iffi banner

ফ্ৰেমৰ মাজেৰে এক যাত্ৰা: চাক্ষুষ কাহিনী কোৱাৰ কলা উন্মোচন

প্ৰতিটো ফ্ৰেমত আৱেগ বিচাৰি উলিওৱাৰ ওপৰত গুৰুত্ব আৰোপ ৰবি বৰ্মনৰ

ৰবি বৰ্মনৰ সৈতে মত-বিনিময় অনুষ্ঠানঃ প্ৰতিটো ফ্ৰেমৰ ভিতৰত দৰ্শন অন্বেষণ

“থ্ৰু দ্য লেন্সঃ ক্ৰাফ্টিং ইমোচন ইন এভৰী ফ্ৰেম” নামৰ এই অনুষ্ঠানটো এক অন্তৰংগ আৰু মত-বিনিময়মূলক অনুষ্ঠান হিচাপে পৰিগণিত হয়। এই অনুষ্ঠানত চিত্ৰনাট্যকাৰ ৰবি বৰ্মন আৰু পৰিচালক চলচ্চিত্ৰ নিৰ্মাতা সঞ্জীৱ শিৱানে আঁতধৰা অনুষ্ঠানটো এক কৌতূহলপূৰ্ণ হৈ পৰে। ইয়াৰ পৰা দৰ্শকে যিটো পালে, সেয়া কেৱল কৌশলগত পাঠ্যক্ৰম নাছিল, বৰং ই আছিল অনুপ্ৰেৰণা, স্মৃতি আৰু নীৰৱ যুদ্ধৰ যাত্ৰা যিয়ে বৰ্মনৰ দৃশ্যমান জগতখনক আকৃতি প্ৰদান কৰিছিল। নিৰ্ভুল সততাৰ সৈতে তেওঁ তেওঁৰ প্ৰাৰম্ভিক সংগ্ৰামৰ পৰা আৰম্ভ কৰি তেওঁৰ ফ্ৰেমসমূহক সংজ্ঞায়িত কৰা শিল্পীসুলভতাৰ পথ অনুসৰণ কৰে। তেওঁ দৰ্শকক সোঁৱৰাই দিয়ে যে প্ৰতিটো ছবিৰ আঁৰত কাৰুশিল্প আৰু জীৱন দুয়োটাই থাকে।

এটা পৰিচয়েৰে ৰবি বৰ্মনে মতবিনিময় অনুষ্ঠান আৰম্ভ কৰে। অনুষ্ঠানত তেওঁ নিজৰ দীঘল নামটো চুটি কৰাৰ কথা কয় আৰু কেৱল বৰ্মন এটা শব্দ বহন কৰাৰ সিদ্ধান্ত লয়, যিটো তেওঁ এজন যোদ্ধা হোৱাৰ সৈতে জড়িত। ডাঙৰ-দীঘল হৈ থাকোঁতে মানুহে তেওঁক এজন মহান চিত্ৰশিল্পীৰ নাম লোৱাৰ বাবে প্ৰায়ে ঠাট্টা কৰিছিল, কিন্তু বহু বছৰ পিছত এজন শিশুৱে তেওঁক কৈছিল যে তেওঁৰ এখন ফ্ৰেম ৰবি বৰ্মনৰ চিত্ৰৰ দৰে দেখা গৈছিল, যিটো অপ্ৰত্যাশিত প্ৰমাণিতকৰণ আজি পৰ্যন্ত তেওঁৰ সৈতে আছে। সমালোচনাই তেওঁক কেতিয়াও আঘাত কৰা নাই বুলি তেওঁ কয়; ই কেৱল উন্নত সৃষ্টিৰ বাবে তেওঁৰ সংকল্পক শক্তিশালী কৰিছে।

তেওঁৰ আৰম্ভণি অতি কষ্টকৰ আছিল। সপ্তম শ্ৰেণীতে পঢ়া এৰি তেওঁ ভৱিষ্যত অনিশ্চয়তাৰে চেন্নাইত উপস্থিত হয়। তেওঁ তেওঁৰ প্ৰথমটো কেমেৰা ১৩০ টকাত কিনিছিল।সেইটো শিল্পীসুলভ উচ্চাকাংক্ষাৰ বাবে নহয়, কেৱল জীয়াই থাকিবলৈহে ক্ৰয় কৰিছিল। চলচ্চিত্ৰৰ সপোন লাহে লাহে বৃদ্ধি পাইছিল, পৰিস্থিতিৰ দ্বাৰা আকাৰ দিয়া হৈছিল। পিছলৈ তেওঁৰ আমেৰিকান ছিনিমেট'গ্ৰাফাৰছ ছ'চাইটিত যোগদান কৰাৰ আকাংক্ষা গঢ় লৈ উঠে, তেওঁ শিল্পত ডাঙৰ হোৱাৰ লগে লগে স্বাভাৱিকভাৱে ৰূপ লয়। ২০২২ চনত তেওঁ এই সাফল্য অৰ্জন কৰে। এই সাফল্যই তেওঁৰ নিৰন্তৰ প্ৰচেষ্টা, অনুশাসন আৰু কামৰ প্ৰতি দায়বদ্ধতাক প্ৰতিফলিত কৰে।

চলচ্চিত্ৰ জগতত তেওঁৰ প্ৰৱেশৰ পথটো বহু দূৰৈৰ কথা। যেতিয়া তেওঁ চেন্নাইত উপস্থিত হৈছিল, চলচ্চিত্ৰ নিৰ্মান তেওঁৰ সপোন নাছিল, জীয়াই থকাটোহে তেওঁৰ সপোন আছিল। তেওঁ প্ৰায়ে ৰে'ল ষ্টেচনত শুইছিল আৰু তেওঁৰ চৌপাশৰ জগতৰ পৰ্যবেক্ষণ প্ৰশিক্ষণৰ তুলনাত প্ৰয়োজনীয়তাৰ দ্বাৰা চিহ্নিত কৰিছিল। স্কুললৈ দীঘলীয়া যাত্ৰা, ৰে'লৰ চলাচল, দৈনন্দিন কাম-কাজত ব্যস্ত থকা মানুহবোৰ, এই সকলোবোৰেই তেওঁৰ দৃষ্টিশক্তিৰ প্ৰথম বীজ হৈ পৰিছিল। টলষ্টয়ৰ "যুদ্ধ আৰু শান্তি" ৰচনাখনে তেওঁৰ কল্পনাশক্তি উত্তেজিত কৰি তোলে, পনিয়িন চেলভানত যুদ্ধৰ দৃশ্যৰ অনুপ্ৰেৰণা যোগায়। মাদুৰাইৰ হোলীৰ ৰঙে ৰামলীলাত হোলীৰ দৃশ্যক আকৃতি প্ৰদান কৰিছিল। তেওঁ ভাল পোৱা প্ৰভাতৰ কোমল পোহৰে বৰ্ফীৰ দৃশ্যবোৰক সুক্ষ্ম কৰি তোলে।

মত বিনিময়ৰ সময়ত, ৰবি বৰ্মনে পোহৰৰ কথা এটা সঁজুলি হিচাপে নহয়, কিন্তু আৱেগিক কম্পাছ বুলি অভিহিত কৰে। "কোনো বেয়া পোহৰ নাই", তেওঁ ক'লে। কেৱল মগজুৱেহে সিদ্ধান্ত ল'ব পাৰে। তেওঁৰ মতে, পোহৰৰ স্থায়িত্ব নিয়ন্ত্ৰণৰ পৰা নহয়, বৰঞ্চ স্ক্ৰিপ্টটো পঢ়াৰ পৰাহে জন্ম হয়, যেতিয়ালৈকে ই ইয়াৰ আভ্যন্তৰীণ উষ্ণতা প্ৰকাশ নকৰে। কাৰিকৰী পছন্দসমূহ তেওঁৰ ওচৰত স্বতঃস্ফূৰ্তভাৱে আহে। এইবোৰ অতিৰিক্ত ভাৱনাৰ পৰিৱৰ্তে প্ৰবৃত্তিৰ দ্বাৰা গঠিত।

***

For more information, click on:

IFFI Website: https://www.iffigoa.org/

PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/

PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji

 

* * *

PIB IFFI CAST AND CREW | Ritu Shukla/Santhosh Venkataraman/Nikhitha A S/Darshana Rane | IFFI 56 - 073


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2196192   |   Visitor Counter: 14