গৃহ মন্ত্ৰালয়
অসম দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
অসম দিৱস উপলক্ষে অসমৰ ভাতৃ-ভগ্নীসকললৈ আন্তৰিক শুভেচ্ছা
এই অনুষ্ঠানটোৱে আহোম যুগৰ গৌৰৱক স্মৰণ কৰে আৰু অসমৰ সমৃদ্ধ সংস্কৃতি সুৰক্ষিত কৰাৰ বাবে আমাৰ দায়বদ্ধতাক শক্তিশালী কৰে, যাক লৈ প্ৰতিজন ভাৰতীয়ই গৌৰৱান্বিত
মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে বিগত ৯ বছৰত শান্তিৰ যুগৰ সূচনা কৰি অসমক উন্নয়ন আৰু শিক্ষাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে আৰু এই প্ৰগতি অবিৰতভাৱে অব্যাহত ৰখাৰ বাবে সংকল্পবদ্ধ
এই দিনটোৱে আমাৰ একতাৰ বান্ধোনক শক্তিশালী কৰক আৰু আমাৰ সংস্কৃতিৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ কৰক
प्रविष्टि तिथि:
02 DEC 2025 12:28PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে অসম দিৱস উপলক্ষে অসমৰ জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে।
‘এক্স’ প্লেটফৰ্মত এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, ‘অসম দিৱস উপলক্ষে আমাৰ অসমৰ ভগ্নী আৰু ভাতৃসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এই দিৱসে আহোম যুগৰ গৌৰৱক মনত পেলাই দিয়ে আৰু অসমৰ সমৃদ্ধ সংস্কৃতি সুৰক্ষিত কৰাৰ প্ৰতি আমাৰ দায়বদ্ধতাক শক্তিশালী কৰে, য’ত প্ৰতিজন ভাৰতীয়ই গৌৰৱান্বিত অনুভৱ কৰে।’
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয়, ‘মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে বিগত ৯ বছৰত শান্তিৰ যুগৰ সূচনা কৰি অসমক উন্নয়ন আৰু শিক্ষাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে আৰু এই প্ৰগতি নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰাখিবলৈ সংকল্পবদ্ধ। এই দিনটোৱে আমাৰ একতাৰ বান্ধোন শক্তিশালী কৰক আৰু আমাৰ সংস্কৃতিৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ কৰক।’
****
RK / RR / PS / HS
(रिलीज़ आईडी: 2197490)
आगंतुक पटल : 5