তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
নিৰপেক্ষ প্ৰতিযোগিতা আৰু সঠিক টেলিভিছন ৰেটিং নিশ্চিত কৰিবলৈ খচৰা টিআৰপি নিৰ্দেশনা সংশোধন চৰকাৰৰ
দৰ্শকসকলৰ মিডিয়া ব্যৱহাৰৰ বিকশিত তথা বিভিন্ন অভ্যাসসমূহ প্ৰতিফলিত কৰাৰ বাবে নতুন ব্যৱস্থা
प्रविष्टि तिथि:
10 DEC 2025 3:45PM by PIB Guwahati
ভাৰতত টেলিভিছন ৰেটিংবোৰ ভাৰতৰ টেলিভিছন ৰেটিং সংস্থাৰ বাবে থকা নীতি নিৰ্দেশনা, ২০১৪ৰ জৰিয়তে পৰিচালিত হয়।
০২/০৭/২০২৫ ত, চৰকাৰে ৰাজহুৱা পৰামৰ্শৰ বাবে এই নিৰ্দেশনাসমূহৰ এক খচৰা সংশোধনী প্ৰকাশ কৰে। প্ৰস্তাৱিত সংশোধনীৰ লক্ষ্য হৈছে নিৰপেক্ষ প্ৰতিযোগিতা সক্ষম কৰা, অধিক সঠিক আৰু প্ৰতিনিধিত্বমূলক তথ্য সৃষ্টি কৰা তথা টিআৰপি প্ৰণালীয়ে সমগ্ৰ দেশতে দৰ্শকৰ মিডিয়া ব্যৱহাৰৰ বিকশিত তথা বৈচিত্ৰ্যময় অভ্যাস প্ৰতিফলিত কৰাটো নিশ্চিত কৰা ।
সকলো দিশ পৰীক্ষা কৰাৰ পাছত, ৰাজহুৱা পৰামৰ্শৰ বাবে ০৬/১১/২০২৫ ত এক সংশোধিত খচৰা সংশোধনী প্ৰকাশ কৰা হয়।
ড° কিৰছান নামদেও আৰু শ্ৰী চৰণজিৎ সিং চন্নীয়ে সোধা প্ৰশ্নৰ উত্তৰত আজি লোকসভাত তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ ৰাজ্য মন্ত্ৰী ড° এল. মুৰুগানে এই তথ্য দাখিল কৰে।
*****
Mahesh Kumar/DD
(रिलीज़ आईडी: 2202230)
आगंतुक पटल : 5