“প্ৰতিজন চলচ্চিত্ৰ নিৰ্মাতাই কয় যে নাওত শ্বুটিং নকৰিব—কিন্তু মই শুনা নাছিলো”: পেস্কাডৰ সন্দৰ্ভত পৰিচালক হেৰল্ড ৰছি
সাগৰীয় সপোনৰ পৰা প্ৰত্যাহ্বানলৈকে, পেস্কাডৰে আই এফ এফ আইৰ মঞ্চলৈ সজীৱ প্ৰামাণ্যতা আনিছে
চলি থকা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (আই এফ এফ আই) চলচ্চিত্ৰ নিৰ্মাতা হেৰল্ড ডমেনিকো ৰছিয়ে তেওঁৰ ছবি পেস্কাডৰ নিৰ্মাণৰ বিষয়ে এক অন্তৰংগ আভাস আগবঢ়ায়— যিটো প্ৰকল্প ক’মাত থকাৰ সময়ত তেওঁৰ অভিজ্ঞতাৰ পৰা জন্ম হৈছিল।
আজি সাংবাদিকক সম্বোধন কৰি তেওঁ কয় , ‘সেই কঠিন সময়ছোৱাত মই সাগৰ দেখি থাকিলোঁ।বিচ্ছিন্নতাৰ ভাৱটোৱে আপ্লুত কৰি তুলিছিল। তেওঁৰ সতীৰ্থ প্ৰযোজক বাৰ্বাৰা এন্নে ৰেচিয়েল আৰু চিনেমাটোগ্ৰাফাৰ তথা প্ৰযোজক আইজাক জোচেফ বেংকছো তেওঁৰ সৈতে উপস্থিত আছিল।
“পেস্কাডৰ মোৰ সেই আবেগিক দূৰত্ব আৰু সংযোগৰ আকাংক্ষাবোৰক পৰ্দাত ফুটাই তোলাৰ কৰাৰ মাধ্যম হৈ পৰিল।” ৰছিয়ে হাস্যৰস আৰু স্পষ্টবাদীতাৰে সাগৰত চিত্ৰগ্ৰহণৰ প্ৰত্যাহ্বানৰ কথা মনত পেলাইছিল। “প্ৰতিজন চলচ্চিত্ৰ নিৰ্মাতাই আপোনাক সকীয়াই দিয়ে: নাওত চিনেমা শ্বুটিং নকৰিব।
মই শুনা নাছিলো।’- তেওঁ হাঁহে।“কিন্তু মই সোনকালে বুজিলোঁ যে তেওঁলোকে কিয় কৈছিল। মুকলি সাগৰত—আৰু জংঘলৰ গভীৰতাত—প্ৰকৃত মাছমৰীয়া নাওত শ্বুটিং কৰাটো অবিশ্বাস্যভাৱে কঠিন আছিল। কিন্তু ই কঢ়িয়াই অনা প্ৰত্যাহ্বান প্ৰতিটো সংগ্ৰামৰ অংশ আছিল।”
পৰিচালকগৰাকীয়ে এই কথাও প্ৰকাশ কৰে যে ছবিখনৰ মাছমৰীয়াৰ কেন্দ্ৰীয় চৰিত্ৰটোত এজন অ-অভিনেতাই অভিনয় কৰিছে। "আমি এটা সুযোগ লৈছিলো—আৰু ইয়াৰ ফল পাইছিলোঁ। তেওঁৰ স্বাভাৱিক উপস্থিতিয়ে ছবিখনক আত্মা দিছিল।"
প্ৰযোজক বাৰ্বাৰা এন্নে ৰাছিয়েলে পেস্কাড’ৰক “সঁচাকৈয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা” বুলি বৰ্ণনা কৰে , য’ত আমেৰিকা আৰু কোষ্টা ৰিকাৰ অভিনেতা-অভিনেত্ৰী আৰু কৰ্মীৰ সমান অৰিহণা আছে। “আমি একেলগে বাস কৰিছিলো আৰু কাম কৰিছিলো, সংস্কৃতি ভাগ কৰিছিলো, ইজনে সিজনৰ ভাষা শিকিছিলো—এয়া মোৰ জীৱনৰ অন্যতম অনন্য অভিজ্ঞতা আছিল,” তেওঁ কয়।
চিনেমাটোগ্ৰাফাৰ আৰু প্ৰযোজক আইজাক জোচেফ বেংকছে ছবিখনৰ দৃশ্যগত ভাষাক আলোকপাত কৰি কয়: "হেৰল্ড আৰু মই দুয়োটা মূল চৰিত্ৰৰ বাবে দুটা সুকীয়া দৃশ্যগত পদ্ধতি গঢ়ি তুলিছিলো।সেই বৈপৰীত্যই কাহিনী কথনক এক শক্তিশালী ৰূপত গঢ় দিছিল।"
ইয়াৰ আবেগিক মূল, আন্তঃৰাষ্ট্ৰীয় মনোভাৱ আৰু সাহসী সাগৰৰ সন্মুখৰ উপাদানৰ সৈতে, পেস্কাডৰে আইএফএফআই ২০২৫ৰ অন্যতম ব্যক্তিগত আৰু দৃশ্যগতভাৱে আকৰ্ষণীয় সৃষ্টি হিচাপে আত্মপ্ৰকাশ কৰে।
ছবিখনৰ সংক্ষিপ্ত পৰিচয়
এগৰাকী আমেৰিকান ভগ্নী, তেওঁৰ ভাতৃ আৰু এজন কোষ্টা ৰিকান মাছমৰীয়াৰ জীৱন জীৱন-মৃত্যুৰ কথা পানীৰ সৈতে জড়িত হৈ পৰিছিল। প্ৰথম খণ্ডত এজন যুৱ আমেৰিকান বিজ্ঞানীয়ে কোষ্টা ৰিকাৰ দৃশ্য আৰু ঘন জংঘলৰ মাজেৰে ভ্ৰমণ কৰি এটা পৌৰাণিক মাছ বিচাৰি কৰা মানৱীয় সংযোগৰ সীমাত উপনীত হয় । এক হতাশজনক পৰিস্থিতিৰ অন্তত বাছত টোপনি যায় আৰু ছবিখন নতুনকৈ আৰম্ভ হয়। দ্বিতীয় খণ্ডত এটা যাদুকৰী লবষ্টাৰে এজন অকলশৰীয়া মাছমৰীয়াক তেওঁৰ আটাইতকৈ ডাঙৰ ইচ্ছা পূৰণ কৰে: সেয়া পিতৃত্ব। মাছমৰীয়াজনে বিজ্ঞানীজনৰ ভাতৃক সাগৰত উটি যোৱা দেখিছিল আৰু তেওঁক শুশ্ৰুষা কৰিছিল।
ভায়েকজনে লাহে লাহে, তেওঁ সহায় গ্ৰহণ কৰে, মাছ ধৰিবলৈ শিকে, আৰু মাছমৰীয়া সম্প্ৰদায়ৰ সৈতে একত্ৰিত হয়– তেওঁলোকৰ বন্ধনটো অধিক নিকপকপীয়া হৈ পৰে। পেস্কাডৰে সুধিছে: আপুনি বিচ্ছিন্নতাৰ বাবে কি বলিদান দিয়ে? দুৰ্বলতা আৰু সংযোগৰ মুহূৰ্তত আপুনি কেনে ধৰণৰ বিপদত পৰে?
আই এফ এফ আইৰ বিষয়ে
১৯৫২ চনত আৰম্ভ হোৱা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমাৰ উদযাপন হিচাপে থিয় দিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু গোৱা ৰাজ্য চৰকাৰৰ এণ্টাৰটেইনমেণ্ট ছ’চাইটি অৱ গোৱা (ই এছ জি), গোৱা চৰকাৰৰ যৌথভাৱে আয়োজন কৰা এই উৎসৱটো এক বিশ্বব্যাপী চিনেমাৰ শক্তিশালী স্থানলৈ পৰিণত হৈছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী ব্যক্তিত্ব, পটভূমিৰ সৈতে সংযোগ হোৱাৰ সুযোগ পায়। আইএফএফআইক সঁচাকৈয়ে জিলিকাই তোলা কথাটো হ’ল ইয়াৰ বৈদ্যুতিক মিশ্ৰণ—আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিৰ ৱেভছ ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি আৰু সহযোগিতাই উৰণ লয়। ২০–২৮ নৱেম্বৰৰ পৰা গোৱাৰ সুন্দৰ উপকূলীয় পটভূমিত মঞ্চস্থ কৰা ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক চকু থৰ লগাব পৰা বৰ্ণালীৰ প্ৰতিশ্ৰুতি দিছে— এয়া হৈছে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন।
रिलीज़ आईडी:
2196688
| Visitor Counter:
13