প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ শিৱগংগাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে
পিএমএনআৰএফ-ৰ পৰা সাহায্য ঘোষণা
পোষ্ট কৰা হৈছে:
01 DEC 2025 10:23AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ শিৱগংগা জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে ইয়াত আহতসকলৰ আশু-আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফ-ৰ পৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ সাহায্য ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
“তামিলনাডুৰ শিৱগংগাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছো। ইয়াত আপোনজনক হেৰুৱাবলগীয়া হোৱাসকললৈ গভীৰ সমবেদনা জনাইছো। মই আহতসকলৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।
পিএমএনআৰএফ-ৰ পৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ সাহায্য আগবঢ়োৱা হ’বঃ @narendramodi"
****
MJPS/VJ/SB
(ৰিলিজ আই ডি : 2196778)
অতিথি কক্ষ : 32
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam