধানী এক্সপ্ৰেছ (আনন্দ বিহাৰ টাৰ্মিনেল), আইজল (ছাইৰাং) আৰু গুৱাহাটীৰ মাজৰ মিজোৰাম এক্সপ্ৰেছ, আইজল (ছাইৰাং) আৰু কলকাতাৰ মাজৰ এক্সপ্ৰেছ ৰে'লৰ ফ্লেগ অফ কৰিছিল।ইয়াৰ ফলত মিজোৰাম ভাৰতৰ ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ সৈতে সম্পূৰ্ণৰূপে একত্ৰিত হৈ পৰিছিল।
নতুন ৰে’ল সেৱাৰ প্ৰতি যাত্ৰীসকলৰ সঁহাৰিও অতি উৎসাহজনক হৈ পৰিছে। তিনিওখন ৰে’ল লক্ষ্যণীয় যাত্ৰীৰে চলি আছে। অৰ্থাৎ ছাইৰাং-আনন্দ বিহাৰ টাৰ্মিনেল ৰাজধানী এক্সপ্ৰেছ ১৪৭%, ছৈৰাং-গুৱাহাটী মিজোৰাম এক্সপ্ৰেছ ১১৫%, আৰু ছাইৰাং-কলকাতা এক্সপ্ৰেছত যাত্ৰীৰ হাৰ ১৩৯% হৈছে।
যাত্ৰীসকলে ৰে’লসমূহ সুবিধাজনক, খৰচৰ ক্ষেত্ৰত অনুকূল আৰু যথেষ্ট সময় ৰাহি কৰি বুলি কৈছে । ৰাজ্য খনত ৰে'ল সংযোগ আৰম্ভ হোৱাৰ ফলত ডাঙৰ চহৰ আৰু অৰ্থনৈতিক কেন্দ্ৰলৈ যাত্ৰা কৰাটো সহজ হৈ পৰিছে। ইয়াৰ উপৰি ওচৰৰ ৰাজ্যসমূহত শিক্ষা তথা চিকিৎসাৰ সুবিধা লাভ কৰাটো ৰাজ্যখনৰ লোকসকলক সহায় কৰিছে।
উদ্বোধনৰ কিছু সময়ৰ পাছতেই বৈৰাবি-ছাইৰাং লাইনত মালবাহী ৰে'লৰ চলাচল আৰম্ভ হয়। ২০২৫ চনৰ ১৪ ছেপ্টেম্বৰত প্ৰথমখন মালবাহী ৰে'লে অসমৰ পৰা আইজললৈ ২১টা চিমেণ্ট ৱেগন কঢ়িয়াই নিছিল। তেতিয়াৰে পৰাই এই পথটোৰে চিমেণ্ট, নিৰ্মাণত ব্যৱহৃত সামগ্ৰী, অটোম’বাইল, বালি, শিলৰ টুকুৰা আদি সামগ্ৰী পৰিবহণ কৰি থকা হৈছে।
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছাইৰাঙৰ পৰাও প্ৰথম এখন পাৰ্চেল চালান বুকিং কৰা হৈছিল। এন্থুৰিয়াম ফুল পাৰ্চেল ভ্যান (ছাইৰাং–আনন্দ বিহাৰ টাৰ্মিনেল ৰাজধানী এক্সপ্ৰেছ)ৰ জৰিয়তে আনন্দ বিহাৰ টাৰ্মিনেললৈ লৈ যোৱা হৈছিল।
২০২৫ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা ১২ ডিচেম্বৰৰ ভিতৰত মুঠ ১৭টা ৰেক চলোৱা হৈছে। এই উন্নয়নসমূহে দেখুৱাইছে যে এই লাইনটো এক নিৰ্ভৰযোগ্য লজিষ্টিক কৰিডৰত পৰিণত হৈছে, যাৰ ফলত পৰিবহণ ব্যয় হ্ৰাস পাইছে আৰু মিজোৰামৰ অৰ্থনৈতিক তথা আন্তঃগাঁথনিৰ বৃদ্ধিত সহায়ক হৈছে।
*****
Dharmendra Tewari/ Dr. Nayan Solanki/ Manik Sharma/DM
(रिलीज़ आईडी: 2203837)
आगंतुक पटल : 9