চিনেমাত ৫০ বছৰ সম্পূৰ্ণ থালাইভাৰঃ ৫৬সংখ্যক আইএফএফআইত ৰজনীকান্তক সম্বৰ্ধনা
“মোৰ ১০০টা জন্ম হ’লেও মই ৰজনীকান্ত হিচাপে জন্ম ল’ব বিচাৰো”, ক’লে ছুপাৰষ্টাৰগৰাকীয়ে
ভাৰতৰ ৫৬সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চিনেমাৰ এক কীৰ্তিচিহ্নস্বৰূপ মাইলৰ খুঁটি উদযাপন কৰি কিংবদন্তি অভিনেতা শ্ৰী ৰজনীকান্তক চলচ্চিত্ৰ জগতত ৫০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। থালাইভাৰ নামেৰে পৰিচিত শ্ৰী ৰজনীকান্তই ৰূপালী পৰ্দাত স্বকীয় শৈলী আৰু চমকপ্ৰদ অভিনয়েৰে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দৰ্শকক মোহিত কৰি আহিছে।
সামৰণি অনুষ্ঠানৰ অংশস্বৰূপে আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানত কেৱল তামিল ছবিতে নহয়, হিন্দী, তেলেগু, কানাড়া চিনেমাৰ জড়িয়তে ভাৰতীয় চিনেমালৈ শ্ৰী ৰজনীকান্তৰ অপৰিসীম অৱদানক স্বীকৃতি দিয়া হয়। ১৭০খনতকৈও অধিক ছবিত অভিনয়ৰ কৃতিত্ব অৰ্জন কৰা ছুপাৰষ্টাৰগৰাকীয়ে জনপ্ৰিয় সংস্কৃতিত অবিস্মৰণীয় চিনৰ বাবে পদ্ম ভূষণ (২০০০), পদ্ম বিভূষণ (২০১৬), দাদাচাহেব ফালকে বঁটা (২০২০)কে ধৰি অসংখ্য প্ৰশংসা লাভ কৰিছে।
🔥 ৰজনীৰ পঞ্চাশ বছৰীয়া যাদু! 🔥
#IFFI2025য়ে ৰজনীকান্তৰ ৫০সংখ্যক গৌৰৱময় বৰ্ষ উদযাপনৰ জৰিয়তে আমি বীৰত্বৰ পুনৰ কল্পনা কৰা, কাহিনী কোৱাৰ উচ্চতা আৰু প্ৰকৃত যাদু আৰু হৃদয়েৰে জৰিয়তে লাখ লাখ লোকৰ সৈতে সংযোগ স্থাপন কৰা এগৰাকী কিংবদন্তিক সন্মান জনাইছো।
গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্তে শ্ৰী ৰজনীকান্তক এখনি বস্ত্ৰ আৰু স্মৃতিগ্ৰন্থেৰে সম্বৰ্ধনা জনায়। তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগান, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জজু আৰু অভিনেতা শ্ৰী ৰণবীৰ সিং উপস্থিত থাকে।
এই সন্মান গ্ৰহণ কৰি শ্ৰী ৰজনীকান্তে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে কয় যে পিছলৈ ঘূৰি চালে ৫০ বছৰ ১০ বা ১৫ বছৰ যেন লাগে, কাৰণ তেওঁ চিনেমা আৰু অভিনয় ভাল পায়। ছুপাৰষ্টাৰগৰাকীয়ে কয়, ‘১০০টা জন্ম হ’লেও মই ৰজনীকান্ত হিচাপে জন্ম ল’ব বিচাৰিম।
এই অনুষ্ঠানৰ জৰিয়তে আইএফএফআই ২০২৫-এ এনে এজন সাংস্কৃতিক আইকনক সন্মান জনায়, যাৰ শিল্পকৰ্মই ভাষা আৰু সীমা অতিক্ৰম কৰি চলচ্চিত্ৰ নিৰ্মাতা আৰু দৰ্শকক একেদৰেই অনুপ্ৰাণিত কৰিছে। চিনেমাত সোণালী জয়ন্তী অতিক্ৰম কৰা শ্ৰী ৰজনীকান্তৰ বাবে ব্যক্তিগত মাইলৰ খুঁটি হিচাপেই নহয় ভাৰতীয় জনপ্ৰিয় সংস্কৃতি গঢ় দিয়াত চিনেমাৰ পৰিৱৰ্তনশীল শক্তিৰ প্ৰমাণ হিচাপেও ধৰা দিছে।
For more information, click on:
IFFI Website: https://www.iffigoa.org/
PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/
PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji
* * *
PIB IFFI CAST AND CREW | Ritu Shukla/Sreeshma K/Darshana Rane | IFFI 56 – 112DB
रिलीज़ आईडी:
2196196
| Visitor Counter:
5