তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

সমিতিৰ পৰামৰ্শৰ ভিত্তিত সংশোধিত বিজ্ঞাপনৰ হাৰৰ সৈতে প্ৰিণ্ট মিডিয়াৰ বাবে চৰকাৰৰ সমৰ্থন বৃদ্ধি

বৰ্ধিত ইনপুট ব্যয়ৰ মুখামুখি হোৱৰ লগতে ডিজিটেল যুগত সংবাদপত্ৰসমূহক প্ৰতিযোগিতাত সহায় কৰিবলৈ এই সংশোধিত হাৰ

प्रविष्टि तिथि: 10 DEC 2025 3:43PM by PIB Guwahati

প্ৰিণ্ট মিডিয়াৰ বাবে বিজ্ঞাপনৰ হাৰ পৰীক্ষা আৰু সংশোধনৰ পৰামৰ্শ দিবলৈ চৰকাৰে ২০২১ চনৰ ১১ নৱেম্বৰত নৱম হাৰ গঠন সমিতি (আৰএছচি) গঠন কৰে।

সমিতিখনে ভাৰতীয় বাতৰি কাকত সমাজ (আই এন এছ), সৰ্ব ভাৰতীয়  ক্ষুদ্ৰ বাতৰি কাকত স্ংস্থা  (এ আই এছ এন এ), ক্ষুদ্ৰ – মধ্যমীয়া - বৃহৎ বাতৰি কাকত স্ংস্থা  (এছ এম বি এন এছ) আৰু বৃহৎ, মধ্যমীয়া আৰু সৰু প্ৰকাশনৰ অন্যান্য প্ৰতিনিধিসকলকে ধৰি বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা কৰে।

কমিটীয়ে প্ৰিণ্ট মিডিয়া কাৰ্য্যকলাপক প্ৰভাৱিত কৰা নিউজপ্ৰিণ্টৰ ব্যয় বৃদ্ধি, মুদ্ৰাস্ফীতিৰ প্ৰৱণতা, প্ৰক্ৰিয়াকৰণ আৰু উৎপাদন ব্যয়, কৰ্মচাৰীৰ মজুৰি দায়বদ্ধতা, আমদানি কৰা কাগজৰ মূল্য আৰু অন্যান্য প্ৰাসংগিক ব্যয়কে ধৰি একাধিক ব্যয়ৰ মাপকাঠি মূল্যায়ন কৰে ।

এই মূল্যায়নসমূহৰ ওপৰত ভিত্তি কৰি ই সর্বসম্মত পৰামৰ্শ দাখিল কৰাৰ পাছত চৰকাৰে এয়া গ্ৰহণ কৰে।

চৰকাৰে ৰঙীন বিজ্ঞাপন, অগ্ৰাধিকাৰমূলক অৱস্থানৰ বাবে আগবঢ়োৱা প্ৰিমিয়াম হাৰ সম্পৰ্কীয় বিষয়কে ধৰি সমিতিৰ পৰামৰ্শসমূহৰ সৈতে সন্মতি প্ৰকাশ কৰে।

বিজ্ঞাপনৰ হাৰৰ সংশোধন বৰ্ধিত ইনপুট ব্যয় আৰু ডিজিটেল প্লেটফৰ্মৰ পৰা প্ৰিন্ট মিডিয়াৰ বাবে বৰ্ধিত প্ৰতিযোগিতাৰ সৈতে সামঞ্জস্যপূৰ্ণ।

বৰ্ধিত ৰাজহ প্ৰবাহে কাৰ্য্যকলাপ বজাই ৰখাত আৰু স্থানীয় সংবাদ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাত সহায় কৰিব। উন্নত বিত্তীয় স্থিৰতাই প্ৰিণ্ট মিডিয়া স্ংস্থাসমূহক উন্নত সমল সৃষ্টিত বিনিয়োগ কৰিবলৈ সক্ষম কৰি তোলাৰ জৰিয়তে জনসাধাৰণৰ স্বাৰ্থত অধিক ফলপ্ৰসূভাৱে সেৱা আগবঢ়াবলৈ সক্ষম হ’ব।

এক বৈচিত্ৰপূৰ্ণ সংবাদ মাধ্যমৰ দৃশ্যপটৰ ভিতৰত প্ৰিণ্ট মিডিয়াৰ অবিৰত প্ৰাসংগিকতাক স্বীকৃতি প্ৰদান কৰি, চৰকাৰে নাগৰিকসকলৰ সৈতে সংবাদ মাধ্যমৰ যোগাযোগ আৰু তথ্যৰ অধিক ফলপ্ৰসূ প্ৰচাৰ নিশ্চিত কৰাৰ লক্ষ্য লৈছে ।

তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ড° এল. মুৰুগানে আজি লোকসভাত শ্ৰী সুৰেশ কুমাৰ শ্বেতকাৰ, শ্ৰী বিজয়কুমাৰ ওৰফে বিজয় বসন্ত আৰু শ্ৰী মাণিকম ঠাকুৰ বি-য়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰী কৰে।

*****

Mahesh Kumar/DD


(रिलीज़ आईडी: 2202201) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Punjabi , Odia , Telugu , Kannada