গৃহ মন্ত্ৰালয়
পূজনীয় প্ৰমুখ স্বামী মহাৰাজ জী ডাঙৰীয়াৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে
সৰলতা, সেৱা, কৰুণাৰ প্ৰতীক পূজনীয় প্ৰমুখ স্বামী মহাৰাজ জীৰ চিন্তা আৰু জ্ঞানৰ পৰিসৰ আছিল বিশাল
তেওঁৰ সৈতে হোৱা প্ৰতিটো কথা-বতৰাই নতুন প্ৰেৰণা আৰু শক্তিৰ যোগাইছিল
প্ৰমুখ স্বামী মহাৰাজ জীয়ে মানৱ সমাজক ভগৱানৰ প্ৰতি বিশ্বাস আৰু ভক্তিৰে সংযোগ কৰাৰ দিশত কাম কৰিছিল
প্ৰতিজন ব্যক্তিৰ মাজত ভগৱান স্বামীনাৰায়ণ জীৰ শিক্ষা প্ৰচাৰ কৰা প্ৰমুখ স্বামী মহাৰাজ জীৰ স্মৃতিয়ে মনক শান্তি আৰু শ্ৰদ্ধাৰে ভৰাই তোলে
प्रविष्टि तिथि:
07 DEC 2025 3:07PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে পূজনীয় প্ৰমুখ স্বামী মহাৰাজ জীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
‘এক্স’ৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “সৰলতা, সেৱা, আৰু মমতাৰ প্ৰতীক পূজনীয় প্ৰমুখ স্বামী মহাৰাজ জীৰ জন্ম বাৰ্ষিকীত তেখেতক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাইছো।
স্বামীজীৰ চিন্তা আৰু জ্ঞানৰ পৰিসৰ ইমানেই বিশাল আছিল যে তেওঁৰ সৈতে হোৱা প্ৰতিটো কথা-বতৰাই নতুন প্ৰেৰণা আৰু শক্তিৰ যোগাইছিল । তেওঁক লগ পোৱা, তেওঁৰ লগত কথা পতা, তেওঁৰ লগত সময় কটোৱাৰ সুযোগ পোৱাটো মোৰ বাবে সৌভাগ্য হৈ পৰিছে।
প্ৰমুখ স্বামী মহাৰাজ জীয়ে মানৱ সমাজক ভগৱানৰ প্ৰতি বিশ্বাস আৰু ভক্তিৰে সংযোগ কৰাৰ দিশত কাম কৰিছিল।
প্ৰত্যেক ব্যক্তিৰ মাজত ভগৱান স্বামীনাৰায়ণ জীৰ শিক্ষা প্ৰচাৰ কৰা প্ৰমুখ স্বামী মহাৰাজ জীৰ স্মৃতিয়ে মনক শান্তি আৰু শ্ৰদ্ধাৰে ভৰাই তোলে।”
***
RK/PR/PS/DM
(रिलीज़ आईडी: 2200131)
आगंतुक पटल : 5