iffi banner

৫৬ সংখ্যক আইএফএফআই-ত চলচ্চিত্ৰ সমালোচকৰ বিৱৰ্তনশীল ভূমিকাক লৈ আলোচনা

চলচ্চিত্ৰ প্ৰদৰ্শনৰ আহৰি পৰত অনুষ্ঠিত কৰা হয় “বিয়ণ্ড দ্য থাম্ব – ডি ৰোল অব ফিল্ম ক্ৰিটিক: এ গেটকীপাৰ, এন ইনফ্লুৱেঞ্চাৰ অৰ ছামথিং এলছ?” শীৰ্ষক ঘূৰণীয়া মেজমেল

গোলকীয় চলচ্চিত্ৰ পৰিৱেশ তন্ত্ৰত চলচ্চিত্ৰ সমালোচক, সাংবাদিক আৰু পৰ্যালোচকসকলে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাক পুনৰ দৃঢ় কৰি ভাৰতৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ত “বিয়ণ্ড দ্য থাম্ব – দ্য ৰোল অব এ ফিল্ম ক্ৰিটিক: এ গেটকীপাৰ, এন ইনফ্লুয়েন্সাৰ অৰ ছামথিং এলছ?” শীৰ্ষক এখন ঘূৰণীয়া মেজমেলৰ আয়োজন কৰা হয়। ডিজিটেল হস্তক্ষেপ, ছ’চিয়েল-মিডিয়াৰ প্ৰভাৱ, আৰু দ্ৰুত বিষয়বস্তুৰ ব্যৱহাৰৰে সংজ্ঞায়িত যুগত চলচ্চিত্ৰ সমালোচনাৰ পৰিৱৰ্তিত পৰিৱেশ অন্বেষণ কৰিবলৈ এই অধিৱেশনত সমগ্ৰ বিশ্বৰ বিখ্যাত সমালোচকসকলক সমবেত কৰা হয়।

ডেভিড আব্বাটেচিয়ানীয়ে আঁত ধৰা এই আলোচনাত বিশিষ্ট চলচ্চিত্ৰ সমালোচক বাৰ্বাৰা লৰে ডি লাচাৰিয়েৰ, দীপা গেহলট, সুধীৰ শ্ৰীনিবাসন, মেঘচন্দ্ৰ কংবাম, এলিজাবেথ কেৰ, আৰু বাৰাদ্বাজ ৰংগনে অংশগ্ৰহণ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/4-1NPI7.jpg

আলোচনাৰ আৰম্ভণিতে ডেভিড আবাটেচিয়ানিয়ে সাম্প্ৰতিক সময়ত চলচ্চিত্ৰ সমালোচনাৰ পুনৰ সংজ্ঞা দিয়া নাটকীয় পৰিৱৰ্তনসমূহত আলোকপাত কৰে। মূলসুঁতিৰ বাণিজ্যিক ছবিৰ সমালোচকৰ প্ৰসংগত বেছি নিৰ্ভৰ নকৰিও তেওঁ লক্ষ্য কৰে যে স্বতন্ত্ৰ আৰু নৱাগত চলচ্চিত্ৰ নিৰ্মাতাসকলে চিন্তাশীল, বিশ্বাসযোগ্য সমালোচনাক গভীৰভাৱে গুৰুত্ব দিয়ে। ১ লাখ ৫০ হাজাৰৰো অধিক অনলাইন প্ৰকাশনৰ যুগত সম্পাদকীয় নিয়ন্ত্ৰণৰ অভাৱ আৰু সমালোচনাত্মক বক্তৃতাৰ ক্ৰমাৎ খণ্ডিতকৰণ সন্দৰ্ভতো তেওঁ উদ্বেগ প্ৰকাশ কৰে। ডেভিড এবাটেচিয়ানিয়ে সঁকীয়াই দিয়ে যে এআই-সৃষ্ট বিষয়বস্তু বৃদ্ধি পোৱাৰ মুহূৰ্তত ভৱিষ্যতে সমালোচনাই “বিপজ্জনক পথ”ৰ সন্মুখীন হ’ব পাৰে।

সমালোচকসকলে কৌতুহল বৃদ্ধি কৰিব লাগিব” – বাৰ্বাৰা লৰে ডি লাচাৰিয়েৰ

বাৰ্বাৰা লৰে ডি লাচাৰিয়েৰে কয় যে এগৰাকী সমালোচকৰ প্ৰধান ভূমিকা হল চিনেমা আৰু দৰ্শকৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰা, যিয়ে দৰ্শকক মূলসুঁতিৰ বাহিৰৰ ছবি আৱিষ্কাৰ কৰাত সহায় কৰে। ইউৰোপীয় আলোচনীৰ বাবে ভাৰতীয় আঞ্চলিক চিনেমা আৰু তুৰ্কী নিউ ৱেভ ছবি সন্দৰ্ভত বিস্তৃতভাৱে লিখা তেওঁ কম পৰিচিত চিনেমাক বিস্তৃতত পৰিসৰৰ দৰ্শকৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰতি তেওঁৰ আবেগক গুৰুত্ব আৰোপ কৰিছিল। ফ্ৰান্সৰ পৰা অহা গৱেষণাৰ তথ্য উল্লেখৰে ৮০% চিনেমা লেখকে নিজৰ জীৱিকাৰ বাবে কেৱল সমালোচনাৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ প্ৰিন্টৰ স্থান সংকুচিত হোৱা আৰু ডিজিটেল প্লেটফৰ্মলৈ স্থানান্তৰক ডাঙৰ প্ৰত্যাহ্বান হিচাপে অভিহিত কৰে। ব্যক্তিগত ব্ৰেণ্ডিঙৰ ক্ষেত্ৰত ক্ৰমাৎ গুৰুত্ব দিয়াৰ কথাও তেওঁ মন্তব্য কৰে, ত সমালোচকসকল নিজেই সামগ্ৰীহৈ পৰে, বিশেষকৈ কম বয়সীয়া দৰ্শকৰ বাবে।

https://static.pib.gov.in/WriteReadData/userfiles/image/4-2GNHJ.jpg

গণতন্ত্ৰই সমালোচনা নহয়, অনুৰাগীকহে উত্সাহিত কৰে” – দীপা গেহলট

দীপা গহলোটে প্ৰশ্ন উত্থাপন কৰে যে ছবিৰক্ষেত্ৰখন চলি থকা গণতান্ত্ৰিককৰণ এক আশীৰ্বাদ, নে অশান্তি। তেওঁকীয়াই দি কয় যে আজিৰ অনলাইন সমালোচনাৰ বহুখিনিয়েই হৈছে অনুৰাগীৰ প্ৰশংসা, গভীৰতাৰ অভাৱ, আৰু প্ৰৱেশ ভিত্তিক প্ৰভাৱৰ গঢ় লোৱা, ত কিছুমান পৰ্যালোচকক প্ৰকৃত বিশ্লেষণ অবিহনে ৰেটিং দিবলৈ ধন দিয়া হয়। অটিটি প্লেটফৰ্মসমূহত দৰ্শকে চিনেমাক ক্ৰমাগতভাৱে উপভোগ কৰাৰ লগে লগে তেওঁ চিনেমাৰ সমৃদ্ধি আৰু কলাৰ প্ৰশংসা তৰল হৈছে বুলি ধাৰণা প্ৰকাশ কৰে

https://static.pib.gov.in/WriteReadData/userfiles/image/4-31DYU.jpg

ডিজিটেললৈ স্থানান্তৰিত হোৱাটোৱেই হৈছে আটাইতকৈ নাটকীয় পৰিৱৰ্তন সুধীৰ শ্ৰীনিবাসন

সুধীৰ শ্ৰীনিবাসনে ছপা মাধ্যমৰ পৰা ডিজিটেল মাধ্যমলৈ পৰিৱৰ্তনক আটাইতকৈ ৰূপান্তৰণশীল পৰিৱৰ্তন হিচাপে আলোকপাত কৰে। লিখাৰ পৰা চুটি ভিডিঅসমালোচনা প্ৰস্তুত কৰালৈ গতি কৰি তেওঁ স্বীকাৰ কৰে যে দৰ্শকসকলৰ নিয়োজিত হোৱাৰ অভ্যাস বিকশিত হৈছে, কিন্তু সমালোচনাৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী অপৰিৱৰ্তিত হৈ আছে বুলি মন্তব্য কৰেতেওঁ নৈতিক অৱনতিৰ উদ্বেগক প্ৰতিহত কৰি উল্লেখ কৰে যে ইয়াৰ পূৰ্বে মুষ্টিমেয় শক্তিশালী মিডিয়া হাউছ-য়ে সমালোচনাৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰিছিল যদিও আজিৰ হাজাৰটা সৰু সৰু কণ্ঠস্বৰ”-য়ে পৰিৱেশ তন্ত্ৰক অধিক গণতান্ত্ৰিক কৰি তুলিছে। তেওঁ বিশ্বাস প্ৰকাশ কৰে যে দৰ্শকে প্ৰকৃত আৰু পৃষ্ঠপোষকতা কৰা পৰ্যালোচনাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিব পাৰে।

চলচ্চিত্ৰ সংস্কৃতিৰ বিষয়ে আমাক অধিক সজাগতাৰ প্ৰয়োজন” – মেঘচন্দ্ৰ কংবাম

FIPRESCI (The International Federation of Film Critics)ক প্ৰতিনিধিত্ব কৰি মেঘচন্দ্ৰ কংবামে চলচ্চিত্ৰ সংস্কৃতিক প্ৰসাৰিত কৰাৰ লগতে মাধ্যমটোৰ বিষয়ে জনসাধাৰণৰ বুজাবুজি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। গণতন্ত্ৰই কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি মানি ললেও তেওঁ যুক্তি দি কয় যে স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে এতিয়াও দৰ্শকৰ ওচৰলৈ যাবলৈ সমালোচকৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। তেওঁ উল্লেখ কৰে যে ভাৰত চৰকাৰে ছবিক সৃষ্টিশীল অৰ্থনীতিৰ অংশ হিচাপে স্বীকৃতি দিয়াৰ লগে লগে চলচ্চিত্ৰ সমালোচনা সম্পৰ্কীয় আনুষ্ঠানিক সন্মিলনসমূহ মূল্যৱান হৈ উঠিব।

সমালোচকসকলে নিজৰ কণ্ঠ নিজেই বিচাৰিব লাগিব” – এলিজাবেথ কেৰ

এলিজাবেথ কেৰে প্লেটফৰ্মৰ উত্থান আৰু তাৰ ফলত কন্টেন্টৰ চাহিদাৰ বৈচিত্ৰ্য সন্দৰ্ভত আলোকপাত কৰে। বিভিন্ন সম্পাদকীয় অগ্ৰাধিকাৰ থকা একাধিক আউটলেট-ৰ লেখিকা হিচাপে তেওঁ সমালোচকসকলে নিজৰ সুকীয়া কণ্ঠ, শৈলী আৰু দৰ্শক গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰেপ্ৰায়ে বিতৰকসকলে নিযুক্তি দিয়া আৰু স্বাভাৱিকতে ইতিবাচক সমালোচনা কৰা, মূল অভিমত প্ৰদানকৰোতা নেতা (কে অএল) সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি তেওঁ সাম্প্ৰতিক সময়ত ইয়াক এক উল্লেখযোগ্য নৈতিক প্ৰত্যাহ্বান বুলি অভিহিত কৰে। তেওঁ সমালোচকসকলক ছবিৰ নিজৰ চৰ্তত মূল্যায়ন কৰিবলৈ আহ্বান জনায় আৰু বৃহত্তৰ গুণৱলীৰ স্বাৰ্থত কোনো কামকোটা ত্ৰুটিৰ বাবেই উলাই কৰাটো এৰাই চলিবলৈ আহ্বান জনায়।

https://static.pib.gov.in/WriteReadData/userfiles/image/4-4PCGC.jpg

ডিজিটেল মাধ্যমৰ অংশগ্ৰহণমূলক সংস্কৃতিৰ ওপৰত বাৰাদ্বাজ ৰঙান

বাৰাদ্বাজ ৰংগনে ২০০০ চনৰ আৰম্ভণিৰ হোৱা তেওঁৰ ছপা, ডিজিটেল, আৰু ব্লগিঙৰ যাত্ৰা সম্পৰ্কে উল্লেখ কৰে আৰু  ডিজিটেল মাধ্যমে তৎক্ষণাত প্ৰতিক্ৰিয়া আৰু অংশগ্ৰহণমূলক সংস্কৃতিৰ প্ৰৱৰ্তন কৰাৰ কথা উল্লেখ কৰে, যাৰ ফলত সমালোচনাত্মক কণ্ঠৰ সংখ্যা আমূলভাৱে বৃদ্ধি পোৱাৰ লগতে পৰম্পৰাগত গেটকীপাৰ-ৰ প্ৰভাৱ হ্ৰাস পাবলৈ লৈছে বুলি অভিমত ব্যক্ত কৰেপিচে, প্ৰতিযোগিতা বৃদ্ধি পোৱাৰ লগে লগে এতিয়া সমালোচকসকলে ছবি এখন মুক্তি পোৱাৰ লগে লগে সমালোচনা প্ৰকাশ কৰাৰ হেঁচাত পৰিব লগা হৈছেযিটো দেওবাৰৰ পৰ্যালোচনা স্তম্ভৰ পূৰ্বৰ প্ৰথাৰ সৈতে তীব্ৰ বিপৰীত বুলিও তেওঁ মন্তব্য কৰেতেওঁ পলিন কেল আৰু ৰজাৰ এবাৰৰ্টৰ উদাহৰণ দি কয় যে আগৰ যুগবোৰে সমালোচকসকলক সাংস্কৃতিক কথোপকথন গঢ় দিবলৈ কেনেকৈ অধিক সময় আৰু স্থান দিছিল। আজি তেওঁ যুক্তি দি কয় যে সমালোচকসকলে জনসাধাৰণৰ, বিশেষকৈ জেন জেড-য়ে চাঞ্চল্যকৰ, দ্ৰুতগতিত চলি থকা বিষয়বস্তুক অধিক পছন্দ কৰাৰ বাবে, প্ৰতিক্ৰিয়াৰ আশা কৰাৰ গেমিং দিশটোনেভিগেট কৰিব লাগিব।

 

ডিজিটেল আৰু গণতান্ত্ৰিক পৰিৱেশত চলচ্চিত্ৰ সমালোচনাৰ ক্ৰমগত বিকাশ অব্যাহত থকাৰ লগে লগে পেনেলিষ্টসকলে সামূহিকভাৱে প্ৰামাণ্যতা, গভীৰতা, সমালোচনাত্মক স্বাধীনতা আৰু অভিযোজন ক্ষমতাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। ঘূৰণীয়া মেজমেলখনে পুনৰ দৃঢ়তাৰে কয় যে শৈলী আৰু দৰ্শক সলনি হ’ব পাৰে যদিও সমালোচনাৰ সাৰমৰ্ম—চিনেমাৰ কলাৰ সৈতে চিন্তাশীলভাৱে জড়িত হোৱা—চলচ্চিত্ৰ পৰিৱেশ তন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈয়েই আছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/4-560GR.jpg

 

আই এফ এফ আই-ৰ বিষয়ে

১৯৫২ চনত শুভাৰম্ভ কৰা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-য়ে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমা উদযাপন হিচাপে প্ৰসিদ্ধি লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, গোৱা ৰাজ্য চৰকাৰৰ বিনোদন সমিতি (ই এছ জি) তথা গোৱা চৰকাৰে যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱখন এক গোলকীয় চলচ্চিত্ৰৰ শক্তিকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী সম্পৰীক্ষাৰ সন্মুখীন হয়, আৰু কিংবদন্তি শিল্পীসকলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা নিৰ্ভীকসকলৰ সৈতে একেটা স্থানতে সমবেত হয়। আইএফএফআই-ক সঁচাকৈয়ে জিলিকাই তোলা কথাটো হ’ল  ইয়াৰ সৈতে অনুষ্ঠিত কৰা  আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিসমৃদ্ধ WAVES ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি তথা সহযোগিতাসমূহে ডেউকা মেলে। ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ অতুলনীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন হিচাপে চমক সৃষ্টি কৰিব পৰা— ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক বৰ্ণালীৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

For more information, click on:

IFFI Website: https://www.iffigoa.org/

PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/

PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji

 

* * *

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/oct/ph20241021420201.pngPIB IFFI CAST AND CREW | Ritu Shukla/Sangeeta Godbole/Sriyanka Chatterjee/Darshana Rane | IFFI 56 – 085?KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2195835   |   Visitor Counter: 13