থাইলেণ্ডৰ আশ্চৰ্যজনক ছবি 'এ য়ুজফুল ঘোষ্ট' ছবিৰে আইএফএফআইৰ আন্তঃৰাষ্ট্ৰীয় শাখাৰ সফল সমাপ্তি
যেতিয়া প্ৰেমিকা ভেকুৱাম ক্লীনাৰ হিচাপে উভতি আহে: এক আকৰ্ষণীয় অলৌকিক কাহিনীৰ সৃষ্টি
ছবিখনৰ দৃশ্যমানতা আৰু আৱেগিক সাৰ্থকতা সম্পৰ্কে বিস্তাৰিতভাৱে বৰ্ণনা কৰিলে পৰিচালক ৰটচপুম আৰু তেওঁৰ দলে
আইএফএফআইত আন্তঃৰাষ্ট্ৰীয় শাখাৰ সমাপ্তিৰ বাবে ইয়াতকৈ স্মৰণীয় আন একো হ'ব নোৱাৰে। থাইলেণ্ডৰ অফিচিয়েল অস্কাৰ এণ্ট্ৰি আৰু কাঁ গ্ৰেণ্ড প্ৰিজ বিজয়ী ছবি 'এ য়ুজফুল গোষ্ট'ৰ দলে আজি সংবাদমেলত হাস্য-ব্যংগ, বিষাদ, সামাজিক মন্তব্য আৰু ৰহস্যৰ এক বিৰল মিশ্ৰণ দাঙি ধৰি তেওঁলোকৰ বহু চৰ্চিত ছবিখনৰ গুণানুকীৰ্তন কৰে।
পৰিচালক ৰচপুম বুনবঞ্চক, সহযোগী প্ৰযোজক তানাদে অমোৰনপিয়ালাৰ্ক, অভিনেতা বিশাৰুত হোমহুৱান আৰু চিনেমাটোগ্ৰাফাৰ ছং পাচিটে মঞ্চত এক কাহিনীৰে এক অদ্ভুত, কোমল জগতৰ আলোকপাত কৰে য'ত এজন শোকাকুল স্বামীয়ে তেওঁৰ মৃত পত্নীৰ পুনৰ জন্ম এটা ভেকুৱাম ক্লীনাৰ হিচাপে পায়।
"এটা অদ্ভুত ধাৰণাই ইমান দূৰলৈ যাব পাৰে বুলি কোনে ভাবিছিল? " - ৰচপুম
ছবিখনৰ গোলকীয় যাত্ৰাৰ বিষয়ে ক'বলৈ গৈ, পৰিচালক ৰচপুমে নিজৰ অবিশ্বাস আৰু আনন্দৰ কথা ব্যক্ত কৰে।
কোনে ভাবিছিল যে এনে এখন সাধাৰণ ধাৰণাৰ ছবিয়ে ইমান দূৰলৈ আৰু ইমানবোৰ মানুহৰ মাজলৈ যাব? তেওঁ কয় যে ছবিখনৰ আৰম্ভণিতে ভূতক মানুহৰ ৰূপত দেখুওৱাৰ পৰম্পৰাগত ধাৰণা আছিল। কিন্তু এই ধাৰণাটো সহজ যেন লাগিছিল। তাৰপাছত তেওঁলোকে এটা অস্বাভাৱিক বস্তু গ্ৰহণ কৰে: ভেকুৱাম ক্লিনাৰ হিচাপে পুনৰ জন্ম লাভ কৰা এটা ভূত।
তেওঁ কয় যে এই অদ্ভুত নিৰ্বাচনো প্ৰতীকী আছিল। "বায়ু প্ৰদূষণ, থাইলেণ্ডত এটা মুল সমস্যা আৰু এই প্ৰদূষণেই ছবিখনৰ মুখ্য চৰিত্ৰটোৰ প্ৰাণ কাঢ়ি নিয়ে। ভেকুৱাম ক্লীনাৰটো তেওঁৰ মৃত্যুৰ কাৰণৰ এক কাব্যিক উত্তৰ। " ৰচপুমে লগতে কয় যে তেওঁ সমগ্ৰ বিশ্বৰ ভূতৰ ছবি অধ্যয়ন কৰি বহু সময় অতিবাহিত কৰিছিল, য'ত প্ৰচণ্ড মেকআপৰ পৰা সূক্ষ্ম অদৃশ্য উপস্থিতিৰ পৰ্যন্ত আছিল আৰু শেষত তেওঁ এক অচিনাকী, শান্ত আৰু অধিক অন্তৰংগ বিষয়ৰ প্ৰতি আকৃষ্ট হৈছিল। এই সিদ্ধান্তই অপ্ৰত্যাশিত বিজ্ঞান কল্পকাহিনীৰ উপাদান সৃষ্টি কৰে, যাক তেওঁ হাস্যকৰভাৱে স্বীকাৰ কৰে যে ই কোনো সচেতন পৰিকল্পনাৰ অংশ নাছিল।





For more information, click on:
IFFI Website: https://www.iffigoa.org/
PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/
PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji
* * *
PIB IFFI CAST AND CREW | Ritu Shukla/Sangeeta Godbole/ Sreeshma K/Darshana Rane | IFFI 56 – 108/DB
रिलीज़ आईडी:
2196739
| Visitor Counter:
5