প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এক বিশেষ আলোচনাৰ সময়ত লোকসভাত আগবঢ়োৱা ভাষণৰ কিছু উল্লেখযোগ্য দিশ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 08 DEC 2025 4:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এক বিশেষ আলোচনাৰ সময়ত লোকসভাত আগবঢ়োৱা ভাষণৰ কিছু উল্লেখযোগ্য দিশ শ্বেয়াৰ কৰে।

এক্সত এলানি পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়;

দেশৰ স্বাধীনতা আন্দোলনক শক্তিশালী আৰু অনুপ্ৰাণিত কৰা, ত্যাগ আৰু তপস্যাৰ পথ দেখুৱাই দিয়া মন্ত্ৰ আৰু শ্লোগানসদৃশ বন্দে মাতৰমৰ পবিত্ৰ স্মৃতি স্মৰণ কৰাটো আমাৰ মহান সৌভাগ্য।"

"বন্দে মাতৰমে হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ সত্তাত গভীৰভাৱে শিপাই থকা এটা ধাৰণাক পুনৰ সজীৱ কৰি তুলিলে।"

"১৯০৫ চনত যেতিয়া ব্ৰিটিছে বংগ বিভাজনৰ পাপ কৰিছিল, তেতিয়া বন্দে মাতৰম পাহাৰৰ দৰে থিয় হৈছিল।"

“ভাৰত মাতাৰ অগণন সাহসী পুত্ৰই বন্দে মাতৰম গান গাই ফাচিকাঠত ওলমি আছিল।বন্দে মাতৰমে একেবাৰে শেষলৈকে তেওঁলোকৰ মনত প্ৰতিধ্বনিত হৈছিল।”

“বন্দে মাতৰমে ভাৰতক আত্মনিৰ্ভৰশীলতাৰ পথো দেখুৱাইছিল।এয়া বিদেশী কোম্পানীক প্ৰত্যাহ্বান জনোৱাৰ মন্ত্ৰত পৰিণত হৈছিল, যাৰ ফলত স্বাধীনতাৰ মন্ত্ৰ স্বদেশী মন্ত্ৰলৈ সম্প্ৰসাৰিত হৈছিল।”

 “মহান বন্দে মাতৰমক অতীতত কিয় অন্যায় আৰু বিশ্বাসঘাতকতা কৰা হৈছিল সেই কথা এতিয়া জনাটো গুৰুত্বপূৰ্ণ...”

“কংগ্ৰেছে তুষ্টিকৰণৰ ৰাজনীতিৰ হেঁচাত বন্দে মাতৰমক বিভাজিত কৰাৰ সিদ্ধান্ত লৈছিল, সেইবাবেই কংগ্ৰেছে এদিন ভাৰতক বিভাজিত কৰিবলৈ নতশিৰ কৰিবলগীয়া হৈছিল।”

 

****

MJPS/ST/DB


(ৰিলিজ আই ডি : 2200688) অতিথি কক্ষ : 25