প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতীয় পৰম্পৰা আৰু মূল্যবোধৰ প্ৰচাৰৰ বাবে দূৰদৰ্শনৰ ‘সুপ্ৰভাতম’ কাৰ্যসূচীক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
प्रविष्टि तिथि:
08 DEC 2025 9:03AM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে দূৰদৰ্শনত সম্প্ৰচাৰিত সুপ্ৰভাতম কাৰ্যসূচীৰ প্ৰশংসা কৰি কয় যে এই কাৰ্যসূচীয়ে পুৱাৰ এক সতেজ আৰম্ভণি কঢ়িয়াই আনে। তেওঁ কয় যে এই কাৰ্যসূচীত যোগৰ পৰা আৰম্ভ কৰি ভাৰতীয় জীৱনশৈলীৰ বিভিন্ন দিশলৈকে ভিন ভিন বিষয়বস্তু সামৰি লোৱা হৈছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতীয় পৰম্পৰা আৰু মূল্যবোধৰ ওপৰত আধাৰিত এই অনুষ্ঠানটোৱে জ্ঞান, অনুপ্ৰেৰণা আৰু ইতিবাচকতাৰ এক অনন্য মিশ্ৰণ উপস্থাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে সুপ্ৰভাতম কাৰ্যসূচীৰ এক বিশেষ খণ্ড-সংস্কৃত সুভাশিতমৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে। তেওঁ কয় যে এই খণ্ডটোৱে ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যৰ বিষয়ে নতুন সজাগতা সৃষ্টি কৰাত সহায় কৰে।
প্ৰধানমন্ত্ৰীয়ে আজিৰ সুভাশিতমক দৰ্শকৰ সৈতে ভাগ-বাটোৱাৰা কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
‘দূৰদৰ্শনত সম্প্ৰচাৰিত পুৱাৰ সুপ্ৰভাতম কাৰ্যসূচীয়ে এক সতেজ অনুভৱ দিয়ে। ইয়াত যোগৰ পৰা আৰম্ভ কৰি ভাৰতীয় জীৱনশৈলীৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হয়। ভাৰতীয় পৰম্পৰা আৰু মূল্যবোধৰ ওপৰত আধাৰিত এই অনুষ্ঠানটো জ্ঞান, অনুপ্ৰেৰণা আৰু ইতিবাচকতাৰ এক বিস্ময়কৰ সংগম।
https://www.youtube.com/watch?v=vNPCnjgSBqU’
‘সুপ্ৰভাতম কাৰ্যসূচীৰ এটা বিশেষ খণ্ডৰ প্ৰতি মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। এইটো সংস্কৃত উচ্চাৰণ। ইয়াৰ জৰিয়তে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বিষয়ে এক নতুন চেতনা প্ৰেৰিত হয়। এইটোৱেই আজিৰ প্রবাদ...’
********
MJPS/ST/MK
(रिलीज़ आईडी: 2200262)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam