তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

সাংবাদিক কল্যাণ সুবিধাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

শেহতীয়াকৈ প্ৰিণ্ট মিডিয়া বিজ্ঞাপনৰ হাৰ ২৬ শতাংশ বৃদ্ধি

प्रविष्टि तिथि: 10 DEC 2025 4:27PM by PIB Guwahati

সাংবাদিকসকলৰ কল্যাণৰ বাবে ভাৰত চৰকাৰ দায়বদ্ধ। প্ৰেছ ইনফৰমেচন ব্যুৰ’(পি আই বি)ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক নিজৰ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বাবে সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি (চি জি এইচ এছ) সুবিধাৰ অধীনত সামৰি লোৱা হয়।

 

ইয়াৰ জৰিয়তে চৰকাৰী/চিজিএইচএছ তালিকাভুক্ত ব্যক্তিগত চিকিৎসালয়ত চিজিএইচএছ হাৰত তেওঁলোকক চিকিৎসাৰ সুবিধা দিয়া হৈছে ।

 

সাংবাদিক কল্যাণ আঁচনি (জে ডব্লিউ এছ)

 

এগৰাকী সাংবাদিকৰ মৃত্যুৰ ফলত হোৱা ক্ষতিৰ ক্ষেত্ৰত সাংবাদিক/সংবাদ মাধ্যমৰ কৰ্মচাৰী বা তেওঁলোকৰ পৰিয়ালবৰ্গক এককালীন সাহায্য প্ৰদান কৰিবলৈ চৰকাৰে সাংবাদিক কল্যাণ আঁচনি (জেডব্লিউএছ) ৰূপায়ণ কৰে।

 

স্থায়ী অক্ষমতাত ভুগি থকা বা তালিকাভুক্ত গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা সাংবাদিকসকলকো সাহায্য প্ৰদান কৰা হয়। দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত ভৰ্তি হোৱা সাংবাদিকসকলক আৰ্থিক সহায় আগবঢ়োৱা হয়।

 

পি আই বি আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ লগতে স্বীকৃতি নথকা সাংবাদিকসকলকো এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে।

 

জেডব্লিউএছ আঁচনিৰ অধীনত চৰকাৰে ২০১৪-১৫ ৰ পৰা ২০২৪-২৫ লৈ ৪০২ গৰাকী সাংবাদিক/সংবাদ মাধ্যমৰ কৰ্মচাৰী বা তেওঁলোকৰ পৰিয়ালক বিত্তীয় সাহায্য প্ৰদান কৰিছে।

 

"মান্যতা প্ৰাপ্ত পত্ৰকাৰ কল্যাণ সমিতি দিল্লী"ৰ পৰা লাভ কৰা প্ৰতিনিধিত্বৰ সন্দৰ্ভত, ভাৰতৰ বাতৰি কাকতসমূহ প্ৰেছ এণ্ড পেৰিওডিকেলছ পঞ্জীয়ন আইন, ২০২৩ আৰু ইয়াৰ ২০২৪ অধিনিয়মৰ অধীনত পঞ্জীয়ন কৰা হয়, য'ত প্ৰেছ সেৱা প'ৰ্টেলে পঞ্জীয়নৰ বাবে এক সহজ, সুলভ অনলাইন ব্যৱস্থা প্ৰদান কৰে।

 

কেন্দ্ৰীয় যোগাযোগ ব্যুৰই (চি বি চি) ছপা মাধ্যমৰ বিজ্ঞাপনসমূহ স্বচ্ছভাৱে জাৰী কৰে আৰু শেহতীয়াকৈ বিজ্ঞাপনৰ হাৰ ২৬ শতাংশলৈ বৃদ্ধি কৰিছে।

 

ভাৰতীয় প্ৰেছ পৰিষদ, পি আই বি আৰু চি বি চিৰ সমিতিসমূহলৈ মনোনয়ন সংশ্লিষ্ট নীতি নিৰ্দেশনা অনুসৰি কৰা হয়।

 

শ্ৰী অৰবিন্দ গণপত সাৱন্ত আৰু শ্ৰী সঞ্জয় উত্তমৰাও দেশমুখে সোধা প্ৰশ্নৰ উত্তৰত আজি লোকসভাত তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ ৰাজ্য মন্ত্ৰী ড° এল মুৰুগানে এই তথ্য দাখিল কৰে।

*****

Mahesh Kumar/DD


(रिलीज़ आईडी: 2202408) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Odia , Tamil , Telugu , Kannada