iffi banner

৫৬ সংখ্যক আইএফএফআইৰ অন্ত পৰিল, কিন্তু চিনেমাৰ যাদু চিৰদিনৰ বাবে থাকিব!

ভিয়েটনামী ছবি ‘স্কিন অৱ ইউথ’য়ে ৫৬ সংখ্যক আইএফএফআইত লাভ কৰে সন্মানীয় গোল্ডেন পিকক বঁটা

ছবিয়ে জনচেতনা গঢ় দিয়ে, সামাজিক পৰিৱৰ্তনক অনুপ্ৰাণিত কৰে, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰে, আৰু সমগ্ৰ ভাৰতৰ বৈচিত্ৰ্যময় সমাজত ঐক্যৰ পোষকতা কৰে: গোৱাৰ মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্ত

WAVES ফিল্ম বজাৰে ১,০৫০ কোটি টকাৰো অধিক মূল্যৰ ব্যৱসায় সৃষ্টি কৰে, মহিলাৰ পৰিচালনাত ৫০খন ছবি প্ৰদৰ্শন কৰা হয়, যিয়ে ছবিত নাৰী-শক্তিৰ উত্থানক প্ৰতিফলিত কৰিছে: ৰাজ্য মন্ত্ৰী (তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা) ড° এল মুৰুগণ

“এই সন্মান সমগ্ৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে”: চিনেমাত ৫০ বছৰ সম্পূৰ্ণ হোৱাত ৰজনীকান্তক সন্মানিত কৰা হয়

মাৰাঠী ছবি ‘গোন্ধল’ পৰিচালনাৰ বাবে সন্তোষ দাৱখৰে লাভ কৰে ছিলভাৰ পিকক

উবেইমাৰ ৰিঅ’ছক শ্ৰেষ্ঠ পুৰুষ অভিনেতাৰ বাবে ছিলভাৰ পিকক, জাৰা ছফিয়া অষ্টানে শ্ৰেষ্ঠ মহিলা অভিনেত্ৰীৰ বাবে ছিলভাৰ পিকক বঁটা লাভ কৰে

আজি সন্ধিয়া গোৱাৰ ড° শ্যামা প্ৰসাদ মুখাৰ্জী ইনড’ৰ ষ্টেডিয়ামত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) ২০২৫ৰ সামৰণি পৰাৰ লগে লগে, ৰং-বিৰঙী আলোকেৰে সজ্জিত এক চমকপ্ৰদ সামৰণি অনুষ্ঠান সম্পন্ন হয়— মনোমোহা সাংস্কৃতিক প্ৰস্তুতিৰে উজ্জ্বলি উঠে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰৰ ব্যক্তিত্বই শোভা বঢ়ায়। ইয়াৰ লগে লগে —চিনেমা, সংস্কৃতি আৰু কাহিনী কোৱাৰ এই অনন্য মহোৎসৱৰ এটা বিশেষ অধ্যায়ৰ সামৰণি পৰিল, কিন্তু ইয়াৰ লগে লগে এই প্ৰতিষ্ঠিত চলচ্চিত্ৰ মহোৎসৱৰ পৰৱৰ্তী সংস্কৰণৰ বাবে উৎসুকতাও বাঢ়িবলৈ ধৰে।

যোৱা ৯ দিনত গোৱাত বিয়পি থকা চলচ্চিত্ৰ মহোৎসৱৰ স্থানসমূহত শক্তিশালী কাহিনী আৰু স্পন্দনশীল অভিনয়ে ৰূপালী পৰ্দা আৰু মঞ্চসমূহ পোহৰাই তোলে, যাৰ ফলত দৰ্শক মন্ত্ৰমুগ্ধ হৈ পৰে আৰু এক সাৰ্বজনীন কলাত্মক মনোভাৱ প্ৰতিফলিত হৈছে।

উদীয়মান আৰু বিখ্যাত শিল্পীৰ ৰেড-কাৰ্পেটৰ মুহূৰ্ত, দৰ্শনীয় সাংস্কৃতিক অনুষ্ঠান আৰু বিশিষ্ট লগতে নতুনকৈ আৱিষ্কৃত চিনেমাৰ প্ৰতিভাক সন্মান জনোৱা বঁটাসমূহে এই সন্ধিয়াটোক চলচ্চিত্ৰ অনুৰাগীৰ বাবে এক স্মৰণীয় সন্ধিয়া কৰি তোলে।

ৰাটচাপুম বুনবনচাচ’কৰ দ্বাৰা পৰিচালিত ক্ল’জিং ফিল্ম ‘এ ইউজফুল ঘোষ্ট’ৰ প্ৰদৰ্শনেৰে এই উৎসৱৰ সামৰণি পৰে — চলচ্চিত্ৰৰ এনে এক অনন্য প্ৰস্তুতি, যি কেইবাটাও প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহ আৰু বঁটাত প্ৰশংসা লাভ কৰিছে।

সন্ধিয়াৰ উদযাপনৰ মাজতে বহু প্ৰত্যাশিত বঁটা ঘোষণাৰ লগে লগে এই সমগ্ৰ সমাৰোহৰ সেই বিশেষ মুহূৰ্ত সন্মুখলৈ আহে, য’ত সেই প্ৰতিভাশালী সৃষ্টিকৰ্তা আৰু অসাধাৰণ প্ৰতিভাসকলক সন্মান জনোৱা হয়, যিসকলে নিজৰ কলাত্মক উৎকৃষ্টতাৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে।

এছলি মেফেয়াৰৰ দ্বাৰা পৰিচালিত ‘স্কিন অৱ ইউথ’এ শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ বাবে সন্মানীয় ‘গোল্ডেন পিকক’ বঁটা লাভ কৰে

এছলি মেফেয়াৰৰ দ্বাৰা লিখিত আৰু পৰিচালিত ভিয়েটনামী ছবি ‘স্কিন অৱ ইউথ’ক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাৰ শ্ৰেষ্ঠ ফিচাৰ ফিল্ম হিচাপে বিবেচিত কৰা হয়, যাৰ ফলত ৫৬ সংখ্যক আইএফএফআইত সন্মানীয় গোল্ডেন পিকক লাভ কৰে।

নিজৰ অতুলনীয় আখ্যানেৰে এই ছবিখনে এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে—মানৱীকৰণ কৰা, আলোকিত কৰা আৰু মৌনতাক প্ৰত্যাহ্বান জনোৱা। ভাল সংগীত আৰু নিপুণ সম্পাদনাৰে ছবিখনৰ সকলো উপাদান সুন্দৰকৈ একত্ৰিত হৈছে। জুৰীয়ে ছবিখনক - সাহসী আৰু নিৰ্ভিক, চমকপ্ৰদ আৰু ষ্টাইলিছ আদি শব্দেৰে সংজ্ঞায়িত কৰে। ছবিখনত দেখুওৱা প্ৰেম আৰু ত্যাগে আমাক এনে এটা জীৱনৰ বিষয়ে অৱগত কৰে যাৰ বিষয়ে আমাৰ মাজৰ কমসংখ্যকেহে জানে, আৰু সেয়েহে ছবিখন আমাৰ মনত দীৰ্ঘদিন ধৰি জীয়াই থাকিব।

মাৰাঠী ছবি ‘গোন্ধল’ৰ পৰিচালক সন্তোষ দৱাখৰে শ্ৰেষ্ঠ পৰিচালকৰ বাবে ছিলভাৰ পিকক লাভ কৰে

৫৬ সংখ্যক আইএফএফআইত মাৰাঠী ফিচাৰ ফিল্ম ‘গোন্ধাল’ৰ পৰিচালক সন্তোষ দৱাখৰে শ্ৰেষ্ঠ পৰিচালকৰ ছিলভাৰ পিকক লাভ কৰে।

সাংস্কৃতিক পৰম্পৰাৰ সমৃদ্ধ আচাৰ-ব্যৱহাৰক লৈ, পৰিচালক সন্তোষ দৱাখৰে এক চলচ্চিত্ৰময় ৰত্নৰ জন্ম দিছে। জুৰীৰ ভাষাত – এনে এক মনোৰম কাহিনী, যি আমাক ৰামাঞ্চিত কৰে আৰু আমাৰ কল্পনাৰো বাহিৰত, আমাক আশ্চৰ্যচকিত কৰি তোলে। জুৰীয়ে আৰু কয় যে গোন্ধল বাস্তৱ জগতত শ্বেক্সপীয়েৰৰ উপকথাৰ দৰে।

স্পেনিছ ছবি ‘এ পয়েট’ৰ মুখ্য অভিনেতা উবেইমাৰ ৰিঅ’ছে শ্ৰেষ্ঠ পুৰুষ অভিনেতাৰ বাবে ছিলভাৰ পিকক বঁটা লাভ কৰে

স্পেনিছ ছবি এ পয়েটৰ মুখ্য অভিনেতা উবেইমাৰ ৰিঅ’ছক ৫৬ সংখ্যক আইএফএফআইত শ্ৰেষ্ঠ অভিনেতা (পুৰুষ)ৰ বাবে ছিলভাৰ পিকক বঁটাৰে সন্মানিত কৰা হয়।

ছবিখনে কলা আৰু অস্তিত্বৰ মাজৰ যুগ যুগ ধৰি চলি অহা সংঘৰ্ষক এক অনন্য আৰু অপ্ৰত্যাশিত পদ্ধতিৰে দেখুৱাইছে। এই ছবিখনত অভিনেতা উবেইমাৰ ৰিঅ’ছে নিজৰ প্ৰথম সুযোগতে চমকপ্ৰদ অভিনয় কৰিছে, য’ত তেওঁ এজন পীড়িত, পৰাজিত কবিৰ ভূমিকা পালন কৰিছে, যি এক ভাবনাৰ পংকত আবদ্ধ, কিন্তু যেতিয়া তেওঁ এজন প্ৰতিভাৱান কিশোৰক লগ পায় তেতিয়া তেওঁৰ জীৱনেই সলনি হৈ যায়। নিৰ্ণায়কমণ্ডলীয়ে ছবিখনৰ প্ৰশংসা কৰি কয় যে ফিল্ম আৰু উবেইমাৰ উপস্থাপন অতিশয় প্ৰেৰণাদায়ক আৰু যথেষ্ট শান্তিদায়ক।

শ্লোভেনিয়ান ফিল্ম ‘লিটিল ট্ৰাবল গাৰ্লছ’ৰ মুখ্য অভিনেত্ৰী জাৰা ছফিয়া অষ্টানে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ছিলভাৰ পিকক বঁটা লাভ কৰে

শ্লোভেনিয়াৰ ছবি লিটিল ট্ৰাবল গাৰ্লছৰ মুখ্য অভিনেত্ৰী জাৰা ছফিয়া অষ্টানক তেওঁৰ উল্লেখযোগ্য সূক্ষ্ম আৰু গভীৰ প্ৰকাশভংগীৰ অভিনয়ৰ বাবে ৫৬ সংখ্যক আইএফএফআইত ছিলভাৰ পিকক বঁটাৰে সন্মানিত কৰা হয়।

জুৰীয়ে তেওঁৰ অভিনয় দক্ষতাক শলাগ লৈ কয় যে বহু কথাই আটাইতকৈ সহজ, সত্য, ক্ষুদ্ৰ অভিব্যক্তি আৰু অত্যন্ত সূক্ষ্ম ইংগিতৰ জৰিয়তে কোৱা হয়।

জাৰা ছফিয়া অষ্টানৰ হৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ছিলভাৰ পিকক বঁটা গ্ৰহণ কৰাৰ সময়ত 'লিটল ট্ৰাবল গাৰ্লছ' ছবিৰ প্ৰযোজক

মাই ফাদাৰ’ছ শ্বেড’ৰ পৰিচালক আকিনোলা ডেভিছ জুনিয়ৰে জুৰীৰ বিশেষ বঁটা লাভ কৰিছে

ব্ৰিটিছ-নাইজেৰিয়ান চলচ্চিত্ৰ নিৰ্মাতা আকিনোলা ডেভিছ জুনিয়ৰক ৫৬ সংখ্যক আইএফএফআইত মাই ফাদাৰ’ছ শ্বেড’ ছবিখনৰ বাবে জুৰীৰ বিশেষ বঁটাৰে সন্মানিত কৰা হয়।

পৰিচালক আৰু চিত্ৰনাট্য লেখকগৰাকীক জুৰীয়ে প্ৰশংসা কৰে আৰু কয় যে এই ছবিখনৰ উষ্ম মনোগ্ৰাহিতাৰ মূলতে আছে অন্তৰংগ মুহূৰ্ত আৰু সৰু সৰু ইংগিতবোৰ।

পাৰ্চী ছবি মাই ডটাৰ’ছ হেয়াৰ (ৰাহা)ৰ বাবে হেছাম ফাৰাহমাণ্ড আৰু ইষ্ট’নিয়াৰ ছবি ফ্ৰেংকৰ বাবে টনিছ পিলে যৌথভাৱে বেষ্ট ডেবিউ ফিচাৰ ফিল্ম অফ এ ডাইৰেক্টৰ বঁটা লাভ কৰে

ইৰাণৰ চলচ্চিত্ৰ নিৰ্মাতা হেছাম ফাৰাহমাণ্ডে তেওঁৰ প্ৰথম ছবি মাই ডটাৰ’ছ হেয়াৰ (ৰাহা) আৰু ইষ্ট’নিয়াৰ চলচ্চিত্ৰ নিৰ্মাতা টনিছ পিলক তেওঁৰ প্ৰথম ছবি ফ্ৰেংকৰ বাবে ৫৬ সংখ্যক আইএফএফআইত বেষ্ট ডেবিউ ফিচাৰ ফিল্ম অফ এ ডাইৰেক্টৰ বঁটাৰ যৌথ বিজয়ী হিচাপে ঘোষণা কৰা হৈছে।

জুৰীয়ে দুয়োখন ছবিকে প্ৰশংসা কৰে, যিবোৰক তেওঁলোকে উচ্চ মানৰ বুলি উল্লেখ কৰে আৰু সিবিলাকৰ উজ্জ্বলতাই তেওঁলোকক সমানে আকৃষ্ট কৰা বুলি উল্লেখ কৰে।

হিন্দী ছবি কেসৰী চেপ্টাৰ ২ৰ পৰিচালক কৰণ সিং ত্যাগীয়ে লাভ কৰে ‘বেষ্ট ডেবিউ ডাইৰেক্টৰ অফ ইণ্ডিয়ান ফিচাৰ ফিল্ম’ বঁটা

কেসৰী চেপ্টাৰ ২ৰ পৰিচালক কৰণ সিং ত্যাগীয়ে ৫৬ সংখ্যক আইএফএফআইত তেওঁৰ প্ৰথমখন ছবিৰ বাবে এই বঁটা লাভ কৰে। ইণ্ডিয়ান পেনাৰোমাৰ জুৰীয়ে এই ছবিখনৰ পৰিচালক, প্ৰযোজক, অভিনেতা আৰু কাৰিকৰী সহযোগীসকলক অভিনন্দন জ্ঞাপন কৰে।

বেণ্ডিছ বেণ্ডিটছ ছিজন ২এ লাভ কৰিছে শ্ৰেষ্ঠ ৱেব ছিৰিজ (অ’টিটি) বঁটা

৫৬ সংখ্যক আইএফএফআইৰ শ্ৰেষ্ঠ ৱেব ছিৰিজ (অ’টিটি) বঁটা বেণ্ডিছ বেণ্ডিটছ ছিজন ২ৰ দললৈ। জুৰীয়ে অনুভৱ কৰিছিল যে ৱেব ছিৰিজখনৰ কাহিনীয়ে সংগীত আৰু শিল্পক সকলোৰে বাবে সুলভ কৰি তুলিছে।

নৰৱেৰ ছবি "ছেফ হাউছ"এ সন্মানীয় আইচিএফটি-ইউনেস্কো গান্ধী পদক জয় কৰে

আইৰিক স্বেনছনৰ পৰিচালিত নৰৱেৰ ছবি “ছেফ হাউছ”য়ে ভাৰতৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই ২০২৫)ত শান্তি, অহিংসা, আৰু আন্তঃসাংস্কৃতিক আলোচনাক প্ৰসাৰিত কৰা চিনেমালৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে আইচিএফটি–ইউনেস্কো গান্ধী পদক লাভ কৰিছে।

এটা সোণালী কাহিনী: ভাৰতীয় চিনেমাত ৰজনীকান্তৰ ৫০ বছৰীয়া ৰাজত্ব উদযাপন

ৰাষ্ট্ৰৰ চলচ্চিত্ৰ সংস্কৃতিত নিজৰ চিৰস্থায়ী প্ৰভাৱ প্ৰতিফলিত কৰা এক মাইলৰ খুঁটি —ভাৰতীয় চিনেমাত ৫০ বছৰ সম্পূৰ্ণ কৰা কিংবদন্তি অভিনেতা ৰজনীকান্তক—আজি সামৰণি অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ডেৰ শতিকা ধৰি ভাৰতীয় দৰ্শকক মোহিত কৰা আইকনিক তাৰকাগৰাকীয়ে এই সন্মানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। "পিছলৈ ঘূৰি চালে এনে লাগে যেন সময় উৰি গৈছে, কাৰণ মই চিনেমা আৰু অভিনয় ভাল পাওঁ। মই অভিনেতা হিচাপে—ৰজনীকান্ত হিচাপে এশটা জন্ম ল'ব বিচাৰোঁ। আপোনালোকৰ মৰম আৰু ভালপোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এই সন্মান সমগ্ৰ চলচ্চিত্ৰ উদ্যোগৰ—প্ৰযোজক, পৰিচালক, কাৰিকৰী, বিতৰক, প্ৰদৰ্শক, আৰু সকলোৰে।"- কিংবদন্তি অভিনেতাগৰাকীয়ে কয়।

শ্ৰী সমস্থান গোকৰ্ণ পাৰ্টাগালী জীৱনোত্তম মঠৰ ৫৫০তম বৰ্ষ উদযাপনৰ বাবে গোৱাত উপস্থিত থকা মাননীয় প্ৰধানমন্ত্ৰীৰ অভিনন্দন বাৰ্তা সকলো বঁটা বিজয়ীলৈ প্ৰেৰণ কৰে গোৱাৰ মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্তই। ড° প্ৰমোদ সাৱন্তই কয় যে বসুধৈৱ কুটুম্বকমৰ আত্মাই সৃষ্টিশীলতা, উদ্ভাৱন, প্ৰযুক্তি, গল্প কোৱা, আৰু চিনেমাৰ প্ৰতিফলন ঘটায়। তেওঁ মন্তব্য কৰে, “আমি ইয়াত ছবি আৰু বিশ্বক গতিশীল কৰা কাহিনীক উদযাপন কৰিবলৈ আহিছোঁ।” তেওঁ লগতে কয় যে এই সন্ধিয়াটো কেৱল এটা উৎসৱৰ সামৰণি নহয়, বৰঞ্চ সৃষ্টিশীল মন, কলাত্মক উজ্জ্বলতা, আৰু বিশ্বব্যাপী সহযোগিতাৰ এক উল্লেখযোগ্য সমাৱেশৰ শিখৰ। চিনেমাৰ পৰিৱৰ্তনশীল শক্তিক আলোকপাত কৰি তেওঁ কয় যে ছবি মনোৰঞ্জনতকৈ বহু বেছি—ই জনচেতনাক গঢ় দিয়ে, সামাজিক পৰিৱৰ্তনক অনুপ্ৰাণিত কৰে, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰে, আৰু সমগ্ৰ ভাৰতৰ বৈচিত্ৰ্যময় সমাজত ঐক্যৰ পোষকতা কৰে। ড° সাৱন্তই উল্লেখ কৰে যে আজিৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলে সতেজ আখ্যান ৰচনা কৰি ভৌগোলিক সীমা অতিক্ৰম কৰা নতুন ফৰ্মেটৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি আছে। তেওঁ কয় যে গোৱা বছৰ বছৰ ধৰি আইএফএফআইৰ স্থায়ী স্থান আৰু লগতে কয় যে গোৱা চৰকাৰে উৎসৱটোক বিশ্বব্যাপী সাংস্কৃতিক কেন্দ্ৰস্থল হিচাপে লালন-পালন কৰাৰ ক্ষেত্ৰত অক্লান্ত প্ৰচেষ্টা চলাইছে।

আইএফএফআই ২০২৫ৰ সামৰণি অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে মহোৎসৱৰ ৫৬ সংখ্যক সংস্কৰণৰ মূল উদ্ভাৱনসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে এইবাৰৰ আইএফএফআইত সমগ্ৰ গোৱাৰ বিভিন্ন ৰাজ্য আৰু প্ৰডাকচন হাউছৰ পৰা টেবলিউ আৰু সাংস্কৃতিক প্ৰদৰ্শনী প্ৰৱৰ্তন কৰা হয়, য’ত ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হয়। তেওঁ কয়, “প্ৰতি বছৰে আইএফএফআইয়ে নতুন নতুন সোৱাদ আনে।” প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ উদ্ধৃতি দি তেওঁ শ্বেয়াৰ কৰে যে ৱেভছ শীৰ্ষ সন্মিলন প্ৰথমবাৰৰ বাবে মুম্বাইত অনুষ্ঠিত হৈছিল, য’ত ৭৭খন দেশ আৰু চলচ্চিত্ৰ, মনোৰঞ্জন, সংবাদ মাধ্যম, আৰু সৃষ্টিশীল উদ্যোগৰ মূল অংশীদাৰসকলে অংশগ্ৰহণ কৰিছিল। মন্ত্ৰালয়ে লগতে জনায় যে এইবাৰৰ মহোৎসৱত গুৰু দত্ত, ৰাজ খোছলা, ঋত্বিক ঘটক, ভূপেন হাজৰিকা, পি ভানুমতী, সলিল চৌধুৰী, কে বৈকুণ্ঠকে ধৰি কিংবদন্তি চলচ্চিত্ৰ আইকনসকলৰ শতবাৰ্ষিকী উদযাপন কৰাৰ লগতে চিনেমাত ৫০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে ৰজনীকান্তক সম্বৰ্ধনা জনাইছে। ড° এল মুৰুগানে লগতে কয় যে WAVES ফিল্ম বজাৰে উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে ১,০৫০ কোটি টকাতকৈ অধিক মূল্যৰ ব্যৱসায়ৰ সৃষ্টি কৰিছিল, আনহাতে ১২৫জন যুৱ প্ৰতিভাই চিএমঅ’টি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল, যিয়ে নতুন সৃষ্টিকৰ্তাক লালন-পালনৰ প্ৰতি আইএফএফআইৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। তেওঁ উল্লেখ কৰে, “আইএফএফআইৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলা পৰিচালিত ৫০খন ছবি প্ৰদৰ্শিত হয়, যিয়ে চিনেমাত মহিলাক সবলীকৰণৰ ওপৰত আমাৰ মনোযোগ পুনৰ দৃঢ় কৰিলে।” ড° মুৰুগানে সৃষ্টিশীলতা আৰু প্ৰযুক্তিৰ সংযোগস্থলত উদ্ভাৱনক অধিক আগুৱাই নিয়াৰ বাবে মুম্বাইত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন’লজি স্থাপনৰ ওপৰত আলোকপাত কৰে।

এই উপলক্ষে ভাষণ দি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে উল্লেখ কৰে যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে WAVES শীৰ্ষ সন্মিলনত কয় যে এয়া অৰেঞ্জ ইকনমী প্ৰস্ফুটিত হোৱাৰ সময়। তথ্য আৰু সম্প্ৰচাৰ সচিব শ্ৰী জাজুৱে আৰু কয় যে আইএফএফআই ২০২৫য়ে সেই দিশত এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছে—সৃষ্টিকৰ্তাসকলৰ বাবে সুযোগ সৃষ্টি কৰি আৰু ভাৰতীয় প্ৰতিভাক বিশ্বৰ মঞ্চত গৌৰৱেৰে প্ৰদৰ্শন কৰিছে। শ্ৰী জাজুৱে লগতে কয় যে ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন’লজি (আইআইচিটি)-এ সৃষ্টিকৰ্তাসকলক কেৱল তেওঁলোকৰ দক্ষতা আৰু কলাক নিখুঁত কৰাই নহয়, প্ৰযুক্তি শিকিবলৈও সহায় কৰিব যিটো যিকোনো সৃষ্টিশীল উৎপাদনৰ অবিচ্ছেদ্য অংগ। ইতিমধ্যে আইআইচিটিৰ এনএফডিচি কেম্পাছৰ কাম-কাজ আৰম্ভ হৈছে বুলিও তেওঁ জনায়। মুম্বাইত আইআইচিটি হ’ব হাব আৰু স্প’ক মডেলৰ দৰে, যিয়ে দেশজুৰি সৃষ্টিকৰ্তাসকলক উপকৃত কৰিব বুলিও তেওঁ লগতে কয়।

ভাৰতীয় চলচ্চিত্ৰ জগতৰ আইকনসকলে এইবেলি দেহাৱসান ঘটা উচ্চ ব্যক্তিত্বক স্মৰণ কৰে, য’ত ধৰ্মেন্দ্ৰ, কামিনী কৌশল, সুলক্ষনা পণ্ডিত, সতীশ শ্বাহ, পীযুষ পাণ্ডে, ঋষভ তণ্ডন, গোবৰ্ধন আছৰানী, পংকজ ধীৰ, বৰিন্দৰ সিং ঘূমান, জুবিন গাৰ্গ, বাল কাৰ্ৱে, যছৱিন্দৰ ভল্লা, জ্যোতি চণ্ডেকাৰ, ৰতন থিয়ম, বি সৰোজা দেৱী, শ্বেফালী জাৰিৱালা, পাৰ্থ ঘোষ, বিভু ৰাঘৱে, শ্বাজী এন কৰুণ, মনোজ কুমাৰ, আলোক চেটাৰ্জী, শ্যাম বেনেগাল আৰু জাকিৰ হুছেইনক ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে ধন্যবাদ জনায়।

এই উপলক্ষে আইকনিক চলচ্চিত্ৰ জগতৰ ব্যক্তিত্ব ৰমেশ চিপ্পী, নৱাজুদ্দিন ছিদ্দিকী, অভয় সিনহা, ⁠ওমপ্ৰকাশ মেহৰা, কিৰণ শান্তাৰামক সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে বিশিষ্ট ব্যক্তিসকলৰ মাজত উৎসৱৰ পৰিচালক শেখৰ কাপুৰ, এনএফডিচিৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰকাশ মাদগম, ইএছজি গোৱাৰ অধ্যক্ষ ডেলিলা লোবো, ৰবি কিষাণ, ঋষভ শেট্টী, ৰণবীৰ সিং, অমিত সাদ্দ, নিহাৰিকা কনিডেলা আৰু জিভি প্ৰকাশ কুমাৰ উপস্থিত থাকে।

গণেশ বন্দনা, পৰম্পৰাগত নৃত্য, দিব্যাংগ শিল্পীৰ উল্লেখযোগ্য অভিনয়, উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক সমৃদ্ধি আৰু কৰ্ণাটকৰ পৰম্পৰাগত লোকনাট্য ৰূপ যক্ষগণৰ সজীৱ প্ৰদৰ্শন আৰু ৰাজস্থানৰ মংগনিয়াৰসকলৰ প্ৰদৰ্শনৰ জৰিয়তে অনুষ্ঠানত ভাৰতীয় ঐতিহ্যৰ বৈচিত্ৰ্য আৰু সজীৱতাক উজ্জ্বল কৰি তোলা হয়।

সামৰণি অনুষ্ঠানত ভাৰতীয় সাংকেতিক ভাষাৰ দোভাষীৰ উপস্থিতিয়ে মহোৎসৱৰ সৰ্বাংগীন মনোভাৱক আলোকপাত কৰে, যিটো বিগত ৯ দিন ধৰি আইএফএফআই খেলপথাৰত অসংখ্য দিব্যাংগ-বন্ধুত্বপূৰ্ণ ব্যৱস্থাৰ জৰিয়তে প্ৰতিফলিত হৈছিল।

এই বছৰ চলচ্চিত্ৰ মহোৎসৱত এআই ফিল্ম ফেষ্টিভেল আৰু চিনেমএআই হেকাথনৰ প্ৰৱৰ্তন কৰা হয় যিয়ে বিশ্বজুৰি সৃষ্টিকৰ্তাসকলক চিত্ৰনাট্য লিখা, ভিডিঅ’ প্ৰজন্ম, সম্পাদনা, আৰু প্ৰডাকচনৰ বাবে এআই-চালিত সঁজুলি ব্যৱহাৰ কৰি গল্প কোৱাৰ সীমাবদ্ধতা দূৰ কৰিবলৈ উৎসাহিত কৰাৰ এক মঞ্চ প্ৰদান কৰে। ৫৬ নং আইএফএফআইয়ে - কথোপকথনত, মাষ্টাৰক্লাছ আৰু ৰাউণ্ড টেবুলত জ্ঞান বৃদ্ধি কৰা বক্তৃতাৰ বাবে চিনেমা আৰু সৃষ্টিশীলতাৰ কেইবাজনো বিশেষজ্ঞও আনিছিল।

প্ৰতিভাৱান শিল্পীৰ অনন্য প্ৰদৰ্শন আৰু উপযুক্ত ছবি আৰু ব্যক্তিত্বক সন্মান জনোৱা চিনেমা, কাহিনী কথন, আৰু সৃষ্টিশীলতাৰ এক সজীৱ উদযাপনেৰে সামৰণি পৰা ৫৬ সংখ্যক আইএফএফআইয়ে চিনেমাপ্ৰেমী আৰু বিশ্ব চলচ্চিত্ৰ সমাজৰ হৃদয়ত এক স্মৰণীয় স্থান খোদিত কৰাৰ লগতে সৃষ্টিশীল অৰ্থনীতিতো এক উজ্জ্বল স্থান অৰ্জন কৰি উদ্ভাৱন, প্ৰতিভা, আৰু কলাত্মক উদ্যোগক গতি দিছে।

এতিয়া আৰম্ভ হৈছে আইএফএফআইৰ পৰৱৰ্তী সংস্কৰণৰ বাবে অপেক্ষা, যিয়ে পুনৰবাৰ চিনেমাৰ উৎকৃষ্টতাক উদযাপন কৰিবলৈ, অসাধাৰণ প্ৰতিভাক স্বীকৃতি দিবলৈ, আৰু সৃষ্টিশীল অৰ্থনীতিক শক্তিশালী কৰাৰ বাবে এক বিশ্বব্যাপী মঞ্চ আগবঢ়াব।

অধিক তথ্যৰ বাবে ক্লিক কৰক:

**********


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2196244   |   Visitor Counter: 7