তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিভ্ৰান্তিকৰ বিষয়বস্তু প্ৰচাৰৰ বিৰুদ্ধে থিয় দিব পৰাকৈ নাগৰিকসকলক শক্তিসমৃদ্ধ কৰিছে তথ্য-প্ৰযুক্তি অধিনিয়মে

বাতৰি আৰু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰকাশকসকলক তথ্য-প্ৰযুক্তি অধিনিয়মৰ অধীনত নৈতিকতা সংহিতা অনুসৰণ কৰিবলৈ বাধ্য কৰা হৈছে

प्रविष्टि तिथि: 12 DEC 2025 2:13PM by PIB Guwahati

সংবিধানৰ ১৯(১) অনুচ্ছেদৰ অধীনত বাক স্বাধীনতা সুৰক্ষিত কৰা হৈছে। ডিজিটেল মিডিয়া প্লেটফৰ্মত মিছা, ভুৱা আৰু বিভ্ৰান্তিকৰ তথ্যৰ ক্ৰমাৎ বৃদ্ধি পোৱা দৃষ্টান্তৰ বিষয়ে ভাৰত চৰকাৰ সচেতন।

চৰকাৰে তথ্য প্ৰযুক্তি আইন, ২০০০, (২৫ ফেব্ৰুৱাৰী, ২০২১)ৰ অধীনত তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) অধিনিয়ম, ২০২১ অধিসূচিত কৰিছে।

এই অধিনিয়মৰ তৃতীয় খণ্ডত অন্যান্য বিষয়ৰ লগতে বাতৰি আৰু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰকাশকে পালন কৰিবলগীয়া নৈতিকতা সংহিতাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ভিতৰত কেবল টেলিভিছন নেটৱৰ্ক আইন, ১৯৯৫ৰ অধীনত নিৰ্ধাৰণ কৰা কাৰ্যসূচী সংহিতা আৰু প্ৰেছ কাউন্সিল আইন, ১৯৭৮ৰ অধীনত সাংবাদিকতা আচৰণৰ নীতিসমূহ পালন কৰাটো অন্তৰ্ভুক্ত কৰা হৈছে।

নৈতিকতা সংহিতা মানি চলাৰ বাবে তিনিটা স্তৰৰ অভিযোগ নিৰাময় ব্যৱস্থাও তথ্য-প্ৰযুক্তি অধিনিয়মৰ অধীনত প্ৰদান কৰা হৈছে।

লগতে, তথ্য-প্ৰযুক্তি অধিনিয়মৰ দ্বিতীয় খণ্ডই অন্যান্য বিষয়ৰ লগতে ইউটিউব আৰু ফেচবুক-ৰ দৰে মধ্যস্থতাকাৰীৰ ক্ষেত্ৰত বাধ্যবাধকতা আৰোপ কৰিছে যাতে স্পষ্টভাৱে মিছা, অসত্য বা বিভ্ৰান্তিকৰ প্ৰকৃতিৰ তথ্য প্ৰচাৰ ৰোধ কৰিব পৰা যায়।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে জড়িত ভুৱা বাতৰিৰ পৰীক্ষণ কৰাৰ বাবে নৱেম্বৰ, ২০১৯ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো-ৰ এটা ‘ফেক্ট চেক ইউনিট’ (এফ চি ইউ) স্থাপন কৰা হৈছে।

ভাৰত চৰকাৰৰ মন্ত্ৰালয়/ বিভাগসমূহৰ অনুমোদিত উৎসৰ পৰা বাতৰিৰ সত্যতা পৰীক্ষা কৰাৰ পিছত এফ চি ইউ-য়ে তেওঁলোকৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম-ত শুদ্ধ তথ্য পোষ্ট কৰে।

তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ধাৰা ৬৯এ-ৰ অধীনত ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা, ভাৰতৰ প্ৰতিৰক্ষা, ৰাজ্যৰ সুৰক্ষা, আৰু জনশৃংখলাৰ স্বাৰ্থত চৰকাৰে ৱে’বছাইট, ছ’চিয়েল মিডিয়া হেণ্ডেল আৰু পোষ্ট ব্লক কৰিবলৈ প্ৰয়োজনীয় আদেশ জাৰি কৰে।

ড০ লক্ষ্মীকান্ত বাজপেয়ীয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত আজি ৰাজ্যসভাত তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগনে এই তথ্য প্ৰদান কৰে

 

*****


Mahesh Kumar/KB


(रिलीज़ आईडी: 2202912) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Telugu , Kannada , Malayalam